আমাৰ ঘৰত এটা ক’লা-বগা টিভি আছিল| বৰ্তমান সময়ত তেনেই সাধাৰণ কথা যদিও সেইসময়ত (ইং ২০০০ চনৰ আগৰ কথা) আমাৰ বাবে ই এটা গৌৰৱৰ বিষয় আছিল| কিয়নো আমাৰ বৃহত্ অঞ্চলটোত সেইসময়ত কাৰো ঘৰত টিভি নাছিল| পৰৱৰ্তী সময়তো
প্ৰথম ৰঙীন টিভি আমাৰ ঘৰতেই অনা হৈছিল যদিও পুৰণি
ক’লা-বগা টিভিতোৰ এক বিশেষ
গুৰুত্ব আছিল| দেউতাই
চাকৰি কৰি থকা সময়ত কিবা অ’ফাৰ পাই কিনিছিল এমট্ৰনৰ ক’লা-বগা টিভিতো| ঘৰখনৰ অমূল্য সম্পদ এই ক’লা-বগা টিভিতো ওচৰ-চুবুৰীয়াৰো মনোৰঞ্জনৰ আহিলা আছিল|
ৰবিবাৰে ৰাতিপুৱা ন বজাৰ পৰা আৰম্ভ
হৈছিল ’চন্দ্ৰকান্তা’ নামৰ এক ধাৰাবাহিক| থিক মুকেশ খান্না অভিনীত
জনপ্ৰিয় ধাৰাবাহিক শক্তিমানৰ দৰেই আছিল সেই অনুষ্ঠান| ইন্টাৰেস্টিং কথাটো
হ’ল সেইসময়ত অঞ্চলটোত বিজুলি বাতিৰ
সুবিধা নাছিল| যাৰবাবে টিভি চলোৱাটো আছিল এটা ব্যয়বহূল কাম| কিয়নো টিভি বা আন তেনেধৰণৰ সামগ্ৰীবোৰ বেটাৰিৰে চলাব লগা হৈছিল| ১২ ভল্টৰ
বেটাৰিতো চাৰ্জ শেষ হ’লে পুনৰ চাৰ্জ কৰিবলৈ পাহাৰীয়া অঞ্চল এটাৰ পৰা নমাই অনাটো এটা কস্টকৰ কাম আছিল|
তথাপিও টিভিত সম্প্ৰচাৰিত হোৱা অনুষ্ঠানবোৰ চোৱাৰ
মজাই সুকীয়া আছিল| সময় সলনি হ’ল| ৰাইজৰ অশেষ কস্টৰ
ফলত ঠাইখনলৈ বিদ্যুত আহিল| পাহাৰীয়া ঠেক ৰাস্তাবোৰ আহল-বহল হ’ল| এতিয়া
অনায়াসে গাড়ী চলাচল
কৰে| কিন্ত ক’লা-বগা দিনবোৰ? সেইবোৰ
ম’চিব নোৱাৰা
স্মৃতি| অতীতৰ স্মৃতি
ৰোমন্থন কৰাৰ মজাই বেলেগ| শৈশৱৰ ক’লা-বগা দিনবোৰ|