ল’ৰালি কাল উজান বজাৰত পাৰ
হৈছিল| চুলি কটাবলৈ দেউতাই জাহাজঘাটৰ
ওচৰৰে (কামৰুপ মেট্ৰ’ৰ উপায়ুক্তৰ বাংলোৰ
কাষত) চেলুন এখনলৈ লৈ গৈছিল| বিহাৰী সম্প্ৰদায়ৰ
নাপিতজনৰ নাম আছিল ৰাজাৰাম|
ভাইটি আৰু মোক ওখ চকী দুখত তক্তা লগাই ‘এডজাষ্ট’ কৰি বহুৱাই
দিয়াৰ পিছতে লাহেকৈ দেউতাক কওঁ “চুলি চুটিকৈ নকটাও
দেই|”
দেউতাই ৰাজাৰামক মিহিকৈ ধমক এটা দি কয় “ঐ ৰাজাৰাম, চুলি বেছি চুটিকৈ নাকাটিবি দেই|”
ধমকিতোৰ অৰ্থ ৰাজাৰামে বুজি পায়|
“হ’ব উত্পলদা, চিন্তা নকৰিব” বুলি কৈ ৰাজাৰামে চুলি কটা পৰ্ব আৰম্ভ কৰে| সমুখৰ আইনাখনলৈ চাই থাকো কিমান চুলি কাটিলে| ভাইটি বা মোৰ মুখৰ মাত পালেই ৰাজাৰামে কয় “চকু মুদি দিয়া|
নহ’লে চকুত চুলি সোমাব|”
এইখিনিতেই
ডাঙৰ ’ধৌখা’ হৈ যায়| যেতিয়া চকু মেলিব
দিয়ে তেতিয়া দেখো মূৰটো বাকলি গুচোৱা নাৰিকলটোৰ দৰে একেবাৰে চুটি চুটি কেইডালমান
চুলিৰে তালুখন জিলিকি আছে| ভাইটি আৰু মোৰ ফুলা
মুখ দুখন দেখি ৰাজাৰামে বঢ়িয়াকৈ মুৰত মালিছ দি দিঙিত পাউদাৰ সানি পঠিয়াই দিয়ে|
দুয়োটাৰে অৱস্থা ডংগল ফিল্মখনৰ গীতা আৰু ববিতাৰ দৰে হয়| দুয়ো মুখ ফুলাই ঘৰ পাওঁহি| ঘৰত আহি হাল্লা| ৰাজাৰামে ইমান চুটিকৈ
চুলি কাটি দিলে| “মইতো তাক মানা
কৰিছিলো| ৰহ তাক গধুলিলৈ দি আছো”- দেউতাৰ শান্ত্বনা বাণী|
দেউতাই ৰাজাৰামক দিয়া ধমকিতোৰ লগত এটা চকু টিপো মাৰিছিল| সেয়ে দেউতাৰ ধমকিৰ পিছতো চুলি কিয় চুটিকৈ কটা হৈছিল এই
ৰহস্যটো পিছত উদঘাটন হৈছিল| সি যি কি নহওক| চকুত চুলি সোমাব বুলি এতিয়াও চুলি কাটিলে চকু মুদি থাকো|