চাইনীজ মাস্ক চেঞ্জিং
এক্ট বা
বিয়ান লিয়ান
(Bian Lian) চীন দেশৰ চিছুৱান প্ৰদেশৰ এক
পুৰণি জনপ্ৰিয়
গীতি-নাট্য|
বিয়ান লিয়ানৰ
আক্ষৰিক অৰ্থ হ’ল মুখা সলোৱা| বৰ্তমান
সময়তো চীন দেশৰ বৈভৱ বুলি গণ্য কৰা এই কলাবিধ অতি কঠিন আৰু গুপুত| সেয়হে কিছুসংখ্যক লোকহে এই কলাবিধত
পাৰ্গত| বিয়ান
লিয়াল প্ৰদৰ্শনৰ
বাবে প্ৰয়োজন
হয় অসীম
ধৈৰ্য্য, বিশেষ
পাৰদৰ্শিতা আৰু মজগুৰ কচৰত্| কোকলোঙাই
নিজৰ বৰণ
সলোৱাৰ দৰে
এই কলা
প্ৰদৰ্শনকাৰীয়ে নৃত্যৰ ছন্দত হাতখন মুখমণ্ডলৰ সম্নুখত
অগা-দেৱা কৰি আৰু মূৰটো বিশেষ ভমগিমাত লৰাই তেওঁলোকে পিন্ধি থকা মুখাবোৰ
সলনি কৰে|
ঠিক যাদুকৰ
এজনে আমাৰ
চকুৰ আগত
এখিলা কাগজৰ
পৰা ভিন্নৰঙী
ৰিবন উলিওৱাৰ
দৰেই এই
কলা| অতি
ক্ষীপ্ৰভাৱে সলোৱা এই মুখাবোৰে নৃত্যৰত
চৰিত্ৰতোৰ খং, মৰম, দুখ, অভিমান
আদি ভাব
প্ৰকাশ কৰে| সেউজীয়া ৰঙৰ
মুখাই ভয়,
ৰঙাই উদ্বিগ্নতা,
হালধীয়াই জীৰণি,
মুগা ৰঙে
এলাহ, ক’লাই পৃথক
আৰু সোনালী
ৰঙৰ মুখাই
খঙৰ প্ৰতীক
বহন কৰে|
প্ৰাপ্ত তথ্য অনুসৰি
কিং সাম্ৰাজ্যৰ
শাসক কিয়ানলং (Qing dynasty emperor
Qianlong)ৰ শাসনকালত চিছুৱান অপেৰাত প্ৰথমবাৰৰ
বাবে মাস্ক
চেঞ্জিং এক্ট দেখুওৱা হৈছিল|
মহিলাসকলক যিহেতু বিয়া দি ঘৰৰ
পৰা বিদায়
দিয়া হৈছিল,
সেয়েহে অকল
পুৰুষসকলে এই কলা শিকিব পাৰিছিল|
এই কলা
জনা নতুন
কুশলী বা
দল গঠন
হোৱাৰ ভয়ত
কলা বিধৰ শিক্ষাৰ ব্যৱস্থা
সীমিত কৰা হৈছিল| বৰ্তমান সেই
প্ৰেক্ষাপত সলনি হৈছে আৰু বিয়ান
লিয়ান প্ৰদৰ্শনকাৰী বহুতো ভাল
মহিলা কুশলী
ওলাইছে|
মাস্ক চেঞ্জিং এক্ট কেনেধৰণে
কৰা হয়:-
বিয়ান লিয়ান এক গুপুত কলা|
সেয়েহে ইয়াৰ
কুশলীসকলে কলাবিধ সহজলভ্য কৰিব বিছৰা
নাছিল| সেয়েহে বিয়ান
লিয়ানৰ আঁৰৰ ৰহস্য
ভেদ কৰা
সহজ নহয়|
মাত্ৰ বিয়ান
লিয়ান প্ৰদৰ্শনকৰ্তা
বা তেওঁৰ
দলটোৰ সদস্যসকলৰ
মাজতেই ইয়াৰ কৌশলবোৰ সীমাবদ্ব থাকে| এই গুপুত কলাবিধৰ কৌশল বৰ্তমান সময়তো সহজলভ্য নহয়
যদিও কিছু অনুসন্ধিত্সু লোকে
ইয়াৰ
ৰহস্য সামান্যভাৱে ফাদিল কৰিছে|
কেতিয়াবা প্ৰদৰ্শনকাৰীজনে
হাতৰ তলুৱাত
লৈ থকা
ক’লা, সোণালী নাইবা আন ৰঙৰ গুড়ি নৃত্যৰ চন্দত
কৌশলেৰে নিজৰ
মুখত চটিয়ায়|
যাৰবাবে মুখাখনত
এই ৰঙ
লাগি ধৰে
আৰু মুখাৰ
ৰঙ সলনি
হয়| এই
কলা প্ৰদৰ্শনৰ
কাৰণে কেতিয়াবা
ৰঙ ভৰ্তি
সৰু বাকচ
নাইবা পিয়লাও
ব্যৱহাৰ কৰে|
য’ত
নৃত্যৰ চন্দেৰে
পিয়লা বা
বাকচটোত ফুৱাই
ৰঙবোৰ নিজৰ
মুখত সিঁচৰিত কৰি লয়|
বিয়াল লিয়ান প্ৰদৰ্শনকাৰীয়ে
অতি কৌশলেৰে
তেওঁলোকৰ
মুঁচৰ
ৰঙ সলনি
কৰাও দেখা যায়| এই ব্যৱস্থাটোক বিয়াৰ্ড মেনিপুলেটিং (Facing Manipulating) বুলি কোৱা হয়|
কেতিয়াবা বিয়ান লিয়ান প্ৰদৰ্শনকৰ্তাই
‘ফেচ পুলিং’ (Face Pulling) নামৰ কলাৰ সহায় লয়| এই কলা
প্ৰদৰ্শনকৰ্তাই প্ৰথম অৱস্থাত বিভিন্ন ৰঙৰ
মুখা তেওঁলোকৰ মূৰৰ
ওপৰফালে লুকুৱাই
ৰাখে, যিবোৰ
কলা প্ৰদৰ্শনৰ
সময়ত হাতৰ
ঠাৰেৰে তললৈ
নমাই আনে|
এনেদৰে ইখনৰ
পিছত সিখন
মুখা সলনি
হোৱা দেখা
যায়|
আকৌ কেতয়াবা মাস্ক চেঞ্জিংৰ বাবে
কুশলীসকলে ‘ফেচ ড্ৰেগিং’ (Face Dragging) কলাৰ সহায় লয়| এই
কলাবিধৰ কাৰণে
গ্ৰীজপেইণ্ট (এবিধ বিশেষ নাট্য সজ্জা)ৰ প্ৰয়োজন
হয়| এই
গ্ৰীজপেইণ্টবোৰ গালৰ আশে-পাশে লগোৱা
থাকে, যিবোৰ
নাচৰ তালত
সলাব পাৰি|
ইয়াৰ ওপৰিও কিছুলোকে
মত পোষন
কৰে যে
বিয়ান লিয়ান
প্ৰদৰ্শনকৰ্তাই তেওঁলোকৰ পোচাকযোৰৰ লগত
মুখাবোৰ এক
বিশেষ কৌশলেৰে
বান্ধি ৰাখে|
প্ৰদৰ্শনৰ সময়ত মুখাবোৰৰ লগত বন্ধা
পাতল সুতাবোৰ
টানি মুখাবোৰ
সলাই|
মাস্ক চেঞ্জিংৰ কামটো সুবিধাজনক
কৰাৰ কাৰণে তেওঁলোকে মুখাবোৰ অতিশয় পাতলকৈ তৈয়াৰ কৰে,
যাতে এখন মুখাৰ ওপৰত আন এখন ভালদৰে ৰাখিব পৰা যায়| কাৰিকৰী
কলা যিমানেই
প্ৰয়োগ নকৰক
কিয়, এটা
কথা মনকৰিবলগিয়া
যে এই
কলা প্ৰদৰ্শনকাৰীসকল
প্ৰতিভাসম্পন্ন, অধ্যৱসায়ী আৰু উচ্চ প্ৰশিক্ষিত|
যিয়ে তেওঁলোকক এনে
এক কঠিন
কলা প্ৰদৰ্শন
কৰাত সহায়
কৰে|
পুৰণি কালত প্ৰদৰ্শনকাৰীসকলে
বহুত কম
মুখা সলাই
এই কলা
প্ৰদৰ্শন কৰিছিল
যদিও সময়ৰ
পৰিৱৰ্তন আৰু
অনুশীলনৰ ফলত
মুখাসলোৱাৰ পৰিমান বাঢ়ে| ১৯৯৪ চনত
প্ৰদৰ্শনকাৰীয়ে চাৰিখন মুখা সলাব
পাৰিছিল যদিও
তেওঁলোকৰ
অধ্যৱসায় গুণে
বৰ্তমান সময়ত
১৮ৰ পৰা ২০ খনলৈ মুখা সলাব
পৰা কৰিছে|
চিছুৱান অপেৰা শিক্ষক পেঙ ডেনঘুৱাই মাত্ৰ ২৫ চেকেণ্ডৰ ভিতৰত ১৪ খন মুখা সলাই গিনিজ
ৱৰ্ড্ল ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে|