সৰাপাতত আহিব ফাগুন, আবিৰৰ ৰঙ বিলাবলৈ...

অফিচৰ খিৰিকিখন খুলি বাহিৰলৈ চালোঁ। কংক্ৰীটৰ দালানবোৰৰ মাজত সগৰ্বেৰে ফুলি আছে এজোপা সুউচ্চ মদাৰ। সৰি পৰা ৰঙা মদাৰ ফুলৰ পাহিবোৰ নখৰ মূৰত গুজি নখকেইটা দেখুৱাই ফুৰা দিনবোৰ এতিয়া ফাগুনৰ ধূলিয়ৰী পৰিৱেশটোৰ দৰেই ধূসৰ। 

ফাগুন বৰ দুষ্ট। বতাহজাকৰ সৈতে ফাগুনৰ মিতিৰালি বহু আগৰ। বোৱাৰী কেইজনীয়ে সাৰি থোৱা চোতালখন পুনৰ সৰা পাতেৰে উপচাই পেলোৱাত বৰ পাকৈত। বতাহজাকৰ সৈতে বোৱাৰীকেইজনীক জোকাই ৰঙ চায় ফাগুনে।

কি ভাল পোৱা তুমি?

ফাগুন নে কবিতা?

কবিৰ কাব্যিক মনক অস্থিৰ কৰি তোলা ফাগুনী বতাহজাকে উৰুৱাব খোজে নৈৰ পাৰত পানী আনিব যোৱা গাভৰুৰ চাদৰ। মন উতনুৱা কৰা কৰা ফাগুন বহু গীতৰ বিষয়বস্তু।         

ফাগুনে আনে ৰঙৰ উত্সৱ। ফাকুৱাৰ ৰঙেৰে ৰঙীন চৌপাশে হোলী গীত গাই আপোন পাহৰা হোৱাৰ সময় আনে ফাগুনে। চেমনীয়া লৰাকেইটাই আবিৰ সনাৰ চলেৰে প্ৰেয়সীক এবাৰ নিচেই ওচৰৰ পৰা চুই চোৱাৰ সুবিধা দিয়ে ফাগুনে।    

পুৰণি পাতবোৰক বিদায় জনাই নতুনক আদৰাৰ প্ৰস্ততি চলাই ফাগুনে। শুকান অতীতক পাহৰি নতুন বসন্তক সম্ভাষন জনোৱাৰ এক অচিলা ফাগুন।