এবাৰ গৌতম বুদ্ধ তেওঁৰ কেইজনমান অনুগামীৰ সৈতে এখন প্ৰদেশ ভ্ৰমণলৈ ওলাল| বাট-পথৰ অৱস্থা সুচল নহয়| মূৰৰ ওপৰত প্ৰখৰ ৰ’দ| কেতিয়াবা কাইঁটীয়া জোপোহাৰ মাজেৰে, কেতিয়াবা হাবি ভাঙি,
অন্য
সময়ত শিলাময় অসমান পথেৰে তেওঁলোক ক্ৰমাত্ আগবাঢ়ি গৈছে| তথাপিও তেওঁলোক গন্তব্য স্থান পাবলৈ দৃঢ় প্ৰতিজ্ঞ| দুপৰীয়া সময়ত এডাল বট বৃক্ষৰ তলত তেওঁলোক আটাইকেইজন জিৰণি ল’বলৈ বহিল|
"প্ৰখৰ ৰ’দত অণ্ঠ-কণ্ঠ শুকাইছে|
অকণমান
পানীৰ ব্যৱস্থা কৰিব পাৰিবা নেকি?"
-বুদ্ধদেৱৰ
চিৰাচৰিত মৃদু কণ্ঠৰে অনুগামী সকলক সুধিলে|
এজন অনুগামী জুৰি এটিৰ পাৰলৈ গ’ল| সেই সময়ত এজাক পশুৱে জুৰিটিৰ পানীৰে তৃষ্ণা পূৰণ কৰি আছিল| বুদ্ধদেৱৰ অনুগামীজনৰ আগমনত সিহঁত জুৰিটিৰ মাজেৰে পাৰ হৈ
পলায়| পশুৰ জাকটো জুৰিটিৰ মাজেৰে
পাৰ হোৱা হেতুকে পানীখিনি ঘোলা হয়|
অনুগামীজন বিফল মনোৰথেৰে ঘুৰি আহি বুদ্ধদেৱক জনালে যে এজাক পশু জুৰিটিৰ মাজেৰে
পাৰ হোৱা বাবে পানীখিনি ঘোলা হ’ল আৰু তেনে অপৰিস্কাৰ
পানী তেওঁৰ গুৰুক পান কৰিব দিব নোৱাৰে|
কিছুসময় পিছত বুদ্ধদেৱে অনুগামীজনক পুনৰ জুৰিটিৰ পাৰলৈ পঠিয়ালে| তেতিয়াও পানীখিনি ঘোলা হৈ থকাৰ বাবে অনুগামীজন পুনৰ খালী
হাতেৰে ওভতিব লগা হ’ল| এনেদৰে তিনিবাৰ বিফল হৈ ঘুৰি অহা অনুগামীজনে চতুৰ্থবাৰ
পৰিস্কাৰ পানী পালে আৰু সেইয়া আনি তেওঁৰ গুৰুক দিলেহি|
পানীখিনি পান কৰাৰ পিছত বুদ্ধদেৱে অনুগামীকেইজনক উদ্দেশি প্ৰশ্ন কৰিলে-
"ঘোলা পানীখিনিৰ পৰা কিবা শিক্ষা পালা নে?"
কোনো এজন অনুগামীৰ চৰত ইয়াৰ উত্তৰ নাছিল|
সেয়ে
বুদ্ধদেৱে তেওঁলোকক ক’লে-
"পানীখিনি যিমান সময়
হেন্দোলনি খাইছিল, সিমানসময় পানীত থকা
অপৰিস্কাৰ পদাৰ্থবোৰে পানীখিনি ঘোলা কৰি ৰাখিছিল| এটা সময়ত পানীখিনিৰ দোলন কম হোৱাত অপৰিস্কাৰ পদাৰ্থবোৰ তল পৰিল আৰু পানীখিনি
পৰিস্কাৰ হ’ল| মানুহৰ জীৱনৰ লগত জৰিত সুখ-দুখ, কাম-ক্ৰোধ, মায়া-মমতা, জৰা-ব্যাধি, আবেগ-অনুভুতিবোৰ
কিছুসময় আগত ঘোলা পানীখিনিত থকা পদাৰ্থবোৰৰ দৰে| এইবোৰ বিষয়ে আমি যিমানেই চিন্তা কৰিম এইবোৰে হেন্দোলনি খাই আমাৰ জীৱনটো
দুৰ্বিসহ কৰি তুলিব| আমি এই চিন্তাবোৰৰ
পৰা নিজকে যিমানেই এৰাই চলিম সিমানেই জীৱনটো উপভোগ্য হ’ব| ঠিক জুৰিটিৰ পৰিস্কাৰ পানীখিনিৰ দৰে"
