২০ টকীয়া নাৰিকল

এইটো কথা তেতিয়াৰ, যেতিয়া হিউৱেন চেঙ ভাৰতত কুঁহিয়াৰ খেতি কৰিব আহিছিল| সেইসময়ত চীন দেশৰ Chao-Min-Kham নামৰ গাওঁ এখনত কলিতা দম্পতী বাস কৰিছিল| এবাৰ কি কলিতাৰ বাৰীত প্ৰচুৰ নাৰিকল উত্পাদন আৰু কলিতানীয়ে বুঢ়াক নাৰিকল কেইটামান বজাৰত বিক্ৰী কৰিব দিলে|

সাদৰী বুঢ়ীৰ কথামতে কলিতা বুঢ়াই নাৰিকল দুই দজন বিক্ৰী কৰি থৈ আহিল| ঘৰ আহি পোৱাৰ লগে লগেই বুঢ়ীয়ে সুধিলে-

কলিতানী: বুঢ়া, নাৰিকল বেছি কেইটকা পালি?

কলিতা: বিছ(কলিতানীয়ে ফল্ডিং বিচনীখন আনি বুঢ়াক ধুম-ধাম বিচি দিয়ে)

কলিতানী: বুঢ়া, নাৰিকল বেছি কেইটকা পালি?

কলিতা: বিছ(এইবাৰ কলিতানীয়ে অলপ জোৰকৈ বিচে)

কলিতানী: বুঢ়া, নাৰিকল বেছি কেইটকা পালি?

কলিতা: বিছকলিতানী: মৰণ নোহোৱা বুঢ়া! পুৱাই গেলা মখা খাই আহিলি নেকি? সেইপৰৰ পৰা বিচি আছো, গাত বিচ লাগা নাই নেকি?

কলিতা: হেই বুঢ়ী! তোক কোনে বিচিব দিছে? মই বিছ টকা পোৱা বুলিহে কৈছোঁ|

Assamese Joke