নয়নজিতৰ ওপৰত হোৱা এটেকৰ পিছত আকৌ এবাৰ নিজকে চিকুটি চালে ডেবু ডনে। ইমান সহজে
কেনেকৈ বাছি গ'ল !!!!ইমান সহজে ডেবু
ডন হাৰ মনা মানুহ নহয়।
এইবাৰ ডাইৰেক্ট এটেক দিম গাজাৰী মীটত! ৩০ এপ্ৰিল!!!
* * * * *
হেই ৱেইট! ষ্টপ দেয়াৰ!- সাগৰিকা বৰাই চিঞৰি কোৱাদি ক’লে|
কিন্তু ছাঁয়ামুৰ্তিয়ে তাইৰ কথা নুশুনি সমুখলৈ খোজ ল’লে|
হেই ৱেইট! টাৰ্ণ এৰাউণ্ড
এইবাৰ সাগৰিকাৰ মাতত ছাঁয়ামুৰ্তি থমকি ৰ’ল| তাই ছাঁয়ামুৰ্তিৰ কান্ধত হাতখন থোৱাৰ লগে লগে প্ৰচণ্ড ঘোচা
এটা সাগৰিকাৰ মুখত পৰিল| তাই কিছুদূৰলৈ চিটিকি
পৰিল| পেনিক বটনতো হেঁচুকি দিয়াৰ
লগে-লগে ৰাজশ্ৰী, পুলকিতা, আধুনিকা, চন্দনা, পাৰ্ভিছ, ৰাভিছ, ডিম্পীকে ধৰি ভালে কেইজনীমান কমাণ্ডো ওলাই আহিল|
গোটেইকেইজনীয়ে ছাঁয়ামুৰ্তিক আগুৰি ধৰিলে|
কিছু
নীৰৱ মুহূৰ্ত পাৰ হ’ল| যেন ধুমুহাৰ আগৰ প্ৰশান্ত আকাশখন|
"চা, মোৰ লগত লাগি কি পাবি?
মোক মোৰ
কাম কৰিব দে| তহঁতে নিজৰ কাম কৰ"-
ছাঁয়ামুৰ্তিয়ে মৌনতা ভংগ কৰিলে|
কি বিছাৰি আহিছ ইয়াত?- ডিম্পীয়ে মাত দিলে|
"সিদ্ধান্ত মংগলৰ
হাৰ্ড ড্ৰাইভটো| এতিয়া ৰাস্তা খালি কৰ|"
এইৰ কথা বেছি হৈছে| আমাক চিনি পোৱা নাই-
ৰাজশ্ৰীয়ে পোনেই চোঁচা ল’লে যদিও ছাঁয়ামুৰ্তিৰ
এলব’ স্মেশ্ব এটাত তাই পিছ হুঁহকি
আহিল|
ইমান সময়ে মনে মনে সকলো লক্ষ কৰি থকা পুলকিতাই হঠাত্ চুপাৰমেন পাঞ্চ এটা
সোধালে| ছাঁয়া মুৰ্তিয়ে দুফুটমান
দূৰলৈ চিটিকি পৰিল যদিও পুনৰ থিয় দিলে|
দহ
ছেকেণ্ড পিছতে সকলোৱে মিলি সেইখিনি ঠাইক যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰিলে| ছাঁয়ামুৰ্তিয়ে এফালৰ পৰা সকলোৰে লাঠ-ঘোচাবোৰ পৰা বচাৰ
আপ্ৰাণ চেষ্টা চলাই গৈছে| তাই পিছ হুঁহকি অহা
বিধৰ নহয় সুযোগ বুজি প্ৰাত্যাক্ৰমণ কৰি গৈছে|
হঠাত্
সুযোগ বুজি প্ৰিয়াক্ষিয়ে নেক ব্ৰেকাৰ এটা দি ছাঁয়া মুৰ্তিক বগৰাই পেলাই| সকলোৱে তাইক হাতে-ভৰিয়ে বান্ধি পেলায়| এখন যুদ্ধৰ অৱসান ঘটে|
* * *
* * * *
কুলদ্বীপ আৰু মনজিতে জাপানৰ অ’ছাকালৈ ডিল কৰিবলৈ
গৈছিল পাহৰিলে নেকি?
সিঁহতে ঘৰটোৰ কাৰুকাৰ্য দেখি হতবাক হ’ল| ষ্টেট অফ আৰ্ট ডিজাইনেৰে নিৰ্মিত ঘৰটো| আৰ্কিটেক্টজন কেনেকুৱা হ’ব লাগিব?
দুয়ো ছোফাখনত বহি ঘৰটোৰ চুক-কোণ চাই থাকোতেই Hioshito Makiguchi আহি পালে| তেওঁৰ লগতেই হ’ব এইটো ডিল| ডন ফিল্মখনৰ সিই
বিখ্যাত ডাইলগটো মনত আছে চাগে- "ডন কা ইণ্টেজাৰ গ্যাৰহ মুলকৌ কি পুলিছ কৰ
ৰাহা হে| পৰ ডন কো পকডনা মুছকিল হি
নেহী, নামুমকিন হে|" এই ডাইলগটো Hioshito Makiguchiৰ ক্ষেত্ৰটো প্ৰযোজ্য|
কিমান
মানুহ মাৰিলে তাৰ লেখ-জোখ নাই| এই বিশাল সম্পত্তিৰ
অধিকাৰী কেনেকৈ হ’ল সুধিলে সকলোৱে
একেমুখে ক’ব- "বহুত তেজ-পানী বোৱাই
কৰিছে|"
কুলদ্বীপ-মনজিত দুয়োৰে বুকুৱে ধান বানি আছে| কাজাখাস্তানত কিবাকে সাৰি আহিলো| কিন্তু এইবাৰ জাপানত
যদি গৰবৰ হয় তেনেহ’লে মাকিগুছিয়ে আগতে
গুলি মাৰিব তাৰ পিছত দুখ পালো নেকি সুধিব|
* * * * * *
বিপ বিপ বিপ... মাধুৰ্য বৰাৰ ফোনটো বাজি উঠে|
হেৰা! ফোনটো নুঠুৱা কিয়| এই ৰাতিখনো ফোন আহে
নে?-তেওঁৰ পত্নীয়ে চৰম বিৰক্তিৰে
কয়|
ফায়াৰ এলাৰ্ম হয়| বাজি থাকিব দিয়া|
ফায়াৰ এলাৰ্ম নহৈ কিবা ইম্পৰটেণ্ট ফোন হ’ব পাৰে| চোৱাচোন|
ম’বাইলটো মুখৰ আগত মধুৰ্য্যৰ
চকু ডাঙৰ হ’ল|
Debu Don Calling...
"তোমালোকক দায়িত্ব
দিয়াই ভুল| দায়িত্ব কি বুজি পোৱা দায়িত্ব? সিদ্ধান্ত মংগলক চেৰ পেলাই টকাখিনি মোৰ একাউণ্টলৈ আনিবলৈ কি
কি নকৰিলো? চব কষ্ট এনেই গ’ল মোৰ| এইবোৰ চিন্তাত বাকী
থকা চুলি কেইডালো সৰিল| টাৱাৰৰ পৰা স্পেম
লিংক পঠিয়াই সিদ্ধান্তৰ একাউণ্টৰ টকা ট্ৰাঞ্চফাৰ কৰিছিলো| কি হ’ল? আকৌ টকাবোৰ কেনেকৈ ওভতাই পালে? কোনে মোৰ লগত বিশ্বাসঘাটকতা কৰি আছে...? দেবু ডনে এফালৰ পৰা গালি বৰ্ষণ কৰি গ’ল|
দেবুদা, মই আপুনি কোৱাৰ দৰে টাৱাৰৰ
পৰা স্পেম লিংক পঠিয়াইছিলো| তেনেকৈ টকা খিনিও
আহিছিল| কিন্ত কোনোবা নিশ্চয় আছে
যিয়ে আপোনাক...মানে আমাক চেলেঞ্জ কৰি আছে...মাধুৰ্যই কথাখিনি
বুজোৱাৰ চেষ্টা কৰিলে|
"আৰে! মোক এইবোৰ কৈ কি
লাভ? জাপানৰ ডিলটো হ’লে তাৰ টকাবোৰো সিদ্ধান্তই পাব| মই কি পাম? বাবাজি কা থুল্লু?"
হ’ব দেবুদা| আপুনি নিশ্চিন্ত থাকক|
মই
কাইলৈ ইয়াৰ ব্যৱস্থা কৰিম|
মাধুৰ্য্যই ইমান দিলে লুকুৱাই ৰখা অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিলে| ’বেঙেনা ব’ম্ব’|
আগলৈ...