গুড়গাৱ| সিদ্ধান্ত মংগলৰ বাসগৃহ| তেওঁৰ মোবাইটোলৈ মেছেজ এটা আহিল-
Your SBI (Sweedhish Bank
of India) A/C xxxxxxxx3789 is
debited with 75,00000 on 18-03-2017. Balance as on date INR 200.00. Register your AADHAR with your bank a/c.
সিদ্ধান্ত মংগলৰ মূৰ গৰম| হ’ল| ক’ত গ’ল টকাবোৰ| তেওঁ লগে লগে চিকিউৰিটি এক্সপাৰ্ট সুৰেশ বৰাক মতা হ’ল| মানুজনে তেনেই
সাধাৰণভাৱে থাকে| এখন হিৰো চাইকেলত
অলৌ- তলৌকে ঘুৰি ফুৰে যদিও তেওঁ দুধৰ্ষ IT
Security Analyst| ক’লা চচমা এযোৰ পিন্ধি সেইযোৰৰ
আঁৰেৰে সকলো নিৰিক্ষণ কৰি থাকে| সুৰেশে সিদ্ধান্তক
সুধিলে কিবা মেইল/এছ এম এছ বা ফোন কলছ আহিছিল নেকি?
কপালৰ বিন্দু বিন্দু ঘাম ম’চি বহু সময় ভাবি তেওঁ
মেছেজ এটা দেখুৱালে -
Dear Beneficiary,
This is to inform you
that, you have won a prize money of Two Hundred Thousand Great British Pounds
(GBP200,000.00)
in the Ongoing 2012 year International E-mail Draw which was
Organized by Coca-Cola Company Of England.
"প্ৰাইজ মানিখিনি পাবলৈ মোৰ পৰা ই-মেইল, ফোন, এড্ৰেছ, বেংক একাউণ্ট ডিটেইলছ বিছাৰিছিল| মইও দিছিলো|"
সিদ্ধান্তই
সেপ ঢুকি ক’লে|
সুৰেশৰ ভমকৈ উঠা খংটো লুকুৱাই তেওঁ ক’লে "ইহঁতে হুদু
দেখিছে, ফান্দ দেখা নাই| হ’ব| আপুনি নিশ্চিন্ত থাকক|
মই টকা
ওভতাই অনাৰ ব্যৱস্থা কৰিম|"
* * * * * * *
দীঘলি পুখুৰী পাৰ, গুৱাহাটি
জিতু আৰু গাৰ্লফ্ৰেইণ্ড দীঘলী পুখুৰী পাৰত প্ৰেমালাপত ব্যস্ত| গছবোৰত আঁৰি দিয়া লাইটবোৰৰ ক্ষীণ পোহৰত পৰিৱেশটো ৰোমাণ্টিক
হৈ উঠিছে|
জিতুই সুধিলে- মোক কিমান ভাল পোৱা?
গাৰ্লফ্ৰেইণ্ডে বেগৰ পৰা ডেইৰী মিল্ক এটা উলিয়াই টপককৈ মুখত ভৰালে| হাতৰ পৰা খালি পেকেটতো পেলাই উত্তৰ দিলে- ঠিক এই চকলেটতোৰ
সমান|
হাও চুইট! মোক চকলেটৰ দৰে ভাল পোৱা|
- জিতু|
অবোধ বালক| মোক বুজিয়ে পোৱা নাই-
গাৰ্লফ্ৰেইণ্ডে মনতে ভাবিলে|
* * * * * * * *
সেই যে সিদ্ধান্ত্ মংগলৰ একাউণ্টৰ পৰা টকা হৰলুকি হৈছিল, সুৰেশৰ মূৰ গৰম হ’ল| সিদ্ধান্ত মংগল কাশ্যপ ওৰফে চিমাকাৰ টকা ওভতাই আনিব
নোৱাৰিলে তেওঁৰ সেই বিখ্যত ডাইলগটো শুনিবলৈ পাব যে সেইয়া নিশ্চিত| "মাৰ দিয়া যায় য়া চৌৰ দিয়া যায়| বৌলো, তেৰে চাথ ক্যা চুলুক
কিয়া যায়?" ইয়াৰ আগতেও
বহুকেইজন নিমখ হাৰাম কৰ্মচাৰীয়ে এইটো ডাইলগ শুনি চিৰজীৱনলৈ চকু মুদা সুৰেশে দেখিছে| তেওঁৰ লগ ত এইটো হ’ব দিব নোৱাৰে IT Security Analyst সুৰেশে দুধৰ্ষ হেকাৰ তপনক
মাতিলে|
তপন ল’ৰাটো আকৌ জাবৰ| আহিব ওলাওতেই হেনো তাৰ বাইকখন বেয়া হ’ল| এতিয়া আকৌ সুৰেশৰ Jaguar XF খন বিছাৰি পঠিয়াইছে|
* * * *
* * * *
বিখ্যাত বেঙেনা হোলচেলাৰ জিতুৰ ফোন অফ|
চাৰি
ঘণ্টা হ’ল একো খা-খবৰ নাই| অন্তৰীক্ষা, ডলি, ৰাজশ্ৰী, পুলকিতা, মম্পিকে ধৰি নাৰীসকলৰ মাজত হুলস্থুল| ৱাটছএপত সাংঘাটিক মিঠা মিঠা কথাৰে নাৰীসকলৰ মন ভুলোৱাত
জিতুৰ এক সুকীয়া নাম আছে|
আগলৈ...