চাইনীজ মাস্ক চেঞ্জিং এক্ট

চাইনীজ মাস্ক চেঞ্জিং এক্ট বা বিয়ান লিয়ান (Bian Lian) চীন দেশৰ চিছুৱান প্ৰদেশৰ এক পুৰণি জনপ্ৰিয় গীতি-নাট্য| বিয়ান লিয়ানৰ আক্ষৰিক অৰ্থ হ’ল মুখা সলোৱা| বৰ্তমান সময়তো চীন দেশৰ বৈভৱ বুলি গণ্য কৰা এই কলাবিধ অতি কঠিন আৰু গুপুত| সেয়হে কিছুসংখ্যক লোকহে এই কলাবিধত পাৰ্গত| বিয়ান লিয়াল প্ৰদৰ্শনৰ বাবে প্ৰয়োজন হয় অসীম ধৈৰ্য্য, বিশেষ পাৰদৰ্শিতা আৰু মজগুৰ কচৰত্‍| কোকলোঙাই নিজৰ বৰণ সলোৱাৰ দৰে এই কলা প্ৰদৰ্শনকাৰীয়ে নৃত্যৰ ছন্দত হাতখন মুখমণ্ডলৰ সম্নুখত অগা-দেৱা কৰি আৰু মূৰটো বিশেষ ভমগিমাত লৰাই তেওলোকে পিন্ধি থকা মুখাবোৰ সলনি কৰে| ঠিক যাদুকৰ এজনে আমাৰ চকুৰ আগত এখিলা কাগজৰ পৰা ভিন্নৰঙী ৰিবন উলিওৱাৰ দৰেই এই কলা| অতি ক্ষীপ্ৰভাৱে সলোৱা এই মুখাবোৰে নৃত্যৰত চৰিত্ৰতোৰ খং, মৰম, দুখ, অভিমান আদি ভাব প্ৰকাশ কৰে| সেউজীয়া ৰঙৰ মুখাই ভয়, ৰঙাই উদ্বিগ্নতা, হালধীয়াই জীৰণি, মুগা ৰঙে এলাহ, ক’লাই পৃথক আৰু সোনালী ৰঙৰ মুখাই খঙৰ প্ৰতীক বহন কৰে|

প্ৰাপ্ত তথ্য অনুসৰি কিং সাম্ৰাজ্যৰ শাসক কিয়ানলং (Qing dynasty emperor Qianlong)ৰ শাসনকালত চিছুৱান অপেৰাত প্ৰথমবাৰৰ বাবে মাস্ক চেঞ্জিং এক্ট দেখুওৱা হৈছিল| মহিলাসকলক যিহেতু বিয়া দি ঘৰৰ পৰা বিদায় দিয়া হৈছিল, সেয়েহে অকল পুৰুষসকলে এই কলা শিকিব পাৰিছিল| এই কলা জনা নতুন কুশলী বা দল গঠন হোৱাৰ ভয়ত কলা বিধৰ  শিক্ষাৰ ব্যৱস্থা সীমিত কৰা হৈছিল| বৰ্তমান সেই প্ৰেক্ষাপত সলনি হৈছে আৰু বিয়ান লিয়ান প্ৰদৰ্শনকাৰী বহুতো ভাল মহিলা কুশলী ওলাইছে|

মাস্ক চেঞ্জিং এক্ট কেনেধৰণে কৰা হয়:-
বিয়ান লিয়ান এক গুপুত কলা| সেয়েহে ইয়াৰ কুশলীসকলে কলাবিধ সহজলভ্য কৰিব বিছৰা নাছিল| সেয়েহে  বিয়ান লিয়ানৰ আৰৰ ৰহস্য ভেদ কৰা সহজ নহয়| মাত্ৰ বিয়ান লিয়ান প্ৰদৰ্শনকৰ্তা বা তেওঁৰ দলটোৰ সদস্যসকলৰ মাজতেই ইয়াৰ কৌশলবোৰ সীমাবদ্ব থাকে| এই গুপুত কলাবিধৰ কৌশল বৰ্তমান সময়তো সহজলভ্য নহয় যদিও কিছু অনুসন্ধিত্‍সু লোকে ইয়াৰ  ৰহস্য সামান্যভাৱে ফাদিল কৰিছে|

কেতিয়াবা প্ৰদৰ্শনকাৰীজনে হাতৰ তলুৱাত লৈ থকা ক’লা, সোণালী নাইবা আন ৰঙৰ গুড়ি নৃত্যৰ চন্দত কৌশলেৰে নিজৰ মুখত চটিয়ায়| যাৰবাবে মুখাখনত এই ৰঙ লাগি ধৰে আৰু মুখাৰ ৰঙ সলনি হয়| এই কলা প্ৰদৰ্শনৰ কাৰণে কেতিয়াবা ৰঙ ভৰ্তি সৰু বাকচ নাইবা পিয়লাও ব্যৱহাৰ কৰে| য’ত নৃত্যৰ চন্দেৰে পিয়লা বা বাকচটোত ফুৱাই ৰঙবোৰ নিজৰ মুখত সিচৰিত কৰি লয়|

বিয়াল লিয়ান প্ৰদৰ্শনকাৰীয়ে অতি কৌশলেৰে তেওলোকৰ মুচৰ ৰঙ সলনি কৰাও দেখা যায়| এই ব্যৱস্থাটোক বিয়াৰ্ড মেনিপুলেটিং (Facing Manipulating) বুলি কোৱা হয়|

কেতিয়াবা বিয়ান লিয়ান প্ৰদৰ্শনকৰ্তাই ‘ফেচ পুলিং’ (Face Pulling) নামৰ কলাৰ সহায় লয়| এই কলা প্ৰদৰ্শনকৰ্তাই প্ৰথম অৱস্থাত বিভিন্ন ৰঙৰ মুখা তেওলোকৰ মূৰৰ ওপৰফালে লুকুৱাই ৰাখে, যিবোৰ কলা প্ৰদৰ্শনৰ সময়ত হাতৰ ঠাৰেৰে তললৈ নমাই আনে| এনেদৰে ইখনৰ পিছত সিখন মুখা সলনি হোৱা দেখা যায়|

আকৌ কেতয়াবা মাস্ক চেঞ্জিংৰ বাবে কুশলীসকলে ‘ফেচ ড্ৰেগিং’ (Face Dragging) কলাৰ সহায় লয়| এই কলাবিধৰ কাৰণে গ্ৰীজপেইণ্ট (এবিধ বিশেষ নাট্য সজ্জা)ৰ প্ৰয়োজন হয়| এই গ্ৰীজপেইণ্টবোৰ গালৰ আশে-পাশে লগোৱা থাকে, যিবোৰ নাচৰ তালত সলাব পাৰি|

ইয়াৰ ওপৰিও কিছুলোকে মত পোষন কৰে যে বিয়ান লিয়ান প্ৰদৰ্শনকৰ্তাই তেওলোকৰ পোচাকযোৰৰ লগত মুখাবোৰ এক বিশেষ কৌশলেৰে বান্ধি ৰাখে| প্ৰদৰ্শনৰ সময়ত মুখাবোৰৰ লগত বন্ধা পাতল সুতাবোৰ টানি মুখাবোৰ সলাই|

মাস্ক চেঞ্জিংৰ কামটো সুবিধাজনক কৰাৰ কাৰণে তেওলোকে মুখাবোৰ অতিশয় পাতলকৈ তৈয়াৰ কৰে, যাতে এখন মুখাৰ ওপৰত আন এখন ভালদৰে ৰাখিব পৰা যায়|  কাৰিকৰী কলা যিমানেই প্ৰয়োগ নকৰক কিয়, এটা কথা মনকৰিবলগিয়া যে এই কলা প্ৰদৰ্শনকাৰীসকল প্ৰতিভাসম্পন্ন, অধ্যৱসায়ী আৰু উচ্চ প্ৰশিক্ষিত| যিয়ে তেওলোকক এনে এক কঠিন কলা প্ৰদৰ্শন কৰাত সহায় কৰে|

পুৰণি কালত প্ৰদৰ্শনকাৰীসকলে বহুত কম মুখা সলাই এই কলা প্ৰদৰ্শন কৰিছিল যদিও সময়ৰ পৰিৱৰ্তন আৰু অনুশীলনৰ ফলত মুখাসলোৱাৰ পৰিমান বাঢ়ে| ১৯৯৪ চনত প্ৰদৰ্শনকাৰীয়ে চাৰিখন মুখা সলাব পাৰিছিল যদিও তেওলোকৰ অধ্যৱসায় গুণে বৰ্তমান সময়ত ১৮ৰ পৰা ২০ খনলৈ মুখা সলাব পৰা কৰিছে| চিছুৱান অপেৰা শিক্ষক পেঙ ডেনঘুৱাই মাত্ৰ ২৫ চেকেণ্ডৰ ভিতৰত ১৪ খন মুখা সলাই গিনিজ ৱৰ্ড্ল ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে|