গুৱাহাটী ।
দীপাংকৰে এতিয়াও কনফাৰ্ম কৰিব পৰা নাছিল । অন্তৰীক্ষাই মিচাকৈ ক'বও পাৰে । কিন্ত এইমুহুৰ্তত বেলেগ উপায়ো নাই ।
গতিকে কি কৰা যায়?
সৌগতদাকে সোধা যাওক । চৌগতৰ নম্বৰটো ডায়েল কৰে দীপাংকৰে ।
সৌগত চৌধুৰী ব্যস্ত আছিল বাহিৰত ।
এপাৰ্টমেন্টত ওলোৱা সাপদাল ধৰি নিয়াতহে স্বস্তিৰ নি:শ্বাস পেলাইছে ।
* * * * * * *
সেই যে উজান বজাৰৰ কৰুণাময় এপাৰ্টমেণ্টৰ পানী টেংকিটোৰ ওচৰত ট্ৰেঞ্চমিটাৰ লগাই
থৈছিল| সেইটোৰ পৰা একো ইনফৰমেশ্বন
নোপোৱাত এদিন পুলকিতাক পঠিয়ালে| তাই তাইৰ বিখ্যাত
পাৰ্পল ৰঙৰ বেগটোত ফেনাইল, নীল, খাৰ চাবোন ভৰাই সেইবোৰ বিক্ৰী কৰাৰ উদ্দেশ্যে কৰুণাময়
এপাৰ্টমেণ্টত সোমাল| তাই চল বুজি কোনো
নথকাৰ সুযোগ লৈ চাদৰ ওপৰ পালেগৈ| বৰষুণত তিতি
ট্ৰাঞ্চমিটাৰৰ অৱস্থা তথৈবচ|
* * * * * * *
ভেটাপাৰা, গুৱাহাটি| দেবু ডনৰ লেব’ৰেটৰী|
কাব্য কুন্তল-দিব্য প্ৰাঞ্জলৰ অনুপস্থিতিত লেবৰ দায়িত্ব অমৃতাৰ ওপৰত ন্যস্ত
কৰা হৈছে| সিহঁত দুটাক নতুন এছাইনমেণ্ট
দিয়া হৈছে| গুড়গাৱৰ সিদ্ধান্ত মংগলৰ লেবট| অমৃতাই মম্পি-বুমনিক চ’ডিয়ামৰ টিউব দুটা অনাৰ কথা ক’লে|
দুয়ো সেমেনা সেমেনিকৈ উত্তৰ দিলে|
"পোৱা
নাই| চ’ডিয়ামৰ টিউব থকা ঠাইত দুটা নতুন টিউব আছে| তাত Na বুলিহে লিখা আছে| কোনে বা সলনি কৰিলে|
বুমনি, So লিখা থকা টিউব ক’ৰবাত আছে নেকি চোৱাচোন|"
* * * * * * *
অৱশেষত Asth-Ghy 463 ফ্লাইটখন
এয়াৰপৰ্টত অৱতৰণ কৰিলে| নয়নজিত ডেকাক দেখি
দিপাংকৰৰ ভাল লাগিল| গাজাৰীৰ এডমিনক
সুৰক্ষা দিয়াৰ কাৰণে তেওঁক নিযুক্তি দিয়া হৈছে| কম সৌভাগ্য নে? দিপাংকৰে তাৰ ৰেঞ্জ ৰ’ভাৰ স্পৰ্টখনৰ চাবি পকালে| গাড়ী জালুকবাৰী পাৰ হৈ চাংচাৰিৰ অভিমুখে ৰাওনা হ’ল| বাট-পথ বেছ আহল-বহল| নিৰ্জন ৰাস্তাটোৰে দুয়ো গৈ আছিল|
কেৰেচচচচচচচচ....
দিপাংকৰে ব্ৰেকত হেঁচা দিলে| ৰাস্তাৰ দুয়োকাষে
বহুকেইখন ক’লা গাড়ীয়ে আহি বাট আগচি ধৰিলে|
"অ’হ শ্বিট! আমাৰ খবৰ ইহঁতে
কেনেকৈ পালে?" - দিপাংকৰে সাংঘাটিক
বিৰক্তিৰে স্বগতোক্তি কৰিলে|
গাড়ী কেইখনৰ পৰা বহুকেইজন বন্দুকধাৰী নামি নয়নজিতহঁতৰ ফালে আগুৱাই আহিল| ট্ৰুপটো LR-300, M-16, MPT-76ৰ দৰে অত্যাধুনিক
এছল্ট ৰাইফলেৰে সু-সজ্জিত|
নয়নজিতক পিছফালে ডিকিৰে নামি যাবলৈ নিৰ্দেশ দি দিপাংকৰে তাৰ M-4 কাৰ্বাইনটো উলিয়াই ল’লে| এপাল বন্দুকধাৰীৰ আগত দুজনে
মুকলি ঠাইত যুদ্ধ জয় কৰাটো সম্ভৱ নহয়|
নয়নজিতে
গাড়ীৰ পিছফালে বহি তাৰ বেগৰ পৰা লেজাৰ ড্ৰ’নখন উলিয়াই সাজু
কৰিলে|
দুগ দুগ দুগ শব্দেৰে অত্যাধুনিক এছল্ট ৰাইফল কেইটা গৰজি উঠিল| দুটামান বুলেটে দিপাংকৰৰ ৰেঞ্জ ৰ’ভাৰ স্পৰ্টখনত আঘাট হানিলে|
"চাল্লা! কি ফকতিয়া বে? খুন পচিনা এক কৰি কষ্ট
কৰা টকাৰে এমাহ আগত কিনিছো গাড়ীখন| গাড়ীৰ লগত কিহৰ
ধেমালি বে?"
দিপাংকৰে তাৰ M-4 কাৰ্বাইনটোৰে
সিঁহতৰ গুলীৰ প্ৰত্যুত্তৰ দিলে| ঠাং-ঠুং শব্দেৰে
গাড়ীৰ উইণ্ড শ্বিল্ডখনত কেইটামান গুলি লাগিল|
ভাগ্য
ভাল সেইখন বুলেট প্ৰুফ| এইবাৰ দিপাংকৰৰ
ধৈৰ্য়্যৰ বান্ধ চিঙিল| ড্ৰাইভিং চিটৰ পৰা
নামি চিধাই সমুখলৈ লৰ দিলে| সমানেই গুলি চলাই
গৈছে| তাৰ গুলিৰ আঘাটত বহুকইটা
শত্ৰু ধৰাশায়ী হৈ পৰিল|
নয়নজিতে দেখিলে এনেকৈ বহি থাকিব নোৱাৰি|
সিও
লেজাৰ ড্ৰ’ণখন আকাশ মাৰ্গলৈ বুলি উৰুৱাই
দিলে| অতি ক্ষিপ্ৰতাৰে লেজাৰ মাৰি
বহুকেইটা শত্ৰুক মৃত্যুৰ দুৱাৰ ডলিলৈ পঠিয়ালে| দিপাংকৰে উদভ্ৰান্ত হৈ নিৰ্বিচাৰে গুলি চলাই গৈছে| দুয়োৰে তাণ্ডৱ দেখি শত্ৰুবোৰ পলাল|
আগলৈ...