সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট (ষষ্ঠ খণ্ড)


গুৱাহাটী ।

দীপাংকৰে এতিয়াও কনফাৰ্ম কৰিব পৰা নাছিল । অন্তৰীক্ষাই মিচাকৈ ক'বও পাৰে । কিন্ত এইমুহুৰ্তত বেলেগ উপায়ো নাই ।

গতিকে কি কৰা যায়?

সৌগতদাকে সোধা যাওক । চৌগতৰ নম্বৰটো ডায়েল কৰে দীপাংকৰে ।

সৌগত চৌধুৰী ব্যস্ত আছিল বাহিৰত ।

এপাৰ্টমেন্টত ওলোৱা সাপদাল ধৰি নিয়াতহে স্বস্তিৰ নি:শ্বাস পেলাইছে ।

*          *          *          *          *          *          *

সেই যে উজান বজাৰৰ কৰুণাময় এপাৰ্টমেণ্টৰ পানী টেংকিটোৰ ওচৰত ট্ৰেঞ্চমিটাৰ লগাই থৈছিল| সেইটোৰ পৰা একো ইনফৰমেশ্বন নোপোৱাত এদিন পুলকিতাক পঠিয়ালে| তাই তাইৰ বিখ্যাত পাৰ্পল ৰঙৰ বেগটোত ফেনাইল, নীল, খাৰ চাবোন ভৰাই সেইবোৰ বিক্ৰী কৰাৰ উদ্দেশ্যে কৰুণাময় এপাৰ্টমেণ্টত সোমাল| তাই চল বুজি কোনো নথকাৰ সুযোগ লৈ চাদৰ ওপৰ পালেগৈ| বৰষুণত তিতি ট্ৰাঞ্চমিটাৰৰ অৱস্থা তথৈবচ|

*          *          *          *           *          *         *

ভেটাপাৰা, গুৱাহাটি| দেবু ডনৰ লেবৰেটৰী|

কাব্য কুন্তল-দিব্য প্ৰাঞ্জলৰ অনুপস্থিতিত লেবৰ দায়িত্ব অমৃতাৰ ওপৰত ন্যস্ত কৰা হৈছে| সিহঁত দুটাক নতুন এছাইনমেণ্ট দিয়া হৈছে| গুড়গাৱৰ সিদ্ধান্ত মংগলৰ লেবট| অমৃতাই মম্পি-বুমনিক চডিয়ামৰ টিউব দুটা অনাৰ কথা কলে|

দুয়ো সেমেনা সেমেনিকৈ উত্তৰ দিলে| "পোৱা নাই| ডিয়ামৰ টিউব থকা ঠাইত দুটা নতুন টিউব আছে| তাত Na বুলিহে লিখা আছে| কোনে বা সলনি কৰিলে| বুমনি, So লিখা থকা টিউব কৰবাত আছে নেকি চোৱাচোন|"

*          *          *          *          *          *          *

অৱশেষত Asth-Ghy 463 ফ্লাইটখন এয়াৰপৰ্টত অৱতৰণ কৰিলে| নয়নজিত ডেকাক দেখি দিপাংকৰৰ ভাল লাগিল| গাজাৰীৰ এডমিনক সুৰক্ষা দিয়াৰ কাৰণে তেওঁক নিযুক্তি দিয়া হৈছে| কম সৌভাগ্য নে? দিপাংকৰে তাৰ ৰেঞ্জ ৰভাৰ স্পৰ্টখনৰ চাবি পকালে| গাড়ী জালুকবাৰী পাৰ হৈ চাংচাৰিৰ অভিমুখে ৰাওনা হ| বাট-পথ বেছ আহল-বহল| নিৰ্জন ৰাস্তাটোৰে দুয়ো গৈ আছিল|

কেৰেচচচচচচচচ....

দিপাংকৰে ব্ৰেকত হেঁচা দিলে| ৰাস্তাৰ দুয়োকাষে বহুকেইখন কলা গাড়ীয়ে আহি বাট আগচি ধৰিলে|

"অহ শ্বিট! আমাৰ খবৰ ইহঁতে কেনেকৈ পালে?" - দিপাংকৰে সাংঘাটিক বিৰক্তিৰে স্বগতোক্তি কৰিলে|

গাড়ী কেইখনৰ পৰা বহুকেইজন বন্দুকধাৰী নামি নয়নজিতহঁতৰ ফালে আগুৱাই আহিল| ট্ৰুপটো LR-300, M-16, MPT-76ৰ দৰে অত্যাধুনিক এছল্ট ৰাইফলেৰে সু-সজ্জিত|

নয়নজিতক পিছফালে ডিকিৰে নামি যাবলৈ নিৰ্দেশ দি দিপাংকৰে তাৰ M-4 কাৰ্বাইনটো উলিয়াই ললে| এপাল বন্দুকধাৰীৰ আগত দুজনে মুকলি ঠাইত যুদ্ধ জয় কৰাটো সম্ভৱ নহয়| নয়নজিতে গাড়ীৰ পিছফালে বহি তাৰ বেগৰ পৰা লেজাৰ ড্ৰনখন উলিয়াই সাজু কৰিলে|

দুগ দুগ দুগ শব্দেৰে অত্যাধুনিক এছল্ট ৰাইফল কেইটা গৰজি উঠিল| দুটামান বুলেটে দিপাংকৰৰ ৰেঞ্জ ৰভাৰ স্পৰ্টখনত আঘাট হানিলে|

"চাল্লা! কি ফকতিয়া বে? খুন পচিনা এক কৰি কষ্ট কৰা টকাৰে এমাহ আগত কিনিছো গাড়ীখন| গাড়ীৰ লগত কিহৰ ধেমালি বে?"

দিপাংকৰে তাৰ M-4 কাৰ্বাইনটোৰে সিঁহতৰ গুলীৰ প্ৰত্যুত্তৰ দিলে| ঠাং-ঠুং শব্দেৰে গাড়ীৰ উইণ্ড শ্বিল্ডখনত কেইটামান গুলি লাগিল| ভাগ্য ভাল সেইখন বুলেট প্ৰুফ| এইবাৰ দিপাংকৰৰ ধৈৰ্য়্যৰ বান্ধ চিঙিল| ড্ৰাইভিং চিটৰ পৰা নামি চিধাই সমুখলৈ লৰ দিলে| সমানেই গুলি চলাই গৈছে| তাৰ গুলিৰ আঘাটত বহুকইটা শত্ৰু ধৰাশায়ী হৈ পৰিল|

নয়নজিতে দেখিলে এনেকৈ বহি থাকিব নোৱাৰি| সিও লেজাৰ ড্ৰণখন আকাশ মাৰ্গলৈ বুলি উৰুৱাই দিলে| অতি ক্ষিপ্ৰতাৰে লেজাৰ মাৰি বহুকেইটা শত্ৰুক মৃত্যুৰ দুৱাৰ ডলিলৈ পঠিয়ালে| দিপাংকৰে উদভ্ৰান্ত হৈ নিৰ্বিচাৰে গুলি চলাই গৈছে| দুয়োৰে তাণ্ডৱ দেখি শত্ৰুবোৰ পলাল|





আগলৈ...