||বুদ্ধম শৰণম গচ্ছামি||

এবাৰ গৌতম বুদ্ধ তেওঁৰ কেইজনমান অনুগামীৰ সৈতে এখন প্ৰদেশ ভ্ৰমণলৈ ওলাল| বাট-পথৰ অৱস্থা সুচল নহয়| মূৰৰ ওপৰত প্ৰখৰ ৰ| কেতিয়াবা কাইঁটীয়া জোপোহাৰ মাজেৰে, কেতিয়াবা হাবি ভাঙি, অন্য সময়ত শিলাময় অসমান পথেৰে তেওঁলোক ক্ৰমাত্‍ আগবাঢ়ি গৈছে| তথাপিও তেওঁলোক গন্তব্য স্থান পাবলৈ দৃঢ় প্ৰতিজ্ঞ| দুপৰীয়া সময়ত এডাল বট বৃক্ষৰ তলত তেওঁলোক আটাইকেইজন জিৰণি লবলৈ বহিল|

"প্ৰখৰ ৰদত অণ্ঠ-কণ্ঠ শুকাইছে| অকণমান পানীৰ ব্যৱস্থা কৰিব পাৰিবা নেকি?" -বুদ্ধদেৱৰ চিৰাচৰিত মৃদু কণ্ঠৰে অনুগামী সকলক সুধিলে|

এজন অনুগামী জুৰি এটিৰ পাৰলৈ গ| সেই সময়ত এজাক পশুৱে জুৰিটিৰ পানীৰে তৃষ্ণা পূৰণ কৰি আছিল| বুদ্ধদেৱৰ অনুগামীজনৰ আগমনত সিহঁত জুৰিটিৰ মাজেৰে পাৰ হৈ পলায়| পশুৰ জাকটো জুৰিটিৰ মাজেৰে পাৰ হোৱা হেতুকে পানীখিনি ঘোলা হয়|

অনুগামীজন বিফল মনোৰথেৰে ঘুৰি আহি বুদ্ধদেৱক জনালে যে এজাক পশু জুৰিটিৰ মাজেৰে পাৰ হোৱা বাবে পানীখিনি ঘোলা হল আৰু তেনে অপৰিস্কাৰ পানী তেওঁৰ গুৰুক পান কৰিব দিব নোৱাৰে|

কিছুসময় পিছত বুদ্ধদেৱে অনুগামীজনক পুনৰ জুৰিটিৰ পাৰলৈ পঠিয়ালে| তেতিয়াও পানীখিনি ঘোলা হৈ থকাৰ বাবে অনুগামীজন পুনৰ খালী হাতেৰে ওভতিব লগা হ| এনেদৰে তিনিবাৰ বিফল হৈ ঘুৰি অহা অনুগামীজনে চতুৰ্থবাৰ পৰিস্কাৰ পানী পালে আৰু সেইয়া আনি তেওঁৰ গুৰুক দিলেহি|

পানীখিনি পান কৰাৰ পিছত বুদ্ধদেৱে অনুগামীকেইজনক উদ্দেশি প্ৰশ্ন কৰিলে- "ঘোলা পানীখিনিৰ পৰা কিবা শিক্ষা পালা নে?"

কোনো এজন অনুগামীৰ চৰত ইয়াৰ উত্তৰ নাছিল| সেয়ে বুদ্ধদেৱে তেওঁলোকক কলে-


"পানীখিনি যিমান সময় হেন্দোলনি খাইছিল, সিমানসময় পানীত থকা অপৰিস্কাৰ পদাৰ্থবোৰে পানীখিনি ঘোলা কৰি ৰাখিছিল| এটা সময়ত পানীখিনিৰ দোলন কম হোৱাত অপৰিস্কাৰ পদাৰ্থবোৰ তল পৰিল আৰু পানীখিনি পৰিস্কাৰ হ| মানুহৰ জীৱনৰ লগত জৰিত সুখ-দুখ, কাম-ক্ৰোধ, মায়া-মমতা, জৰা-ব্যাধি, আবেগ-অনুভুতিবোৰ কিছুসময় আগত ঘোলা পানীখিনিত থকা পদাৰ্থবোৰৰ দৰে| এইবোৰ বিষয়ে আমি যিমানেই চিন্তা কৰিম এইবোৰে হেন্দোলনি খাই আমাৰ জীৱনটো দুৰ্বিসহ কৰি তুলিব| আমি এই চিন্তাবোৰৰ পৰা নিজকে যিমানেই এৰাই চলিম সিমানেই জীৱনটো উপভোগ্য হ| ঠিক  জুৰিটিৰ পৰিস্কাৰ পানীখিনিৰ দৰে"
#Buddha #Buddhist_Philosophy

মেনেজমেণ্টৰ কথাৰে

এবাৰ বেলুন প্ৰস্তত কৰা প্ৰতিষ্ঠানৰ মালিক কেইজনমান এঠাইত গোট খালে| তেওঁলোকৰ সকলোৰে মুখত এটাই কথা "ৱি আৰ দ্য বেষ্ট বেলুন মেনুফেকচাৰাৰ"| কোনেও হাৰ নামানে| প্ৰত্যেকজনে নিজৰ প্ৰতিষ্ঠানক সৰ্বোত্‍কৃষ্ট প্ৰতিপন্ন কৰিব বিছাৰে|


তেওঁলোকৰ কাজিয়া চৰম পৰ্যায় পোৱাৰ আগতেই এজন বয়োজ্যেষ্ঠ লোক তাত উপস্থিত হ’ল| তেওঁ প্ৰতিজন মালিকক তেওঁলোকৰ প্ৰতিষ্ঠানৰ একোটাকৈ বেলুন ফুলাবলৈ দিলে| সকলোৱে যিমান পাৰে সিমান ডাঙৰকৈ বেলুন ফুলালে| তাৰপিছত তেওঁলোকক নিজৰ বেলুনটো কিমান সময়লৈকে বচাই ৰাখিব পাৰে তাৰ নিৰ্দেশ দিয় হ’ল| যাৰ বেলুন বেছি সময়লৈকে থাকিব তেওঁকেই শ্ৰেষ্ঠত্বৰ খিতাপ দিয়া হ’ব|


তেওঁৰ কথা শুনাৰ পিছমুহূৰ্ততে ইজনে সিজনৰ বেলুন ফুটাবলৈ আৰম্ভ কৰিলে| টানি-আজুঁৰি, পিনেৰে খুঁচি কেইমুহূৰ্তমানৰ ভিতৰতে অধিক সংখ্যক বেলুন ফুটাই পেলালে| চাৰিটামান বেলুন বাকী থাকিল|
তেতিয়া বয়োজ্যেষ্ঠ লোকজনে ক’লে "তোমালোকৰ সকলোৱে বেষ্ট কোৱালিটিৰ বেলুন উত্‍পাদন কৰা আৰু সেইয়া প্ৰতিপন্নও কৰিব বিছৰা| কিন্ত শ্ৰেষ্ঠতাৰ দৌৰত ইজনে সিজনক কেনেকৈ তল পেলাই নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰা সেইটোত বেছিকৈ মন দিয়া| উন্নত প্ৰযুক্তি বিদ্যা/কৌশল প্ৰয়োগ কৰি নিজৰ সামগ্ৰী বিধ কেনেকৈ অধিক উন্নত কৰিব পাৰা তাৰ কথা কোনেও চিন্তা কৰা নাই| তাৰ ফলত বহুতো ভাল প্ৰতিষ্ঠান বন্ধ হৈছে, নতুবা ধংস হৈছে| নিজে কি উত্‍পাদন কৰিছা তাত মন দিয়া| সেই সামগ্ৰীবিধ অধিক উন্নতমানৰ কৰা| এই বিজনেজ ষ্ট্ৰেটেজী গ্ৰহণ কৰা| এদিন আনে নিজেই ক’ব "য়েছ| ইউ আৰ দ্য বেষ্ট"|