এবাৰ বেলুন প্ৰস্তত কৰা প্ৰতিষ্ঠানৰ মালিক কেইজনমান এঠাইত গোট খালে| তেওঁলোকৰ সকলোৰে মুখত এটাই কথা "ৱি আৰ দ্য বেষ্ট বেলুন মেনুফেকচাৰাৰ"| কোনেও হাৰ নামানে| প্ৰত্যেকজনে নিজৰ প্ৰতিষ্ঠানক সৰ্বোত্কৃষ্ট প্ৰতিপন্ন কৰিব বিছাৰে|
তেওঁলোকৰ কাজিয়া চৰম পৰ্যায় পোৱাৰ আগতেই এজন বয়োজ্যেষ্ঠ লোক তাত উপস্থিত হ’ল| তেওঁ প্ৰতিজন মালিকক তেওঁলোকৰ প্ৰতিষ্ঠানৰ একোটাকৈ বেলুন ফুলাবলৈ দিলে| সকলোৱে যিমান পাৰে সিমান ডাঙৰকৈ বেলুন ফুলালে| তাৰপিছত তেওঁলোকক নিজৰ বেলুনটো কিমান সময়লৈকে বচাই ৰাখিব পাৰে তাৰ নিৰ্দেশ দিয় হ’ল| যাৰ বেলুন বেছি সময়লৈকে থাকিব তেওঁকেই শ্ৰেষ্ঠত্বৰ খিতাপ দিয়া হ’ব|
তেওঁৰ কথা শুনাৰ পিছমুহূৰ্ততে ইজনে সিজনৰ বেলুন ফুটাবলৈ আৰম্ভ কৰিলে| টানি-আজুঁৰি, পিনেৰে খুঁচি কেইমুহূৰ্তমানৰ ভিতৰতে অধিক সংখ্যক বেলুন ফুটাই পেলালে| চাৰিটামান বেলুন বাকী থাকিল|
তেতিয়া বয়োজ্যেষ্ঠ লোকজনে ক’লে "তোমালোকৰ সকলোৱে বেষ্ট কোৱালিটিৰ বেলুন উত্পাদন কৰা আৰু সেইয়া প্ৰতিপন্নও কৰিব বিছৰা| কিন্ত শ্ৰেষ্ঠতাৰ দৌৰত ইজনে সিজনক কেনেকৈ তল পেলাই নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰা সেইটোত বেছিকৈ মন দিয়া| উন্নত প্ৰযুক্তি বিদ্যা/কৌশল প্ৰয়োগ কৰি নিজৰ সামগ্ৰী বিধ কেনেকৈ অধিক উন্নত কৰিব পাৰা তাৰ কথা কোনেও চিন্তা কৰা নাই| তাৰ ফলত বহুতো ভাল প্ৰতিষ্ঠান বন্ধ হৈছে, নতুবা ধংস হৈছে| নিজে কি উত্পাদন কৰিছা তাত মন দিয়া| সেই সামগ্ৰীবিধ অধিক উন্নতমানৰ কৰা| এই বিজনেজ ষ্ট্ৰেটেজী গ্ৰহণ কৰা| এদিন আনে নিজেই ক’ব "য়েছ| ইউ আৰ দ্য বেষ্ট"|
No comments:
Post a Comment