সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট (প্ৰথম খণ্ড)


কাজাখাস্তান| শ্বেৰিয়ট টাৱাৰ| সময় দুপৰিয়া ১:৩৪ মিনিট| চহৰখন উষ্ণ কাৰণে ইয়ালৈ নতুনকৈ অহা মানুহ দুজনে অস্বস্তিত ভুগিছে| কিন্ত উপায় নাই| বছৰ কথা মানিবই লাগিব| এইটো ডিল কৰি দিয়াৰ বাবদ তেওঁলোকে ২০ মিলিয়ন ডলাৰ পাব|



কুলদ্বীপৰ হাতত থকা ডিজিটেল ঘড়ীটোৰ ডিছপ্লেখনত জিলিকি উঠিল Debu Don Calling...

বছৰ ফোন| ইহঁতে ডিল কৰোতে বহুত দেৰি কৰিছে| কি বুলি কওঁ?

ডিল ইজ ইন প্ৰগ্ৰেছ বুলি কোৱা| - মনজিতে অস্বস্তিৰে কুলদ্বীপৰ প্ৰশ্নৰ উত্তৰ দিলে|



কুলদ্বীপ আৰু মনজিৎ দুয়ো বিখ্যাত হেয়াৰ ষ্টাইলিষ্ট সিদ্ধান্ত মংগল আৰু দেবু ডনৰ বিশ্বাসৰ পাত্ৰ| তেওঁলোকৰেই ডিল এটাৰ কামত দুয়োকে কাজাখাস্তানলৈ পঠিয়াইছে|



মিনি স্কাৰ্ট পৰিহিতা ষোড়শী দুগৰাকীয়ে দুয়োকে আন এটা ৰুমলৈ লৈ যায়| অত্যাধুনিক প্ৰযুক্তিৰে সুসজ্জিত ঘৰটোৰ কাৰুকাৰ্য্য চাবলগীয়া| দুয়ো দলিচাখনৰ ওপৰেৰে ৰুমটোত প্ৰৱেশ কৰে| লেজাৰ মাৰ্কিং চিষ্টেমৰ জৰিয়তে দুয়োৰে অলক্ষিতে তেওঁলোকৰ জোতাৰ তলিত দুটা নম্বৰ অংকিত হয়|



কুলদীপৰ ঘড়ীত সময় 02:10:51



নো নো নো উই ৱিল পে ছেভেণ্টি মিলিয়ন ডলাৰছ”- ডিভৰ্স্কি নামৰ গহীন মানুহজন কিছু উত্তেজিত হৈ উঠিল|

মনজিত: কিন্ত ডিল ২২০ মিলিয়নৰ আছিল| এতিয়া ৭০ মিলিয়ন দিলে কেনেকৈ হ? দিছ ইজ বুলশ্বিট|

দিছ ইজ মাই প্লেছ এণ্ড ইউ উইল ডু হোৱাট আই চে" ডিভৰ্স্কিয়ে 9MMটো মনজিতৰ কপালত হেঁচি ধৰে|

চ্ছিল মেন! তোমাৰ ইয়াত আহিলো বুলিয়ে তোমাৰ কথা নামানো|- সকলোবোৰ নীৰৱে চাই থকা কুলদ্বীপে এইবাৰ মাত দিলে|

জাষ্ট শ্বাট আপ! বয়জ... ডিভৰ্স্কিৰ সংকেট পোৱাৰ লগে লগে ছজন চিকিউৰিটয়ে কুলদীপ-মনজিতলৈ বন্দুক টোঁৱালে|

হাঃ হাঃ হাঃ হাঃ -কুলদ্বীপৰ অট্টহাস্যত তেওঁলোক কিছু শংকিত হ|

তুমি কি বুলি ভাবিছা? আমি ইয়াত তোমাৰ কথা মতেই কম টকাত ডিল কৰি যাম? ডিভৰ্স্কি, তোমাৰ পিষ্টলত গুলি নাই| যদি বিশ্বাস নহয় মোক গুলিয়াই চোৱা|

কুলদীপৰ কথাত সচকিত হৈ ডিভৰ্স্কিয়ে পিষ্টলৰ ট্ৰিগাৰত হেঁচা দিলে|



আগলৈ....



(সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট ফেইচবুকৰ জনপ্ৰিয় গোট গাজাৰী ডট কমত Kuldeep Kashyapৰ সহযোগত লিখা থ্ৰিলাৰ ধৰ্মী লেখা | গাজাৰী ডট কম গোটৰ লিংক- http://www.google.com/url?q=http%3A%2F%2Fwww.facebook.com%2Fgroups%2Fgajaridotcom%2F&sa=D&sntz=1&usg=AFQjCNERLwam-VAD5QrlSjHV2U5f1Y1X2w)

সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট (দ্বিতীয় খণ্ড)


বিপ বিপ বিপ বিপ...



ৰুমটোত বিপদ সংকেত বাজি উঠাত ডিভৰ্স্কিয়ে পিস্তল নমাই গাৰ্ড কেইজনলৈ চালে| সংকেত পোৱাৰ লগে লগে বাহিৰত কি হৈছে চাবলৈ চাৰিজন গাৰ্ড ওলাই গ| ৰুমটোত এতিয়া মাত্ৰ দুজন গাৰ্ড| এই ছেগতে কুলদ্বীপে তাৰ ডিজিটেল ঘড়ীটোৰ বিশেষ কি এটা হেঁচুকি দিয়াত সকলোৰে অলক্ষিতে ৰুমটোৰ দুৱাৰখন ভিতৰফালৰ পৰা লক হৈ গ|

: চৌ, মিষ্টাৰ ডিভৰ্স্কি| ডিলৰ কথা পাতো?- কুলদ্বীপে কলে|

: ডিলৰ কথা বন্ধ কৰ| তহঁতক ইয়াত গুলিয়াই মাৰিম|

ডিভৰ্স্কিয়ে পুনৰ পিস্তল টোঁৱাব বিছাৰোতেই মনজিতে অতি ক্ষীপ্ৰভাৱে পিস্তলটো কাঢ়ি আনি তেওঁলৈ পোনালে|

: এতিয়া টকাখিনি ট্ৰেঞ্চফাৰ কৰ- ধমকি দিয়েই মনজিতে গাৰ্ড এটালৈ টোঁৱাই ট্ৰিগাৰত হেঁচা দিলে| এজন গাৰ্ড থিতাতে ঢলি পৰিল|

ডিভৰ্স্কিয়ে সেপ ঢুকি সিদ্ধান্ত মংগলৰ একউণ্টলৈ টকা ট্ৰাঞ্চফাৰ কৰাত লাগিল|



*          *          *          *          *          *



ভেটাপাৰা, গুৱাহাটী|

বিভিন্ন আকৃতিৰ কাঁচৰ বটল কিছুমানত ভিন্নৰঙী তৰল পদাৰ্থ| কাব্য কুন্তল আৰু দিব্য প্ৰাঞ্জল দুয়ো ইয়াত ছাইনটিষ্ট হিচাপে কৰ্মৰত| সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্টৰ কাৰণে কাম কৰি আছে|

দেবু ডনে তেওঁৰ চকীখনত বহি কিবা আকাশ-পাতাল ভাবি থাকোতেই এছিছটেণ্ট তৰালি সোমাই আহিল|

ছাৰ, ডিল হৈ গ| আমাৰ একাউণ্টত টকাখিনি জমা হ|"

গুড| কুলদীপ-মনজিতে পাৰিব বুলি মই জানিছিলো| সিদ্ধান্তক কল কৰা|



*           *          *         *          *          *



টকাখিনি ট্ৰেঞ্চফাৰ কৰি কুলদীপ-মনজিত দুয়ো ওলাই আহে|

তেওঁলোকৰ গাড়ীৰ ফালে অগ্ৰসৰ হওঁতেই সৰু লৰা এজন তেওঁলোকৰ ভৰিত খামুচি ধৰে|

"দাদা, প্লিজ জোতা পলিচ কৰাই লওক দাদা..."

ৰাটোৰ কান্দোন দেখি দুয়ো তেওঁলোকৰ জোতা আগবঢ়াই দিয়ে| দুয়োৰে অন্যমস্কতাৰ পুৰ্ণ সুযোগ গ্ৰহণ কৰি লৰাজনে দুয়োৰে জোতাত নিচেই সৰু দুটা ট্ৰেকাৰ সুমুৱাই দিয়ে|





আগলৈ..

সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট (তৃতীয় খণ্ড)


কাজাখাস্তানৰ ৰাজধানী চহৰ হৈছে আস্তানা। ৰাজাধানী চহৰখনৰ পৰা প্ৰায় ১৬ কি:মি: নিলগত অৱস্হিত দেশৰ অন্যতম ব্যস্ত 'আস্তানা ইন্টাৰনেছনেল এয়াৰ প'ৰ্ট।

দুপৰীয়া প্ৰায় ২-৩০ বাজি গৈছে । এখন লেণ্ডৰ'ভাৰ এয়াৰপৰ্টৰ পাৰ্কিংত । গাড়ীখনৰ ভিতৰত এজন বিশেষ ব্যক্তি ।

কুলদ্বীপ আৰু মনজিতে প্ৰায় দৌৰি আহি গাড়ীত বহিল । ড্ৰাইভাৰে আগৰেই পৰাই ইঞ্জিন ষ্টাৰ্ট কৰিয়েই ৰাখিছিল ।

ড্ৰাইভাৰে জাগুৱাৰ এক্স-এফ দৌৰাই দিলে এয়াৰপৰ্ট অভিমুখে । য'ত তেওঁ লোকৰ বাবে অপেক্ষা কৰি আছে 'ছিংগাপুৰ এয়াৰলাইন্স'ৰ এখন বিমান । যাৰ দ্বাৰা নিৰ্ণিত কুলদ্বীপ আৰু মনজিতে পৰৱৰ্তী লক্ষ্যস্হান ।

ইমান খিনিলৈ সকলো ঠিকেই আছিল । তীব্ৰগতিত ৰাজপথত দৌৰিছিল জাগুৱাৰ । কিন্ত তেনেতে এটা বুলেটে আহি আঘাট হানিলে চাইদ ভিউ মিৰ'ৰত । লগে লগে কুলদ্বীপ আৰু মনজিৎতে M-14 গানকেইটা সাজু কৰি ল'লে । দুয়োজনেই আচৰিত হ'ল। কেনেকৈ গম পালে তেঁওলোকৰ লোকেশ্বন । মনজিতে কিবা এটা ভাবিলে আৰু জোতাজোৰলৈ চালে। মনজিৎ আচৰিত হৈ পৰিল।

ৰাজপথতেই আৰম্ভ হৈ গ'ল দুয়োপক্ষৰ প্ৰচণ্ড গুলীয়া গুলী ।



*          *          *          *          *          *          *



সিন্ধান্ত মংগলৰ বাসগৃহ।

তেখেত আজি যথেষ্ট উৎফুল্লিত । এক বুজাব নোৱাৰা আনন্দ। কিছু সময়ৰ আগতে এটা মিছন চাকছেছ হৈছে । এতিয়া কেনেবাকৈ চিংগাপুৰৰ পাৰ্টীৰ লগত ডীল কনফাৰ্ম হ'লেই হ'য় । দুবাৰ মান গাজাৰী বাবাৰো নাম বিৰবিৰালে মুখৰ ভিতৰতে ।

কিছু সময় আগতে বাৰ্তালাপ হৈছে দেবু ডনৰ সৈতে । তেখেতে এই গৱেষণাৰ সম্পূৰ্ণ নিশ্চিতি প্ৰদান কৰিছে ।

এতিয়া মাথো অপেক্ষা চিংগাপুৰলৈ ।

কুলদ্বীপ আৰু মনজিতে পাৰিবনে ?????



*          *          *          *          *          *          *

আস!

বুলেট এটাই মনজিতৰ বাহুত আঘাট দিলে| সীহৰ টুকুৰা এটা তাৰ বাহুত সোমাই পৰিল| সি পুনৰ M-14 গানটোৰে গুলিয়াবলৈ উদ্যত হওঁতেই প্ৰচণ্ড শব্দেৰে ওচৰতে থকা গাড়ীখন ধৰাপৃষ্ঠৰ পৰা কেইমিটাৰমান ওপৰলৈ উৰি গৈ চিন্ন-বিচ্ছিন্ন হৈ পৰিল| কুলদীপ-মনজিত দুয়ো পিলাৰ এটাৰ আঁৰত লুকাল|

"চাল্লা চুঁৱৰৰ $#*%$&*%ঽ%# আজি পিছ নেৰিব নেকি?" প্ৰচণ্ড খঙেৰে কুলদ্বীপে শত্ৰু পক্ষলৈ বুলি টোঁৱাই ট্ৰিগাৰত হেঁচা দিলে| মুহূৰ্ততে দুটা ধৰাশায়ী হৈ ঢলি পৰিল| কুলদ্বীপে এইবাৰ তাৰ হাতৰ ঘড়ীটোৰ স্ক্ৰীণখনত টাচ্ছ কৰিলে| ঐষত্‍ পোহৰেৰে সৰু উইণ্ড এখন ডিছপ্লেখনত দেখা দিলে|

*          *           *           *          *          *          *

বিপ বিপ বিপ

প্ৰাঞ্জলৰ মোবাইলটো বাজি উঠে|

"ঐ মৰকেলেপ! উঠ| আই থিংক দে আৰ ইন ট্ৰাবল| উই হেভ টু গ’"- শ্বাৰ্প শ্বুটাৰ প্ৰাঞ্জলে অনবৰতে টোপনিয়াই থকা জিতুক ধমকিয়ালে|

এঙামুৰি এটা মাৰি জিতু বহি ললে| "কিবা মেছেজ আহিছে নেকি চাওক| আই ম ৰেডি|" তাৰ টোপনিয়াই থকা স্বভাৱ আছে যদিও তাৰ এইম নিখুঁত|



প্ৰাঞ্জলৰ মোবাইলত কুলদ্বীপহঁতৰ লোকেশ্বন ছেট হ| দুয়ো যাবলৈ ওলাল|



আগলৈ...

সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট (চতুৰ্থ খণ্ড)


উজান বজাৰ| কৰুণাময় এপাৰ্টমেণ্ট| C Block, থাৰ্ড ফ্লৰ|

পখিলাৰ ভুকনিত অতীষ্ঠ হৈ সৌগতে নিউজ পেপাৰ এখনেৰে তাইক মাৰিবলৈ খেদি যায়| পখিলাইচোন বিল্ডিঙৰ তল ফালে চাই ভুকিব ধৰিছে| তেওঁ ভালকৈ নিৰিক্ষণ কৰি দেখিলে তলৰ আম গছ ডালৰ পৰা সাপ এডাল বিল্ডিঙলৈ বগাবলৈ চেষ্টা কৰি আছে| তেওঁ লগে লগে মবাইলটো উলিয়াই নৱজিত বৰ্মণক ফোন কৰিলে| তেওঁ সাপ স্পেচিলিষ্ট| বৰ্তমানলৈ ৯৯ডাল সাপ ধৰি থৈছে| আজি এইডাল ধৰিলে চেঞ্চুৰী হ|

সাপ ওলোৱা কথাটোত এপাৰ্টমেণ্টত অকণমান হৈ চৈ হ| মানুহবোৰে নৱজিতলৈ উত্‍কণ্ঠাৰে ৰৈ থকাৰ এঘণ্টামান পিছত তেওঁ আহি সাপদাল ধৰি লৈই গ| মানুহবোৰ ব্যস্ত হৈ থকাৰ সুযোগতে এচিষ্টেণ্ট ধ্ৰুৱই চাদৰ ওপৰলৈ গ| পানী টেংকিটোৰ কাষত এক বিশেষ ট্ৰাঞ্চমিটাৰ লগাই থৈ আহিল|

*         *         *          *          *          *

মনজিতৰ বাহুত গুলীটোৱে সামান্যভাবে চুই গৈছিল যদিও আঘাতৰ পৰা তেজ বন্ধ হোৱা নাছিল। কুলদ্বীপ কিছু চিন্তিত হ'ল। পিলাৰ টোৰ আঁৰততেই দুয়োজনে লুকাই আছিল।

অন্য এখন গাড়ী আছে ৫০০ মিটাৰ দুৰত। কিন্তু সেইখনলৈ দৌৰি যোৱা মানে শত্ৰুপক্ষৰ গুলিবৰ্ষণৰ সন্মুখীন হোৱা| সেইটো অসম্ভৱ| তেনেতে যিটো দৃশ্য দেখিলে কুলদ্বীপ চমকি উঠিল।

যিখন গাড়ীলৈ কুলদ্বীপে লক্ষ্য কৰি আছিল সেইখনলৈ এটা ৰকেট নিক্ষেপ কৰিবলৈ সাজু হৈছে মাফিয়া গেংৰ এজন।

ঠিক তেনেতে ---

থিচিউ - এটা শব্দ শুনা গ'ল। ৰকেট লান্সাৰ সাজু কৰাজন ঠাইতেই বাগৰি গ'| অন্য দুজনেও পলাবলৈ কোনো সুযোগেই নাপালে।

এইবাৰ আকৌ কোন আহিল??? মনজিতে ভোৰভোৰালে। দুয়োজনে দেখিলে এজনী এঞ্জেলিনা জ'লী ৰ দৰে ছোৱালী হাতত গান লৈ থিয় হৈ আছে ।

-কুলদ্বীপ, মনজিত হাৰী আপ !

দুয়োটাই দৌৰি আহিল| গাড়ীত বহিল।

-তুমিমানে আপুনি ???

-মই গাজাৰীৰ চিক্ৰেট এজেন্ট 0012 আপোনালোক বিপদত পৰা বুলি সিদ্ধান্ত মংগল ছাৰে জনালে। সেইকাৰণেই মই তৎক্ষণাত উপস্হিত হৈছো|

-হয়। মংগল ছাৰ মহান। তেখেতৰ বাবেই আমি ৰক্ষা পৰিলো।

-আপোনালোক এতিয়া এয়াৰপৰ্টলৈ নিৰাপদ।

মনজিতে বেণ্ডেজেৰে তেজ নিগৰি থকা অংশতো মেৰাই ল'লে। লগতে সলনি কৰিলে পোছাক যোৰো।

*          *           *          *          *          *          *

আজি শনিবাৰ। সিন্ধান্ত মংগলে অফিছৰ পৰা ওলাল। পাৰ্কিংত গাড়ীৰ ভিতৰত বহি কাৰোবাক ফোন কৰিলে।

ৱাকিং ষ্ট্ৰীট। গুৰুগ্ৰামৰ (পূৰ্বৰ গুৰগাও) চেক্টৰ-২৯ ত অৱস্থিত এখন বাৰ। প্ৰতি শনিবাৰে এই বাৰখনলৈ আগমন ঘটে সিদ্ধান্ত মংগলৰ।

আজিও এতিয়া লক্ষ্যস্হান এইখন বাৰলৈ। জগজিৎ সিংৰ গজলৰ সুৰত মগন হৈ গাড়ী চলাইছে ড্ৰাইভাৰজনে। কিন্তু যেন ষষ্ঠ ইন্দ্ৰিয়ই যেন এক বিপদৰ সংকেত দিলে।



আগলৈ...

সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট (পঞ্চম খণ্ড)


এঞ্জেলিনা জ'লীৰ দৰে ছোৱালীজনী যে মনজিত-কুলদ্বীপক বচাই আনিছিল যে তাই আন কোনো নাছিল| তাই পল্লবী বশিষ্ঠ পল| এজেন্ট 0012| বহুতেই তাই চচমা পিন্ধি থাকে বুলি ভাবে যদিও সেইয়া প্ৰকৃততে চচমা নহয় Google Glass হে| এই ডিভাইচটোৰ জৰিয়তে তাই সকলো ইনফৰমেশ্বন চকুৰ আগত দেখি থাকে| মোবাইল/লেপটপত খুঁচৰি ফুৰাৰ প্ৰয়োজন নহয়|

*          *          *           *          *          *

লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পাৰ্কিং প্লেচত দিপাংকৰে তাৰ ৰেঞ্জ ৰভাৰ স্পৰ্টখনৰ পৰা নামি ওঁঠত এডাল চিগাৰেট গুঁজি ললে | পকেটৰ পৰা মবাইলটো ওলিয়াই টাইপ কৰিলে "আজি বিহু ক?"

কেইমুহূৰ্তমানৰ পিছত বিজিতৰ পৰা ৰিপ্লাই আহিল 463ASTH2GHYPRESS82TIMES | তেওঁৰ ৰিপ্লাইটো Decoding কৰিবলৈ অন্তৰীক্ষালৈ ফৰৱাৰ্ড কৰিলে|



463ASTH2GHYPRESS82TIMES

Flight No.463 Asthana to Guwahati, Press 8 two times অন্তৰীক্ষাৰ পৰা দিপাংকৰলৈ ৰিপ্লাই আহিল| লগতে লিখি পঠিয়াইছে এই "সৰু কথাটো নাজানা| চেলফি তুলি আছিলো| বৰ কামোৰ দেই|"

দিপাংকৰে ফ্লাইট নাম্বাৰ Flight No.463 Asthana to Guwahati লৈ বাট চাই ৰ| কোন আহিব পাৰে? দেবুদাই একো খুলি কোৱা নাই| ভালকৈ তেওঁলোকক কভাৰ কৰি আনিব দিছে| সি উত্কণ্ঠাৰে বাট চাই ৰ|

*          *          *          *          *          *          *

ভেটাপাৰা, গুৱাহাটি| ডেবুডনৰ লেবৰেটৰী|

কাব্য কুন্তল-দিব্য প্ৰাঞ্জলৰ নেতৃত্বত বাকী কেইজন চাইণ্টিষ্টে কামবোৰ কৰি গৈছে|

Lab-6ৰ ইনচাৰ্জ মম্পি উধাতু খাই দৌৰি আহিল|

"দিব্য লেব ছিক্সত কিবা গণ্ডগোল হৈছে| সোনকালে চাই দিয়াহি|"

দিব্য মম্পিৰ লগত ওলাই গ| কোনোবা এটা পৰীক্ষা নলীৰ পৰা ছালফিউৰিক এছিড লিক হৈছিল| সেয়ে বিক্ৰিয়া হ| কেমিকেল ৰিয়েকচনটোতকৈ বুমনি আৰু মম্পিৰ ৰিয়েকচন চাবলৈ বেছ ভাল লগা আছিল| সাংঘাটিক ভয় খাইছিল দুয়োজনীয়ে|

*           *            *            *           *

সিন্ধান্ত মংগলে বিশেষ একো ভবা নাছিল । আছলতে ভাবিবলৈও ইচ্ছা কৰা নাছিল । তেখেতৰ মাথোন এটাই চিন্তাই সেই মুহুৰ্তত ক্ৰিয়া কৰি আছিল । যিকোনো উপায়ে চিংগাপুৰৰ পৰা এন.জি.অ. টোৱে টকাখিনি মেনেজ কৰিব লাগে ।

-ছাৰ , কিবা চিন্তা কৰি আছে ??

দ্ৰাইভাৰৰ প্ৰশ্নত সিন্ধান্তৰ ভাবনাত যতি পৰিল ।

-নাই ! বিশেষ একো নাই । অলপ ভাগৰুৱা হৈছো বুজিছা !

এডাল চিগাৰেট জ্বলোৱাৰ কথা ভাবিলে । পিছে কোটত জেপত হাত ভৰাই নিৰাশ হ'ল । পেকেট টো অফিছৰ কেবিনতেই পাহৰি আহিল ।

*          *           *         *          *           *

আস্তানা এয়াৰ পৰ্টৰ পাৰ্কিংত ৰৈ আছিল ৰেঞ্জ ৰভাৰখন । এজেন্ট পল্লবীয়ে একেবাৰে ৰেঞ্জ ৰভাৰখনৰ ওচৰতেই ৰাখিলে কাৰখন ।


পাৰ্কিংৰ চিগনেল দিয়াৰ লগে লগেই ৰেঞ্জ ৰভাখনখনৰ ভিতৰৰ পৰা এজন দীৰ্ঘদেহী পেশীবহুল লোক পল্লবীহঁতৰ কাৰখনৰ ওচৰলৈ আহিল । মনজিতে গ্লাছখন নমাই এটা চ্যুটকেছ মানুহজনলৈ আগবঢ়াই দিলে ।

কুলদ্বীপ আৰু মনজিত প্ৰায় দৌৰিয়েই এয়াৰপৰ্টৰ চিকিউৰীটি চেক ইনৰ দিশে অগ্ৰসৰ হ'ল।



আগলৈ...

সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট (ষষ্ঠ খণ্ড)


গুৱাহাটী ।

দীপাংকৰে এতিয়াও কনফাৰ্ম কৰিব পৰা নাছিল । অন্তৰীক্ষাই মিচাকৈ ক'বও পাৰে । কিন্ত এইমুহুৰ্তত বেলেগ উপায়ো নাই ।

গতিকে কি কৰা যায়?

সৌগতদাকে সোধা যাওক । চৌগতৰ নম্বৰটো ডায়েল কৰে দীপাংকৰে ।

সৌগত চৌধুৰী ব্যস্ত আছিল বাহিৰত ।

এপাৰ্টমেন্টত ওলোৱা সাপদাল ধৰি নিয়াতহে স্বস্তিৰ নি:শ্বাস পেলাইছে ।

*          *          *          *          *          *          *

সেই যে উজান বজাৰৰ কৰুণাময় এপাৰ্টমেণ্টৰ পানী টেংকিটোৰ ওচৰত ট্ৰেঞ্চমিটাৰ লগাই থৈছিল| সেইটোৰ পৰা একো ইনফৰমেশ্বন নোপোৱাত এদিন পুলকিতাক পঠিয়ালে| তাই তাইৰ বিখ্যাত পাৰ্পল ৰঙৰ বেগটোত ফেনাইল, নীল, খাৰ চাবোন ভৰাই সেইবোৰ বিক্ৰী কৰাৰ উদ্দেশ্যে কৰুণাময় এপাৰ্টমেণ্টত সোমাল| তাই চল বুজি কোনো নথকাৰ সুযোগ লৈ চাদৰ ওপৰ পালেগৈ| বৰষুণত তিতি ট্ৰাঞ্চমিটাৰৰ অৱস্থা তথৈবচ|

*          *          *          *           *          *         *

ভেটাপাৰা, গুৱাহাটি| দেবু ডনৰ লেবৰেটৰী|

কাব্য কুন্তল-দিব্য প্ৰাঞ্জলৰ অনুপস্থিতিত লেবৰ দায়িত্ব অমৃতাৰ ওপৰত ন্যস্ত কৰা হৈছে| সিহঁত দুটাক নতুন এছাইনমেণ্ট দিয়া হৈছে| গুড়গাৱৰ সিদ্ধান্ত মংগলৰ লেবট| অমৃতাই মম্পি-বুমনিক চডিয়ামৰ টিউব দুটা অনাৰ কথা কলে|

দুয়ো সেমেনা সেমেনিকৈ উত্তৰ দিলে| "পোৱা নাই| ডিয়ামৰ টিউব থকা ঠাইত দুটা নতুন টিউব আছে| তাত Na বুলিহে লিখা আছে| কোনে বা সলনি কৰিলে| বুমনি, So লিখা থকা টিউব কৰবাত আছে নেকি চোৱাচোন|"

*          *          *          *          *          *          *

অৱশেষত Asth-Ghy 463 ফ্লাইটখন এয়াৰপৰ্টত অৱতৰণ কৰিলে| নয়নজিত ডেকাক দেখি দিপাংকৰৰ ভাল লাগিল| গাজাৰীৰ এডমিনক সুৰক্ষা দিয়াৰ কাৰণে তেওঁক নিযুক্তি দিয়া হৈছে| কম সৌভাগ্য নে? দিপাংকৰে তাৰ ৰেঞ্জ ৰভাৰ স্পৰ্টখনৰ চাবি পকালে| গাড়ী জালুকবাৰী পাৰ হৈ চাংচাৰিৰ অভিমুখে ৰাওনা হ| বাট-পথ বেছ আহল-বহল| নিৰ্জন ৰাস্তাটোৰে দুয়ো গৈ আছিল|

কেৰেচচচচচচচচ....

দিপাংকৰে ব্ৰেকত হেঁচা দিলে| ৰাস্তাৰ দুয়োকাষে বহুকেইখন কলা গাড়ীয়ে আহি বাট আগচি ধৰিলে|

"অহ শ্বিট! আমাৰ খবৰ ইহঁতে কেনেকৈ পালে?" - দিপাংকৰে সাংঘাটিক বিৰক্তিৰে স্বগতোক্তি কৰিলে|

গাড়ী কেইখনৰ পৰা বহুকেইজন বন্দুকধাৰী নামি নয়নজিতহঁতৰ ফালে আগুৱাই আহিল| ট্ৰুপটো LR-300, M-16, MPT-76ৰ দৰে অত্যাধুনিক এছল্ট ৰাইফলেৰে সু-সজ্জিত|

নয়নজিতক পিছফালে ডিকিৰে নামি যাবলৈ নিৰ্দেশ দি দিপাংকৰে তাৰ M-4 কাৰ্বাইনটো উলিয়াই ললে| এপাল বন্দুকধাৰীৰ আগত দুজনে মুকলি ঠাইত যুদ্ধ জয় কৰাটো সম্ভৱ নহয়| নয়নজিতে গাড়ীৰ পিছফালে বহি তাৰ বেগৰ পৰা লেজাৰ ড্ৰনখন উলিয়াই সাজু কৰিলে|

দুগ দুগ দুগ শব্দেৰে অত্যাধুনিক এছল্ট ৰাইফল কেইটা গৰজি উঠিল| দুটামান বুলেটে দিপাংকৰৰ ৰেঞ্জ ৰভাৰ স্পৰ্টখনত আঘাট হানিলে|

"চাল্লা! কি ফকতিয়া বে? খুন পচিনা এক কৰি কষ্ট কৰা টকাৰে এমাহ আগত কিনিছো গাড়ীখন| গাড়ীৰ লগত কিহৰ ধেমালি বে?"

দিপাংকৰে তাৰ M-4 কাৰ্বাইনটোৰে সিঁহতৰ গুলীৰ প্ৰত্যুত্তৰ দিলে| ঠাং-ঠুং শব্দেৰে গাড়ীৰ উইণ্ড শ্বিল্ডখনত কেইটামান গুলি লাগিল| ভাগ্য ভাল সেইখন বুলেট প্ৰুফ| এইবাৰ দিপাংকৰৰ ধৈৰ্য়্যৰ বান্ধ চিঙিল| ড্ৰাইভিং চিটৰ পৰা নামি চিধাই সমুখলৈ লৰ দিলে| সমানেই গুলি চলাই গৈছে| তাৰ গুলিৰ আঘাটত বহুকইটা শত্ৰু ধৰাশায়ী হৈ পৰিল|

নয়নজিতে দেখিলে এনেকৈ বহি থাকিব নোৱাৰি| সিও লেজাৰ ড্ৰণখন আকাশ মাৰ্গলৈ বুলি উৰুৱাই দিলে| অতি ক্ষিপ্ৰতাৰে লেজাৰ মাৰি বহুকেইটা শত্ৰুক মৃত্যুৰ দুৱাৰ ডলিলৈ পঠিয়ালে| দিপাংকৰে উদভ্ৰান্ত হৈ নিৰ্বিচাৰে গুলি চলাই গৈছে| দুয়োৰে তাণ্ডৱ দেখি শত্ৰুবোৰ পলাল|





আগলৈ...