চাইনীজ মাস্ক চেঞ্জিং এক্ট
চাইনীজ মাস্ক চেঞ্জিং এক্ট বা বিয়ান লিয়ান (Bian Lian) চীন দেশৰ চিছুৱান প্ৰদেশৰ এক পুৰণি জনপ্ৰিয় গীতি-নাট্য| বিয়ান লিয়ানৰ আক্ষৰিক অৰ্থ হ’ল মুখা সলোৱা| বৰ্তমান সময়তো চীন দেশৰ বৈভৱ বুলি গণ্য কৰা এই কলাবিধ অতি কঠিন আৰু গুপুত| সেয়হে কিছুসংখ্যক লোকহে এই কলাবিধত পাৰ্গত| বিয়ান লিয়াল প্ৰদৰ্শনৰ বাবে প্ৰয়োজন হয় অসীম ধৈৰ্য্য, বিশেষ পাৰদৰ্শিতা আৰু মজগুৰ কচৰত্| কোকলোঙাই নিজৰ বৰণ সলোৱাৰ দৰে এই কলা প্ৰদৰ্শনকাৰীয়ে নৃত্যৰ ছন্দত হাতখন মুখমণ্ডলৰ সম্নুখত অগা-দেৱা কৰি আৰু মূৰটো বিশেষ ভমগিমাত লৰাই তেওঁলোকে পিন্ধি থকা মুখাবোৰ সলনি কৰে| ঠিক যাদুকৰ এজনে আমাৰ চকুৰ আগত এখিলা কাগজৰ পৰা ভিন্নৰঙী ৰিবন উলিওৱাৰ দৰেই এই কলা| অতি ক্ষীপ্ৰভাৱে সলোৱা এই মুখাবোৰে নৃত্যৰত চৰিত্ৰতোৰ খং, মৰম, দুখ, অভিমান আদি ভাব প্ৰকাশ কৰে| সেউজীয়া ৰঙৰ মুখাই ভয়, ৰঙাই উদ্বিগ্নতা, হালধীয়াই জীৰণি, মুগা ৰঙে এলাহ, ক’লাই পৃথক আৰু সোনালী ৰঙৰ মুখাই খঙৰ প্ৰতীক বহন কৰে|
প্ৰাপ্ত তথ্য অনুসৰি কিং সাম্ৰাজ্যৰ শাসক কিয়ানলং (Qing dynasty emperor Qianlong)ৰ শাসনকালত চিছুৱান অপেৰাত প্ৰথমবাৰৰ বাবে মাস্ক চেঞ্জিং এক্ট দেখুওৱা হৈছিল| মহিলাসকলক যিহেতু বিয়া দি ঘৰৰ পৰা বিদায় দিয়া হৈছিল, সেয়েহে অকল পুৰুষসকলে এই কলা শিকিব পাৰিছিল| এই কলা জনা নতুন কুশলী বা দল গঠন হোৱাৰ ভয়ত কলা বিধৰ শিক্ষাৰ ব্যৱস্থা সীমিত কৰা হৈছিল| বৰ্তমান সেই প্ৰেক্ষাপত সলনি হৈছে আৰু বিয়ান লিয়ান প্ৰদৰ্শনকাৰী বহুতো ভাল মহিলা কুশলী ওলাইছে|
মাস্ক চেঞ্জিং এক্ট কেনেধৰণে
কৰা হয়:-
বিয়ান লিয়ান এক গুপুত কলা|
সেয়েহে ইয়াৰ
কুশলীসকলে কলাবিধ সহজলভ্য কৰিব বিছৰা
নাছিল| সেয়েহে বিয়ান
লিয়ানৰ আঁৰৰ ৰহস্য
ভেদ কৰা
সহজ নহয়|
মাত্ৰ বিয়ান
লিয়ান প্ৰদৰ্শনকৰ্তা
বা তেওঁৰ
দলটোৰ সদস্যসকলৰ
মাজতেই ইয়াৰ কৌশলবোৰ সীমাবদ্ব থাকে| এই গুপুত কলাবিধৰ কৌশল বৰ্তমান সময়তো সহজলভ্য নহয়
যদিও কিছু অনুসন্ধিত্সু লোকে
ইয়াৰ
ৰহস্য সামান্যভাৱে ফাদিল কৰিছে|
কেতিয়াবা প্ৰদৰ্শনকাৰীজনে
হাতৰ তলুৱাত
লৈ থকা
ক’লা, সোণালী নাইবা আন ৰঙৰ গুড়ি নৃত্যৰ চন্দত
কৌশলেৰে নিজৰ
মুখত চটিয়ায়|
যাৰবাবে মুখাখনত
এই ৰঙ
লাগি ধৰে
আৰু মুখাৰ
ৰঙ সলনি
হয়| এই
কলা প্ৰদৰ্শনৰ
কাৰণে কেতিয়াবা
ৰঙ ভৰ্তি
সৰু বাকচ
নাইবা পিয়লাও
ব্যৱহাৰ কৰে|
য’ত
নৃত্যৰ চন্দেৰে
পিয়লা বা
বাকচটোত ফুৱাই
ৰঙবোৰ নিজৰ
মুখত সিঁচৰিত কৰি লয়|
বিয়াল লিয়ান প্ৰদৰ্শনকাৰীয়ে অতি কৌশলেৰে তেওঁলোকৰ মুঁচৰ ৰঙ সলনি কৰাও দেখা যায়| এই ব্যৱস্থাটোক বিয়াৰ্ড মেনিপুলেটিং (Facing Manipulating) বুলি কোৱা হয়|
কেতিয়াবা বিয়ান লিয়ান প্ৰদৰ্শনকৰ্তাই ‘ফেচ পুলিং’ (Face Pulling) নামৰ কলাৰ সহায় লয়| এই কলা প্ৰদৰ্শনকৰ্তাই প্ৰথম অৱস্থাত বিভিন্ন ৰঙৰ মুখা তেওঁলোকৰ মূৰৰ ওপৰফালে লুকুৱাই ৰাখে, যিবোৰ কলা প্ৰদৰ্শনৰ সময়ত হাতৰ ঠাৰেৰে তললৈ নমাই আনে| এনেদৰে ইখনৰ পিছত সিখন মুখা সলনি হোৱা দেখা যায়|
আকৌ কেতয়াবা মাস্ক চেঞ্জিংৰ বাবে কুশলীসকলে ‘ফেচ ড্ৰেগিং’ (Face Dragging) কলাৰ সহায় লয়| এই কলাবিধৰ কাৰণে গ্ৰীজপেইণ্ট (এবিধ বিশেষ নাট্য সজ্জা)ৰ প্ৰয়োজন হয়| এই গ্ৰীজপেইণ্টবোৰ গালৰ আশে-পাশে লগোৱা থাকে, যিবোৰ নাচৰ তালত সলাব পাৰি|
ইয়াৰ ওপৰিও কিছুলোকে মত পোষন কৰে যে বিয়ান লিয়ান প্ৰদৰ্শনকৰ্তাই তেওঁলোকৰ পোচাকযোৰৰ লগত মুখাবোৰ এক বিশেষ কৌশলেৰে বান্ধি ৰাখে| প্ৰদৰ্শনৰ সময়ত মুখাবোৰৰ লগত বন্ধা পাতল সুতাবোৰ টানি মুখাবোৰ সলাই|
মাস্ক চেঞ্জিংৰ কামটো সুবিধাজনক কৰাৰ কাৰণে তেওঁলোকে মুখাবোৰ অতিশয় পাতলকৈ তৈয়াৰ কৰে, যাতে এখন মুখাৰ ওপৰত আন এখন ভালদৰে ৰাখিব পৰা যায়| কাৰিকৰী কলা যিমানেই প্ৰয়োগ নকৰক কিয়, এটা কথা মনকৰিবলগিয়া যে এই কলা প্ৰদৰ্শনকাৰীসকল প্ৰতিভাসম্পন্ন, অধ্যৱসায়ী আৰু উচ্চ প্ৰশিক্ষিত| যিয়ে তেওঁলোকক এনে এক কঠিন কলা প্ৰদৰ্শন কৰাত সহায় কৰে|
পুৰণি কালত প্ৰদৰ্শনকাৰীসকলে বহুত কম মুখা সলাই এই কলা প্ৰদৰ্শন কৰিছিল যদিও সময়ৰ পৰিৱৰ্তন আৰু অনুশীলনৰ ফলত মুখাসলোৱাৰ পৰিমান বাঢ়ে| ১৯৯৪ চনত প্ৰদৰ্শনকাৰীয়ে চাৰিখন মুখা সলাব পাৰিছিল যদিও তেওঁলোকৰ অধ্যৱসায় গুণে বৰ্তমান সময়ত ১৮ৰ পৰা ২০ খনলৈ মুখা সলাব পৰা কৰিছে| চিছুৱান অপেৰা শিক্ষক পেঙ ডেনঘুৱাই মাত্ৰ ২৫ চেকেণ্ডৰ ভিতৰত ১৪ খন মুখা সলাই গিনিজ ৱৰ্ড্ল ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে|
MBAৰ ক্ৰেছ ক’ৰ্ছ
হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত কলেজলৈ গৈ আছো| হঠাত্ এদিন বন্ধু এজনৰ ফোন আহিল "ঐ কি কৰি আছ’ এতিয়া? কাম-বনত লাগি গ’লি নেকি?"
চাকৰি বুলিবলৈ একো নাছিল যদিও ঘৰুৱা শিক্ষকতা কৰি নিজৰ পকেট খৰচতো উলিয়াই আছিলো| (মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰা পিছত চুবুৰীয়া আণ্টি কেইজনীয়ে এইটো চাকৰি দিবই-দিব|) বন্ধুজনে নিজৰ কথা ক’লে- কলেজত এডমিশ্যন লৈছে লগতে চাকৰি এটাও কৰি আছে| মই যিহেতু একপ্ৰকাৰ বেকাৰ সেয়েহে সি তাৰ লগতে চাকৰি এটা কৰাৰ কথা ক’লে|
পিছদিনা বন্ধুজনে এটা কম্পিউটাৰ ইনষ্টিটিউতলৈ লৈ গ’ল| ৬,৫০০ টকাৰে নাম ভৰ্তি
কৰি ছমহীয়া কম্পিউটাৰৰ ক’ৰ্ছ
এটা কৰিব লাগে| মই যিমানে নতুন শিক্ষাৰ্থী প্ৰতিষ্ঠানলৈ আনি এডমিশ্যন দিয়াব পাৰো সিমানে
মোৰ লাভ| আনহাতে সেইটো প্ৰতিষ্ঠানৰ কিবা ফুড প্ৰডাক্টো আছে| প্ৰতিষ্ঠানটোৰ অন্তৰ্গত
শিক্ষাৰ্থীসকলে কিনিলে ৰেহাই পাব, লগতে আনক বিক্ৰী কৰি কমিচন পোৱাৰ সু-ব্যৱস্থাও আছে|
LIC এজেণ্টৰ লেখিয়া ‘কামোৰ’
দিব পৰা কেপাচিটি নাই| সেই চাকৰি তাতেই শেষ হ’ল|
কলেজত চিনাকী হোৱা আন এজন বন্ধুই পুনৰ চাকৰিৰ কথা ক’লে| নতুন বন্ধুই কেনেধৰণৰ
চাকৰি নকয়| মাত্ৰ ৰবিবাৰে লতাশিলস্থিত বিষ্ণু-নিৰ্মলা ন্যাসত হ’বলগীয়া ছেমিনাৰ এখনত
অংশগ্ৰহণ কৰিব দিলে| হাজাৰ হ’লেও
চাকৰি এটাৰ অতীব প্ৰয়োজন| ছেমিনাৰত অংশগ্ৰহণ কৰিলো| আগতে দেখি অহা দৃশ্যৰ পুনৰাবৃত্তি
ঘটিল| তেওঁলোকৰ মাজৰে সফল চাকৰিয়াল(?) এজনে তেওঁৰ সফল কাহিনী শুনালে "মোৰ আগতে
একোৱেই নাছিল| দেউতাৰ টকাৰে চলিবলগীয়া হৈছিল| ইয়াত জইন কৰাৰ পিছত দুটাকৈ ব্লেকবেৰী
ফোনৰ লগতে এখন বাইক কিনিব পৰা হ’লো|..."
ঠিক যেন দূৰদৰ্শনত দিয়া ধন-লক্ষ্মী যন্ত্ৰ্ৰৰ বিজ্ঞাপন|
পিছদিনা বন্ধুই কলেজত সুধিলে- "কালি ছেমিনাৰ কেনে পালি? ফৰ্ম আনিছোৱেই|
জইন কৰিবি নহয়?" এনেধৰণৰ চেইন চিষ্টেম ব্যৱসায়ৰ কথা আগতেও জানো| কৰা নাছিলো আৰু নকৰোঁ বুলি
চিধাই উত্তৰ দিলোঁ|
“হাৰে এইটো কেনেকৈ চেইন
চিষ্টেম? এইটো বাইনেৰী প্ৰচেচ হে”-
বুলি বন্ধুই ওভতি ধৰিলে|
কম্পিউটাৰ ইনষ্টিটিউত, এমৱে’, ইঞ্চুৰেঞ্চ কোম্পানি আদিৰ এজেন্টৰ পৰা যিমানখিনি অভিজ্ঞতা
আহৰণ কৰিলোঁ, কেতিয়াবা ভাবো MBA কৰিলে সু-খ্যাতিৰে পাছ কৰিলোহেতেঁন ছাগে| এই বিষয়ত
এটা ক্ৰেছ ক’ৰ্ছ ইতিমধ্যে আয়ত্ব কৰিছোঁৱেই|
মেকুৰি কাণ খোৱাৰ মজা
ল’ৰালি কালৰ
বেছিভাগ সময়
উজান-বজাৰস্থিত
ককাৰ ঘৰতে
কটাইছিলো| ৰাতিপুৱা সোনকালে উঠি বেলিভিউ
হোটেলৰ ফালৰ
পৰা কাছাৰীলৈ
এবাৰ ফুৰিবলৈ
যোৱাতো এটা
ধৰা-বন্ধা
নিয়ম আছিল|
যিটো আমি
(খুড়াৰ ল’ৰা, ককা,
মই আৰু
মোৰ ভাইটিয়ে)
কেতিয়াও পাহৰা
নাছিলোঁ| ব্ৰহ্মপুত্ৰৰ
পাৰৰ ভি.
আই. পি.
ৰোডটোৰে ৰাতিপুৱা
ফুৰিবলৈ যোৱাৰ
এক সুকীয়া
আনন্দ আছিল|
ফুৰি অহাৰ পিছত
আমি প্ৰায়ে
বজাৰৰ পৰা
’মেকুৰি কাণ’
কিনি আনি
খাইছিলোঁ| ১০-২০ টকাৰ মেকুৰি
কাণ আনিলে
আমি ৫-৬ জনে
আৰামেৰে খাব
পাৰিছিলোঁ| ৰ’ৱ, মেকুৰি কাণ
মানে সঁচাকৈ
মেকুৰি কাণ
খোৱাৰ কথা
কোৱা নাই|
মেকুৰি কাণ
প্ৰকৃততে এক
প্ৰকাৰৰ লুচি
–চব্জি| মেকুৰিৰ
কাণৰ দৰে
সৰু-সৰু
লুচিবোৰ আৰু
তাৰ লগৰ
আলু ভাজিখন
সচাকৈ লোভনীয়|
লুচিবোৰৰ আকৃতি
সাইলাখ মেকুৰি
কাণৰ দৰে
হোৱাৰ বাবে
দেউতা আৰু
ককাই খাদ্য
বিধৰ নাম
’মেকুৰি কাণ’
ৰাখিছিল|
মাৰোৱাৰী সম্প্ৰদায়ৰ লোকৰ
মিঠাইৰ দোকানখনৰ
মিঠাই বা
আন সুস্বাদু
আহাৰসমূহ আজিও
পাহৰিব নোৱাৰা|
Subscribe to:
Posts (Atom)
