কুকুৰাৰ ডাক

কেতিয়াবা গাড়ীৰে যাওঁতে হেদালিত ওলমি থকা পাচলিবোৰ দেখিলেই মনটো ভাল লাগে| গুৱাহাটিত এইবোৰ লগাই মেলি খাবলে ঠাই ক? এসময়ত ৰাতিপুৱা সূৰ্য্যৰ পোহৰ খিৰিকিৰে সোমাই আহি শোৱা কোঠাতোত পৰে| এনেদৰেই গম পাইছিলো যে ৰজনী বিদূৰ ভৈল’| সময়ৰ লগে-লগে বাঢ়ি আহে টকা পইচা| এসময়ত আঠুকাঢ়ি থকা ঘৰবোৰ দৈত্যকায় দালানলৈ পৰিবৰ্তন হয়| মইও হেদালিত ওলমি থকা পাচলি থকা ঘৰৰ পৰা দালানলৈ আহি পালোচোন|
পুৰণা আৰু অভিজ্ঞ চিকিত্সক হিচাপে ভালেমান ঠাই ঘুৰিছো| বহুখিনি অভিজ্ঞতা গোটাইছো| বদলি হলে অসুবিধা নাপাও, মাত্ৰ কোনোবা ভিতৰুৱা গাঁৱলৈ দিয়াটোহে বিছাৰো, ত বহু নিৰক্ষৰ লোক থাকে| হোজা মানুহ কিছুমানে বহু সময়ত অসুবিধাৰ সৃস্টি কৰে যদিও সিহঁতৰ মাজত নিজৰ অভিজ্ঞতাবোৰ বিলাই ভাল লাগে| বহুতেই নাজানে "সৰু পৰিয়াল, সুখী পৰিয়াল"ৰ ধাৰণা| নাজানে বন্ধ্যাকৰণ বা গৰ্ভনিৰোধ কৰাৰ পদ্ধতি| তিৰোতাবোৰৰ অৱস্থা পুতৌজনক| সিহঁতৰ পিছফালে কুকুৰাৰ পোৱালীৰ দৰে ঘুৰি ফুৰে সতি-সন্ততি| থিক যেন পেৰেডলৈ ওলোৱা এদল আৰ্মি|
খলা-বমা পথেৰে এক দীঘলীয়া যাত্ৰাৰ শেষত এদিন আবেলি আহি পালো ধেমাজিৰ এখন ভিতৰুৱা গাঁওত| গাঁওখনত চিকিত্সালয়ৰ নামত এটা জৰাজীৰ্ণ পকীঘৰ আছে| গাঁওৰে দুজনী নাৰ্ছ আৰু এজন কম্পাউন্দাৰৰ সহযোগত কেলঢোপ-কেলঢোপকৈ জীয়াই আছে| ঘাটৰ পৰা মোক চিকিত্সালয়খনৰ চকীদাৰ হৰেনেই আগবঢ়াই আনিলে|
: চাৰ ভালে-ভালে আহি পালেনে? -হৰেনৰ প্ৰশ্ন
: উমমম... অভ্যাস আছে মোৰ| অসুবিধা হোৱা নাই| -মোৰ এইটো উত্তৰ মুখস্থ
: চাৰ আপোনাৰ ঘৰটো চাফ-চিকুন কৰি থকা হৈছে| বহুদিন এনেয়ে পৰি আছিল যে. . .
: আচ্ছা| মই চাফা কৰি ললোহেঁতেন| কাম কৰিবলে বেজাৰ নাপাও| অভ্যাস আছে|
: এহ নেলাগে চাৰ| আমিবোৰ থাকোতে আপোনি আকৌ কিয় কাম কৰিব লাগে| মাত্ৰ গাঁওৰ ৰাইজক সেৱা আগবঢ়ালেই হ|: থিক আছে বাৰু|: চাৰ আজি ৰাতিৰসাজ আমাৰ ঘৰতেই গ্ৰহণ কৰিব|
: এহ নালাগে দিয়া| মই কৰি লম বুইছা? অভ্যাস আছে|: আমাৰজনীয়ে বেয়া নাৰান্ধে চাৰ| মইহে কেতিয়াবা তাইৰ খঙ উঠাবলৈ ভাল নেৰান্ধে বুলি কওঁ| তাইৰ লাজত ৰঙা পৰা মুখখন দেখিলে মৰম জাগি উঠে| আহিব চাৰ|
: তুমি দেখিছো পত্নীক খুউব মৰম কৰা|
: চাৰ তাইক ক্লাছ নাইনৰ পৰাই ভাল পাওঁ| মোৰ আই পিতাই কোনো নাই| সেয়েহে এদিন পলুৱাই আনিলো|
সঁচাকৈ হৰেনৰ পত্নীয়ে বেয়া নাৰান্ধে| সন্ধিয়া জুতি লগাকৈ কুকুৰাৰ মঙহ ৰান্ধি খুৱালে| ৰাতি বহুদেৰিলৈকে সিহঁতৰ লগত কটালো| প্ৰথমদিনাই বহুত আপোন কৰি পেলালে| ঘড়ীটোৱে ১ বজাৰ ইংগিত দিয়াত মই আৰু পলম কৰাৰ ইচ্ছা নকৰিলো|
: হৰেন এতিয়া শোৱাই ভাল হ| পুৱা সোনকালে হস্পিতাললৈ যাব লাগিব|
: হয় চাৰ| মানুহবোৰে বিভিন্ন বেমাৰ দেখুৱাবলৈ ৰৈ থাকিব| বহুতদিন গাঁৱখনত ডাক্টৰ নথকাৰ বাবে মানুহবোৰৰ যথেস্ট অসুবিধা হৈছে| এতিয়া আপোনি আহিছে যেতিয়া অকণমান সকাহ পাব|
: তোমাৰ মানুহজনীয়ে সঁচাকৈ ভাল ৰান্ধে| তাইৰ প্ৰতি মৰম কমিব নিদিবা|: ঠিক আছে বাৰু চাৰ|ৰাতিপুৱা সোনকালে উঠাতো মোৰ পুৰণি অভ্যাস| ঠাই সলনি হলেও স্ৱভাৱটো সলনি হোৱা নাই| ৰাতিপুৱা ৭:৩০ বজাতেই চিকিত্সালয় পালো| কিন্ত হৰেন আহি নাপালে| সিটো ৭ বজাতেই আহি পোৱাহিৰ কথা আছিল| উপায় বিহিনহৈ তাৰ ঘৰলৈকে খোজ ললো|
: হৰেন, তুমি দেখোন পুৱা ৭ বজাতেই অহাৰ কথা আছিল...
: ক্ষমা কৰিব চাৰ| সোনকালে উঠিব নোৱাৰিলো| ৰাতি শোওতেওঁ দেৰি হল যে|
: ঠিক আছে বাৰু কোনো কথা নাই| ঘড়ী আছেনে নাই? এলাৰ্ম লগাই থবা|
: ইমান দামী ঘড়ী কিনিবলৈ সাধ্য নাই চাৰ| আমি গাঁৱৰ মানুহ; কুকুৰাৰ ডাক শুনিলেই পাটীৰ পৰা উঠো|
: পিছে আজি কুকুৰাৰ ডাক নুশুনিলা?
: নহয় চাৰ| সদায় ৰাতিপুৱা ডাক দি অহা কুকুৰাটো কালি খোৱা হ|