তিতানোট
দিনতো ইমান ৰ’দ দিলে, এতিয়া সন্ধিয়া আকৌ বৰষুণ| বতৰৰ লগত মানুহবোৰো সলনি হ’ল| ভিক্ষাও নোপোৱা হ’ল| দিনতোত মাত্ৰ ১০ টকাহে পালো| এতিয়া তাৰে আধা কিলো চাউল আনি সিজাও, পুৱালে আকৌ ওলাই ঘাম| নোট্খনৰ কথা মনত পৰোতেহে লক্ষ কৰিলো সেইখন তিতি আছে| এতিয়া দোকানলে গৈ একো লাভ নহ’ৱ| আজি শুদা পেটে ৰাতিটো কটাৱ লাগিব| মঙলবাৰে পেটুৱা দোকানীজনে কোৱা কথা কেইটা মোৰ কাণত বাজিবলৈ ধৰিলে “অই এই তিতানোট খন কোনে ল’ৱ? শুকান এখন দে আৰু চাউল নে? ন্হ’লে এক কাম কৰ ৰাতিটো ইয়াতে কতাই ঘা হা: হা:”
স্মাৰ্ট প্ৰেম
প্ৰেম এনড্ৰয়ড ফোনৰ দৰে হ’ল,
নতুন, সুবিধাজনক, দামী আৰু ৰঙীন হ’ল|আমিবোৰ গঞা আৰু ঢেকেৰাফুৰৰৰ!!!১১০০ মডেল আৰু কোনে চলায়?উফ! ৰক্ষা
২০০ টকীয়া জিনছৰ জেপত সোমাৱ নলগা হ’ল|পুজাত কিনা ’চেইয়া-চেইয়া’ গান গোৱা খেলনা মোবাইলটোনাই সেইবোৰ পুৰণা হ’ল|
প্ৰেম এনড্ৰয়ড ফোনৰ দৰে
হ’ল|
Subscribe to:
Posts (Atom)