ক’লা বগা দিনবোৰ

আমাৰ ঘৰত এটা লা-বগা টিভি আছিল| বৰ্তমান সময়ত তেনেই সাধাৰণ কথা যদিও সেইসময়ত (ইং ২০০০ চনৰ আগৰ কথা) আমাৰ বাবে এটা গৌৰৱৰ বিষয় আছিল| কিয়নো আমাৰ বৃহত্ অঞ্চলটোত সেইসময়ত কাৰো ঘৰত টিভি নাছিল| পৰৱৰ্তী সময়তো প্ৰথম ৰঙীন টিভি আমাৰ ঘৰতেই অনা হৈছিল যদিও পুৰণি লা-বগা টিভিতোৰ এক বিশেষ গুৰুত্ব আছিল| দেউতাই চাকৰি কৰি থকা সময়ত কিবা ফাৰ পাই কিনিছিল এমট্ৰনৰ লা-বগা টিভিতো| ঘৰখনৰ অমূল্য সম্পদ এই লা-বগা টিভিতো ওচৰ-চুবুৰীয়াৰো মনোৰঞ্জনৰ আহিলা আছিল| ৰবিবাৰে ৰাতিপুৱা বজাৰ পৰা আৰম্ভ হৈছিলচন্দ্ৰকান্তানামৰ এক ধাৰাবাহিক| থিক মুকেশ খান্না অভিনীত জনপ্ৰিয় ধাৰাবাহিক শক্তিমানৰ দৰেই আছিল সেই অনুষ্ঠান| ইন্টাৰেস্টিং কথাটো সেইসময়ত অঞ্চলটোত বিজুলি বাতিৰ সুবিধা নাছিল| যাৰবাবে টিভি চলোৱাটো আছিল এটা ব্যয়বহূল কাম| কিয়নো টিভি বা আন তেনেধৰণৰ সামগ্ৰীবোৰ বেটাৰিৰে চলাব লগা হৈছিল| ১২ ভল্টৰ বেটাৰিতো চাৰ্জ শেষ লে পুনৰ চাৰ্জ কৰিবলৈ পাহাৰীয়া অঞ্চল এটাৰ পৰা নমাই অনাটো এটা কস্টকৰ কাম আছিল| তথাপিও টিভিত সম্প্ৰচাৰিত হোৱা অনুষ্ঠানবোৰ চোৱাৰ মজাই সুকীয়া আছিল| সময় সলনি | ৰাইজৰ অশেষ কস্টৰ ফলত ঠাইখনলৈ বিদ্যুত আহিল| পাহাৰীয়া ঠেক ৰাস্তাবোৰ আহল-বহল | এতিয়া অনায়াসে গাড়ী চলাচল কৰে| কিন্ত লা-বগা দিনবোৰ? সেইবোৰ চিব নোৱাৰা স্মৃতি| অতীতৰ স্মৃতি ৰোমন্থন কৰাৰ মজাই বেলেগ| শৈশৱৰ লা-বগা দিনবোৰ|     

কুকুৰাৰ ডাক

কেতিয়াবা গাড়ীৰে যাওঁতে হেদালিত ওলমি থকা পাচলিবোৰ দেখিলেই মনটো ভাল লাগে| গুৱাহাটিত এইবোৰ লগাই মেলি খাবলে ঠাই ক? এসময়ত ৰাতিপুৱা সূৰ্য্যৰ পোহৰ খিৰিকিৰে সোমাই আহি শোৱা কোঠাতোত পৰে| এনেদৰেই গম পাইছিলো যে ৰজনী বিদূৰ ভৈল’| সময়ৰ লগে-লগে বাঢ়ি আহে টকা পইচা| এসময়ত আঠুকাঢ়ি থকা ঘৰবোৰ দৈত্যকায় দালানলৈ পৰিবৰ্তন হয়| মইও হেদালিত ওলমি থকা পাচলি থকা ঘৰৰ পৰা দালানলৈ আহি পালোচোন|
পুৰণা আৰু অভিজ্ঞ চিকিত্সক হিচাপে ভালেমান ঠাই ঘুৰিছো| বহুখিনি অভিজ্ঞতা গোটাইছো| বদলি হলে অসুবিধা নাপাও, মাত্ৰ কোনোবা ভিতৰুৱা গাঁৱলৈ দিয়াটোহে বিছাৰো, ত বহু নিৰক্ষৰ লোক থাকে| হোজা মানুহ কিছুমানে বহু সময়ত অসুবিধাৰ সৃস্টি কৰে যদিও সিহঁতৰ মাজত নিজৰ অভিজ্ঞতাবোৰ বিলাই ভাল লাগে| বহুতেই নাজানে "সৰু পৰিয়াল, সুখী পৰিয়াল"ৰ ধাৰণা| নাজানে বন্ধ্যাকৰণ বা গৰ্ভনিৰোধ কৰাৰ পদ্ধতি| তিৰোতাবোৰৰ অৱস্থা পুতৌজনক| সিহঁতৰ পিছফালে কুকুৰাৰ পোৱালীৰ দৰে ঘুৰি ফুৰে সতি-সন্ততি| থিক যেন পেৰেডলৈ ওলোৱা এদল আৰ্মি|
খলা-বমা পথেৰে এক দীঘলীয়া যাত্ৰাৰ শেষত এদিন আবেলি আহি পালো ধেমাজিৰ এখন ভিতৰুৱা গাঁওত| গাঁওখনত চিকিত্সালয়ৰ নামত এটা জৰাজীৰ্ণ পকীঘৰ আছে| গাঁওৰে দুজনী নাৰ্ছ আৰু এজন কম্পাউন্দাৰৰ সহযোগত কেলঢোপ-কেলঢোপকৈ জীয়াই আছে| ঘাটৰ পৰা মোক চিকিত্সালয়খনৰ চকীদাৰ হৰেনেই আগবঢ়াই আনিলে|
: চাৰ ভালে-ভালে আহি পালেনে? -হৰেনৰ প্ৰশ্ন
: উমমম... অভ্যাস আছে মোৰ| অসুবিধা হোৱা নাই| -মোৰ এইটো উত্তৰ মুখস্থ
: চাৰ আপোনাৰ ঘৰটো চাফ-চিকুন কৰি থকা হৈছে| বহুদিন এনেয়ে পৰি আছিল যে. . .
: আচ্ছা| মই চাফা কৰি ললোহেঁতেন| কাম কৰিবলে বেজাৰ নাপাও| অভ্যাস আছে|
: এহ নেলাগে চাৰ| আমিবোৰ থাকোতে আপোনি আকৌ কিয় কাম কৰিব লাগে| মাত্ৰ গাঁওৰ ৰাইজক সেৱা আগবঢ়ালেই হ|: থিক আছে বাৰু|: চাৰ আজি ৰাতিৰসাজ আমাৰ ঘৰতেই গ্ৰহণ কৰিব|
: এহ নালাগে দিয়া| মই কৰি লম বুইছা? অভ্যাস আছে|: আমাৰজনীয়ে বেয়া নাৰান্ধে চাৰ| মইহে কেতিয়াবা তাইৰ খঙ উঠাবলৈ ভাল নেৰান্ধে বুলি কওঁ| তাইৰ লাজত ৰঙা পৰা মুখখন দেখিলে মৰম জাগি উঠে| আহিব চাৰ|
: তুমি দেখিছো পত্নীক খুউব মৰম কৰা|
: চাৰ তাইক ক্লাছ নাইনৰ পৰাই ভাল পাওঁ| মোৰ আই পিতাই কোনো নাই| সেয়েহে এদিন পলুৱাই আনিলো|
সঁচাকৈ হৰেনৰ পত্নীয়ে বেয়া নাৰান্ধে| সন্ধিয়া জুতি লগাকৈ কুকুৰাৰ মঙহ ৰান্ধি খুৱালে| ৰাতি বহুদেৰিলৈকে সিহঁতৰ লগত কটালো| প্ৰথমদিনাই বহুত আপোন কৰি পেলালে| ঘড়ীটোৱে ১ বজাৰ ইংগিত দিয়াত মই আৰু পলম কৰাৰ ইচ্ছা নকৰিলো|
: হৰেন এতিয়া শোৱাই ভাল হ| পুৱা সোনকালে হস্পিতাললৈ যাব লাগিব|
: হয় চাৰ| মানুহবোৰে বিভিন্ন বেমাৰ দেখুৱাবলৈ ৰৈ থাকিব| বহুতদিন গাঁৱখনত ডাক্টৰ নথকাৰ বাবে মানুহবোৰৰ যথেস্ট অসুবিধা হৈছে| এতিয়া আপোনি আহিছে যেতিয়া অকণমান সকাহ পাব|
: তোমাৰ মানুহজনীয়ে সঁচাকৈ ভাল ৰান্ধে| তাইৰ প্ৰতি মৰম কমিব নিদিবা|: ঠিক আছে বাৰু চাৰ|ৰাতিপুৱা সোনকালে উঠাতো মোৰ পুৰণি অভ্যাস| ঠাই সলনি হলেও স্ৱভাৱটো সলনি হোৱা নাই| ৰাতিপুৱা ৭:৩০ বজাতেই চিকিত্সালয় পালো| কিন্ত হৰেন আহি নাপালে| সিটো ৭ বজাতেই আহি পোৱাহিৰ কথা আছিল| উপায় বিহিনহৈ তাৰ ঘৰলৈকে খোজ ললো|
: হৰেন, তুমি দেখোন পুৱা ৭ বজাতেই অহাৰ কথা আছিল...
: ক্ষমা কৰিব চাৰ| সোনকালে উঠিব নোৱাৰিলো| ৰাতি শোওতেওঁ দেৰি হল যে|
: ঠিক আছে বাৰু কোনো কথা নাই| ঘড়ী আছেনে নাই? এলাৰ্ম লগাই থবা|
: ইমান দামী ঘড়ী কিনিবলৈ সাধ্য নাই চাৰ| আমি গাঁৱৰ মানুহ; কুকুৰাৰ ডাক শুনিলেই পাটীৰ পৰা উঠো|
: পিছে আজি কুকুৰাৰ ডাক নুশুনিলা?
: নহয় চাৰ| সদায় ৰাতিপুৱা ডাক দি অহা কুকুৰাটো কালি খোৱা হ|

বিক্ৰী

ৰাতিপুৱা অফিচলৈ ওলাইছিলোহে তেনেতে মায়ে মাত দিলে "আহোতে দেউতাৰৰ কাৰণে টেবলেট কেইটামান লৈ আহিবি" মাহটো শেষ হ’বলৈ হৈছে| আনহাতে ল’ৰা-ছোৱালি কেইটাৰ স্কুলৰ ফিজ দিওঁতেই দৰ্মহাৰ আধা টকা শেষ হয়| ভাইটিকো কলেজলৈ যাবলৈ টকা দিব লাগে| 
             
                       *****
বাছখনত মানুহ থিয় হ’বলৈ ঠাই নাই| হেন্ডিমেনজনে চিঞৰি আছে "আহক খালি গাড়ী-খালি গাড়ী"| বাছখনত বাৰে-বাৰে থপৰিয়াই আছে "এই ৰ’বা লেডিজ, বাইদ’ জল্ডি আহক| এই ৰ’বা লেডিজ"|অফিচ ১৮ মিনিট দেৰিলৈ পালো| বছৰ ধমকি "মেধি সদায় এনেকৈ দেৰিকে আহিলে কেনেকৈ হ’ব? যোৱা মাহত ৮ দিন চুটিত আছে|"  

                       *****
লেহেমিয়া ইন্টাৰনেটৰ বাবে কামবোৰো লেহেমিয়া হৈছে| কামবোৰ ক্ৰমাত জমা হ’বলৈ লৈছে| অফিচৰে এজনে মোৰ অৱস্থাটো ভালকৈ জানে| তেখেতৰ পত্নী এল আই চিৰ এজেন্ট| কথা পাতিলে যেনেকৈ নহওক জীৱন বিমাৰ দুটামান ভাল অফাৰৰ কথা শুনাবলৈ নাপাহৰে| আজিও দেউতাৰ খবৰ লোৱাৰ লগতে এটা ’অফাৰ’ৰ কথা ক’লে| “ৰুগীয়া দেউতাৰ নামত যিহেতু প্ৰতি মাহেই ২-৩ হাজাৰ টকা খেদায়, জীৱন বিমা এখন খুলি ৮০০ টকা খেদাবলৈ টাননো কিয় পায়| এই বিমাখন ৪৮ৰ পৰা ৬৫ বছৰ বয়সৰ সকলো মানুহৰ বাবে| কোনো কাৰণত বিমা কৰাই থোৱা মানুহজনৰ মৃত্যু হয়, তেওৰ পৰিয়ালৰ মানুহে ৫ লাখ টকা ঘুৰাই পাব| ভগৱানে নকৰক, কিন্ত বাইচান্স আপোনাৰ দেউতা কালি ঢুকালে আপোনালোকে ৫ লাখ টকা পাব| মই উদাহৰণহে দিছো দেই| ভগৱানে তেখেতক ভালে ৰাখক"|   
           
                        *****
অফিচ ছুটি হোৱাৰ পিছত পোনেই ফাৰ্মাচি খনলৈ গৈ দেউতাৰ টেবলেট কেইটা ল’লো| ঘৰৰ সৰু-সুৰা দুই এপদ বজাৰলৈ ঘৰমুৱা হ’লো| ৰাতি দহবজাত শোৱাটো দেউতাৰ অভ্যাস| দেউতাক আমনি দিয়াৰ মন নাছিল যদিও, অফিচৰ পৰা অনা এল আই চিৰ ফৰ্মখনলৈ দেউতাৰ ৰুমলৈ সোমালো| বিনা দ্বিধাই দেউতাই ফৰ্মখনত চহি কৰিলে| মই ৰুমৰ পৰা ওলাই অহাৰ সময়ত সুধিলে কিহৰ ফৰ্ম আছিল| "তুমি বিক্ৰী হৈ গ’লা দেউতা"- বুলি ক’ব বিছাৰিছিলো, কিন্ত কথাখিনি কোৱাত কিহবাৰ বাধা পালো|

নাইট ডিউটি

মাক-বাপেক নোহোৱা ঘৰখন তাই আজি বহুবছৰৰ পৰা সুকলমে চলাই আহিছে| সেইসময়ত ভায়েক সৰু আছিল বাবে পঢ়া-শুনা একাতি কৰি তাই উপাৰ্জন কৰিব লগা হৈছিল| এতিয়া ভায়েকতো ডাঙৰ হৈছে| কাম কৰে যদিও তাৰ টকাৰ অভাৱ| তাইক বহুতেই কৈছে ভায়েকে হেনো ড্ৰাগছ লয়, বেয়া সংগত পৰিছে| তাই নিজে একো নেদেখা বাবে আজিলৈকে একো কোৱা নাই|
:বাইদেউ টকা দুহেজাৰ লাগিছিল?
:কি কৰ? সেইদিনা লাইচেন্স বনাম বুলি টকা নিছিলি| কাম হ?           
: জানই চোন ঘোচ নিদিলে কতো একো নহয়| আজি লাইচেন্সখন দিয়াৰ কথা| আৰু দুহেজাৰ দিব লাগিব| (ভায়েকৰ অজুহাতৰ অন্ত নাই)      
: হো  ’| কিবা এটা কৰ| মই ঘৰেই চলাম নে তোক সদায় টকা দিম?
: লাইচেন্সখন হলে ৰামবাবুৰ গাড়ীখন চলাব পাৰিম ৰহ|   
গধুলি হ| তাইৰো নাইট ডিউটিলৈ  যাব হ| অনিচ্ছাসত্তেও যাব লগীয়া হয় তাইৰ কল চেন্টাৰৰ চাকৰিলৈ|

চাৰিআলিটোত এখন ডাঙৰ হৰ্ডিঙ ওলমি আছে| ছানি লিঅনৰ অৰ্ধনগ্ন দেহাৰে সেইখন জিছম ২ ছবিৰ বিজ্ঞাপন| পোষ্টাৰখন দেখি তাই নিজে হাঁহি উঠিল| ইঁহতে শৰীৰ দেখুৱাই টকা ঘটিছে আৰু তাই শৰীৰ বিক্ৰী কৰি| লিঅনহঁত হিৰইন আৰু তাই. . . পানদোকানখন পাইছিলহে তেনেতে এৰাল চিগা গৰুকেইটামানৰ মাত শুনিলে "পেদল চল ৰহা হু গাড়ী চাহিয়ে, জীৱন কে চফৰ মে চৱাৰী চাহিয়ে, অকেলা হে মিস্টাৰ খিলাড়ী, মিছ খিলাড়ী চাহিয়ে"; জানু আমাক মাত লগাই যাবা"; "ঐ এইজনী চানি লিয়ন্ নহয়নে %$#$@". . .
                                                                         
চহৰখনৰ হাচমুখভাইৰ গলি নামৰ ঠেক আন্ধাৰ গলিতোত তাইৰ অফিচ| তাতেই কৰে তাইৰ নাইট ডিউটিৰ চাকৰি’| দিনত প্ৰখৰ ৰদক নেওচিব পৰা চাদৰখন হাচমুখ ভাইৰ গলিত খোল খাই পৰে| তাইৰ দেহৰ ওপৰত কিলবিলাই ফুৰে এজাক কামুক| আজি তাইৰ মন মৰা| ভায়েকটোলৈ চিন্তা- টকা দুহেজাৰ লাইচেন্সৰ কাৰণে দিলে নে আনে কোৱাৰ দৰে ড্ৰাগছ বা মদ খালে? ভায়েকটোৰ ভাল কাম  এটা হলে তাইৰ নাইট ডিউটিৰ চাকৰি এৰিব পাৰিব| পেটুৱা বসন্ত দোকানীৰ ধাৰখিনি মাৰিব পাৰিলে তাৰ কটু মাত শুনিব নালাগে|
"আই এম এ হান্টাৰ এন্দ  ছি ৱান্ট তু চি মাই গান, হোৱেন আই পুল ইট আউট . . ."
কোনোবা মাতাল কাষ্টমাৰ সুৰ তাই থকা কোঠাতোলৈ সোমাই আহিল| গানটো আহোতে মিৰাবাঈৰ গলিত শুনি আহিছিল| কিন্ত গাই থকা জনৰ মাত শুনি তাইৰ চকুপানী নিগৰিল|
"কি ৰে জানেমন, এইফালে ঘুৰা| পুৰা ২০০০ টকা দিছো| আজি তুমি মোৰ. . ." কথা শেষ নহওঁতেই কাষ্টমাৰজনৰ গালত এটা পূৰ্ণহতিয়া চৰ পৰিল|         


(কিছুবছৰ আগত শুনা এটা গল্পৰ আলমলৈ)  

এটি প্ৰেমৰ স্তৱক

ফাগুনৰ দিনত সৰি পৰে বুকুৰ এখিলা প্ৰেম
বতাহজাকে কোবাই
বৰষুনজাকলৈ অপেক্ষাৰত এতিয়া
ইতি তোমাৰ মই|