প্ৰেমত টাৰ্মছ এণ্ড কণ্ডিছনছ এপ্লাই নহয়

কিছুবছৰ আগত বন্ধু এজনে কৈছিল প্ৰেমৰ বাবে বিশেষ এটা দিন কিয় তাই মোৰ বাবে সদায় স্পেচিয়েল। কেইমাহমান আগত দুয়োৰে বিয়া হ'ল।

দক্ষিণ ভাৰতীয় ৰামায়ণত লক্ষ্মণ আৰু তেওঁৰ পত্নী উৰ্মিলাৰ চৰিত্ৰ দুটি সুৱলাকৈ উপস্হাপন কৰিছে। ইয়াত বৰ্ণিত কাহিনী অনুসৰি ৰাম-সীতা আৰু লক্ষ্মণৰ সৈতে উৰ্মিলাও বনবাসলৈ যাবলৈ সাজু হৈছিল। উৰ্মিলা লগত থাকিলে ৰাম-সীতাৰ সেৱাত ব্যাঘাত হোৱাৰ আশংকাত লক্ষ্মণে উৰ্মিলাক অযোধ্যাত থকাৰ নিৰ্দেশ দিয়ে। বনবাসৰ প্ৰথম নিশা ৰাম-সীতা শুই পৰাৰ পিছত নিদ্ৰা দেৱী লক্ষ্মণৰ ওচৰলৈ আহে। ৰাম-সীতাৰ সেৱাত ব্যাঘাত নহ'বলৈ লক্ষ্মণে নিদ্ৰা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু তেওঁৰ ভাগৰ টোপনি পত্নী উৰ্মিলাক দিয়াৰ অনুৰোধ কৰে। ইয়াৰ পিছত নিদ্ৰা দেৱী উৰ্মিলাৰ কাষ চাপি এই ঘটনাটোৰ বিষয়ে কয় আৰু উৰ্মিলাই লক্ষ্মণৰ ভাগৰ টোপনি গ্ৰহণ কৰে। এনেদৰে উৰ্মিলাই চৈধ্য বছৰ কাল শুই থাকে। ইয়াক উৰ্মিলা নিদ্ৰা বুলি কোৱা হয়। কোনো চৰ্তৰ বিনিময়ত উৰ্মিলাই এই ত্যাগ কৰা নাছিল। তেখেতৰ প্ৰেম আছিল চৰ্তবিহীন।

হস্তিনাপুৰৰ ৰজা শান্তনুই এদিন বনত গংগাক লগ পায় আৰু বিয়াৰ প্ৰস্তাৱ দিয়ে। গংগাই এটা চৰ্তত বিয়াৰ বাবে মান্তি হয় যে গংগাই কৰা কোনা কামৰ বিষয়ে ৰজাই কোনাধৰণৰ প্ৰশ্ন কৰিব নোৱাৰিব। তেওঁলোকৰ সন্তান জন্ম হোৱাৰ পিছত গংগাই এই সন্তান নৈত উটুৱাই থৈ আহে। চৰ্ত অনুসৰি শান্তনুই কোনো প্ৰশ্ন সোধাৰ পৰা বিৰত থাকে, কিয়নো প্ৰশ্ন কৰিলেই গংগাই এৰি যাব। এনেদৰে এটি-দুটিকৈ ছটা সন্তান নৈত উটুৱাই দিয়াৰ পিছত সপ্তমটি সন্তান উটুৱাই দিয়াৰ সময়ত ৰজাৰ ধৈৰ্য্যৰ বান্ধ ছিগে আৰু এই বিষয়ে প্ৰশ্ন কৰে। চৰ্ত অনুসৰি গংগাই ৰজা শান্তনুক এৰি যায়।

পলিচি ডকুমেণ্টছত থকাৰ দৰে সৰু তৰা চিহ্নটি প্ৰেমত নাৰাখিব। প্ৰেমত নিয়ম আৰু চৰ্তাৱলী প্ৰযোজ্য নহয়।

(প্ৰিয় পডকাষ্ট এটাৰ লিখিত ৰূপ)   

সৰাপাতত আহিব ফাগুন, আবিৰৰ ৰঙ বিলাবলৈ...

অফিচৰ খিৰিকিখন খুলি বাহিৰলৈ চালোঁ। কংক্ৰীটৰ দালানবোৰৰ মাজত সগৰ্বেৰে ফুলি আছে এজোপা সুউচ্চ মদাৰ। সৰি পৰা ৰঙা মদাৰ ফুলৰ পাহিবোৰ নখৰ মূৰত গুজি নখকেইটা দেখুৱাই ফুৰা দিনবোৰ এতিয়া ফাগুনৰ ধূলিয়ৰী পৰিৱেশটোৰ দৰেই ধূসৰ। 

ফাগুন বৰ দুষ্ট। বতাহজাকৰ সৈতে ফাগুনৰ মিতিৰালি বহু আগৰ। বোৱাৰী কেইজনীয়ে সাৰি থোৱা চোতালখন পুনৰ সৰা পাতেৰে উপচাই পেলোৱাত বৰ পাকৈত। বতাহজাকৰ সৈতে বোৱাৰীকেইজনীক জোকাই ৰঙ চায় ফাগুনে।

কি ভাল পোৱা তুমি?

ফাগুন নে কবিতা?

কবিৰ কাব্যিক মনক অস্থিৰ কৰি তোলা ফাগুনী বতাহজাকে উৰুৱাব খোজে নৈৰ পাৰত পানী আনিব যোৱা গাভৰুৰ চাদৰ। মন উতনুৱা কৰা কৰা ফাগুন বহু গীতৰ বিষয়বস্তু।         

ফাগুনে আনে ৰঙৰ উত্সৱ। ফাকুৱাৰ ৰঙেৰে ৰঙীন চৌপাশে হোলী গীত গাই আপোন পাহৰা হোৱাৰ সময় আনে ফাগুনে। চেমনীয়া লৰাকেইটাই আবিৰ সনাৰ চলেৰে প্ৰেয়সীক এবাৰ নিচেই ওচৰৰ পৰা চুই চোৱাৰ সুবিধা দিয়ে ফাগুনে।    

পুৰণি পাতবোৰক বিদায় জনাই নতুনক আদৰাৰ প্ৰস্ততি চলাই ফাগুনে। শুকান অতীতক পাহৰি নতুন বসন্তক সম্ভাষন জনোৱাৰ এক অচিলা ফাগুন।  

জোনাকৰ সাধুবোৰ...

 

জোনবাই এ বেজী এটি এটি দিয়া

বেজী নো কেলৈ?

মোনা সিঁবলৈ।

মোনা নো কেলৈ?

ধন ভৰাবলৈ।

ধন নো কেলৈ?

হাতী কিনিবলৈ।

আজৰি পৰত আওঁৰোৱা এটা পদ্য। সেইয়া সময়ৰ পাহৰণি গৰ্ভত হেৰাই যোৱা কিছু মিঠা স্মৃতি। সময়ৰ সোঁতত লীন হ’ল এনে বহুতো স্মৃতি। যাৰ আংশিক স্মৃতিয়ে কেতিয়াবা মনত দোলা দি যায়। আকৌ হেৰাই যায়।  

কাৰেণ্ট যোৱাৰ পিছত ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলো। বাহিৰত স্ফীত জোনাক। জোনাক সদায় নিৰ্মল। জোনাক নিস্বাৰ্থ। জোনে উদাৰভাবে হিয়া উজাৰি পৃথিৱীৰ বুকুত জোনাক সিঁচে। জোনৰ ৰূপোৱালী পোহৰত বিভোৰ হৈ শিল্পীৰ তুলিকাত সজীৱ হৈ উঠে কোনো মোহময়ী নাৰীৰ ছবি। কবিৰ কলমেৰে নিসঃৰিত হোৱা চিঞাহীয়ে ছন্দোৱদ্ধ কৰি তুলে কবিৰ মনত উকমুকাই থকা ভাববোৰ। জোনৰ পোহৰত শৃংখলাৱদ্ধ শব্দবোৰৰ পৰাই সৃষ্টি হয় এটি হৃদয় জুৰোৱা কবিতা অথবা এটি গান।

কেতিয়াবা জোনৰ পোহৰত প্ৰিয়জনৰ সৈতে বহি পাইছে নে? মুকলি আকাশৰ তলত নিৰল-নিস্তব্ধ এখন ঠাইত অকলশৰে সময় কটোৱাৰ এক সুকীয়া আমেজ আছে। তাত ঝিলি, উঁইচিৰিঙা অথবা দুই এটা নিশাচৰ প্ৰাণীৰ বাহিৰে আন কাৰো ওচৰত নাথাকে নিস্তব্ধতা ভঙাৰ অধিকাৰ।

জোনাক দেখিলে মনটো ল’ৰালি কাললৈ উৰা মাৰে। ল’ৰালি কালত আজিৰ দৰে জোনাকৰ পোহৰত ভাইটি আৰু মই চোতালত পাটি পাৰি পঢ়া দিনবোৰ। এজাক শীলত বতাহৰ আগমনে মনোৰম কৰি তুলিছিল পৰিৱেশটো। এইয়া হয়টো জোনাকৰ সৈতে বতাহজাকৰ মিতিৰাতি। দিনটোৰ প্ৰখৰ ৰ’দৰ পিছত গছৰ পাতত আউজি শুই পৰা ফুলবোৰক বতাহজাকে গোপনে চুমা দি যোৱাৰ অভিসন্ধি। সেয়ে জোনাক মোৰ প্ৰিয়। জোনাকৰ আছে অলেখ সাধু। জোনাকে সিঁচে মায়া।


 

Solomon Grundy আৰু ৰেলগাড়ী

ক্লাছ ছেভেনৰ কথা| ক্লাছ ফাইভৰ পৰা ছেভেনলৈ একেখন স্কুলত পঢ়িছিলো| ক্লাছ ছেভেনত ইংৰাজীৰ ক্লাছ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ অনিলেন্দ্ৰ ভাগৱতীছাৰে পাইছিল যদিও দুটামান লেছন আহমেদ ছাৰে (ভাল নামটো পাহৰিলো) পঢ়াইছিল| মানুহজন অমায়িক, ভদ্ৰ আৰু খুহুতীয়া| বেত ব্যৱহাৰ নকৰিছিল| তেওঁৰ শাস্তি দিয়া ধৰণবোৰ আছিল ইউনিক’| শব্দাৰ্থ নোৱাৰিলে কাণৰ কাষৰ চুলিখিনিত দুটা আঙুলিৰে ধৰি ওপৰলৈ টানি দিয়ে| এইটোৰ নাম আছিল কেপুজা’|
এদিন প্ৰাৰ্থনা শেষ হোৱাৰ পিছত ক্লাছত সোমালো| তাৰ পিছত সহপাঠীসকলৰ মৃদু গুণগুণনি "আজি Solomon Grundy কোনে কোনে মুখস্থ কৰি অহা নাই?" আগদিনা স্কুললৈ নোযোৱা কাৰণে মই গম নাপাও| মোৰ লগত আৰু দুজনমানে মুখস্থ কৰি যোৱা নাছিল আনহাতে দুজনমানৰ মুখস্থ হোৱা নাছিল|

Solomon Grundy,
Born on a Monday,
Christened on Tuesday...

কেইমিনিটমান সময় মুখস্থ কৰিবলৈ চেষ্টা কৰিলো| কেইশাৰীমান মুখস্থ হল যদিও গোটেইতো নহ|
প্ৰথম ক্লাছ| আহমেদ ছাৰ আহি মুখস্থ ললে| পৰাৰ ভাত মাছ, নোৱাৰাৰ গলগ্ৰহ হোৱাৰ দৰে মোৰ লগতে কেইজনমান লৰা-ছোৱালীৰ ৰেলগাড়ীশাস্তি ধাৰ্য কৰা হ| শাস্তিটো হল মুখস্থ নোহোৱা লৰা-ছোৱালী কেইজনে কাণত ধৰি স্কুল কেম্পাছটো ইফালৰ পৰা সিফাললৈ এপাক ঘুৰি আহিব লাগে| এটামূৰে এম. ই. স্কুল আনফালে এল. পি স্কুল, মাজতে হাইস্কুলখন| প্ৰকাণ্ড স্কুল কেম্পাছটোৰ তিনিওখন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সমুখেৰে কাণত ধৰি শাৰী পাতি যোৱা এটা দীঘলীয়া শাৰী| ৰেলগাড়ী চলি গৈছে "ঝুক ঝুক ঝুক ঝুককৈ"|
এবাৰ কাজিয়া কৰি দুই বেত খোৱাৰ বাহিৰে সেইদিনাৰ পিছত আৰু শাস্তি লাভ কৰা কথা মনত নপৰে| কহয় মাধৱ দাসে এতিয়া বেতৰ আগত শিক্ষা নাই যদিও এনেধৰণৰ শাস্তি বাহাল ৰাখিব লাগে|

ৰাজাৰামৰ চেলুন


ৰালি কাল উজান বজাৰত পাৰ হৈছিল| চুলি কটাবলৈ দেউতাই জাহাজঘাটৰ ওচৰৰে (কামৰুপ মেট্ৰৰ উপায়ুক্তৰ বাংলোৰ কাষত) চেলুন এখনলৈ লৈ গৈছিল| বিহাৰী সম্প্ৰদায়ৰ নাপিতজনৰ নাম আছিল ৰাজাৰাম|
ভাইটি আৰু মোক ওখ চকী দুখত তক্তা লগাই এডজাষ্ট কৰি বহুৱাই দিয়াৰ পিছতে লাহেকৈ দেউতাক কওঁ চুলি চুটিকৈ নকটাও দেই|”
দেউতাই ৰাজাৰামক মিহিকৈ ধমক এটা দি কয় ঐ ৰাজাৰাম, চুলি বেছি চুটিকৈ নাকাটিবি দেই|”
ধমকিতোৰ অৰ্থ ৰাজাৰামে বুজি পায়| “ব উত্পলদা, চিন্তা নকৰিববুলি কৈ ৰাজাৰামে চুলি কটা পৰ্ব আৰম্ভ কৰে| সমুখৰ আইনাখনলৈ চাই থাকো কিমান চুলি কাটিলে| ভাইটি বা মোৰ মুখৰ মাত পালেই ৰাজাৰামে কয় চকু মুদি দিয়া| নহলে চকুত চুলি সোমাব|” এইখিনিতেই ডাঙৰ ধৌখাহৈ যায়| যেতিয়া চকু মেলিব দিয়ে তেতিয়া দেখো মূৰটো বাকলি গুচোৱা নাৰিকলটোৰ দৰে একেবাৰে চুটি চুটি কেইডালমান চুলিৰে তালুখন জিলিকি আছে| ভাইটি আৰু মোৰ ফুলা মুখ দুখন দেখি ৰাজাৰামে বঢ়িয়াকৈ মুৰত মালিছ দি দিঙিত পাউদাৰ সানি পঠিয়াই দিয়ে|
দুয়োটাৰে অৱস্থা ডংগল ফিল্মখনৰ গীতা আৰু ববিতাৰ দৰে হয়| দুয়ো মুখ ফুলাই ঘৰ পাওঁহি| ঘৰত আহি হাল্লা| ৰাজাৰামে ইমান চুটিকৈ চুলি কাটি দিলে| “মইতো তাক মানা কৰিছিলো| ৰহ তাক গধুলিলৈ দি আছো”- দেউতাৰ শান্ত্বনা বাণী|
দেউতাই ৰাজাৰামক দিয়া ধমকিতোৰ লগত এটা চকু টিপো মাৰিছিল| সেয়ে দেউতাৰ ধমকিৰ পিছতো চুলি কিয় চুটিকৈ কটা হৈছিল এই ৰহস্যটো পিছত উদঘাটন হৈছিল| সি যি কি নহওক| চকুত চুলি সোমাব বুলি এতিয়াও চুলি কাটিলে চকু মুদি থাকো|

শিলৰ চোলা

(প্ৰথম দৃশ্য)
(ৰজা শিলাদিত্য এটা শিলৰ মূৰ্তিৰ আগত থিয় দি আছে| ওচৰতে তেওঁৰ মন্ত্ৰী)
শিলাদিত্য: মন্ত্ৰী, এই মূৰ্তিটো বাৰু ইয়াত কিমান দিনৰ পৰা আছে?
মন্ত্ৰী: বহুত দিনৰ পৰা আছে মহাৰাজ| আমি জনাত আপোনাৰ ককাদেউতাক মহাৰাজ জলাদিত্যই মূৰ্টিতো সজাইছিল|
শিলাদিত্য: ককাদেউতা মৰি গ’ল, অথচ তেওঁ সজোৱা শিলৰ মূৰ্টিতো এতিয়াও আছে| কি আচৰিত! চোৱাচোন মূৰ্তিটোৰ গাত কেনে ধুনীয়াকৈ শিলেৰেই চোলা কাপোৰ কৰি থৈছে! এই কাপোৰ নাফাটেও, নিচিগেও|
মন্ত্ৰী: হয় মহাৰাজ! শিলৰ বস্ত ক’ত ফাটিব|
শিলাদিত্য: মোৰ মনত এটা কথা খেলাইছে মন্ত্ৰী| ককাদেউতাই যদি শিলৰ মূৰ্তিক শিলৰ চোলা নিপিন্ধাই  নিজে পিন্ধিলেহেঁতেন, তেৱোঁ কিজানি শিলৰ দৰেই অমৰ হ’লহেঁতেন|
মন্ত্ৰী: মহাৰাজ, আপুনি কথাটো ভাবিছে সঁচা| কিন্ত মানুহ জানো অমৰ হ’ব পাৰে?
শিলাদিত্য: মই সেইবোৰ নাজানো| মই এটা শিলৰ চোলা পিন্ধিম| মোক এটা শিলৰ চোলা লাগিবই|
মন্ত্ৰী: (হাঁহি মাৰি) মহাৰাজ, শিলৰ চোলা শিলৰ মূৰ্তিয়েহে পিন্ধে| আপুনিটো শিলৰ মূৰ্তি নহয়| আপুনি পাট, মেজাঙ্কৰি আদিৰহে চোলা পিন্ধিব লাগে|
ৰজা: (খঙেৰে) মই সেইবোৰ নাজানো| তুমি সাতদিনৰ ভিতৰত মোক এটা শিলৰ চোলা আনি দিবই লাগিব| নহ’লে তোমাৰ মন্ত্ৰী বাবতো আৰু নাথাকেই, তোমাৰ প্ৰাণদণ্ডও হ’ব| বুজিলা? সাতদিন মাত্ৰ সময় দিলো তোমাক| হয় শিলৰ চোলা আনি দিবা, নহ’লে ফাঁচীৰ ৰছীত ওলমিবা, বুজিলা|
(ৰজা ওলাই যায়গৈ)
মন্ত্ৰী: (হুমুনিয়া কাঢ়ি) হায় মোৰ কপাল! এনে অবুজন ৰজাক লৈ কি কৰা যাব বাৰু!
                    (মন্ত্ৰীও যায়গৈ)

                    (দ্বিতীয় দৃশ্য)
(মন্ত্ৰীৰ জীয়েক মনোমতীয়ে হাতত ৰঙীন সূতা লৈ কিবা সী আছে| বিষন্ন মনেৰে মন্ত্ৰী সোমাই আহে)
মনোমতী: কি হ’ল পিতাদেউ? তুমিচোন বৰ দুখমনেৰে ঘৰ সোমাইছাহি? দেশত কিবা যুদ্ধ-বিগ্ৰহ হৈছে নেকি?
মন্ত্ৰী: নহয় অ’ আই| যুদ্ধ-বিগ্ৰহ একো হোৱা নাই| মোৰহে মৰণৰ সময় কাষ চাপিছে| আৰু সাতদিনৰ পিছত পিতাদেৱেৰক আৰু নাপাবি|
মনোমতী: কি দুখ লগা কথাবোৰ কৈছা পিতাদেউ! গা অসুখ কৰিছে যদি কবিৰাজ মহাশয়ক মাতি পঠাও| তুমি অলপ শোৱা|
মন্ত্ৰী: নহয় অ’ আই! কোনো কবিৰাজে একো কৰিব নোৱাৰে| শিলৰ চোলা দিব নোৱাৰিলে ৰজাই মোক মৃত্যুদণ্ড দিব|
মনোমতী: শিলৰ চোলা? কি শিলৰ চোলা? মই একো বুজা নাই|
মন্ত্ৰী: আজি মহাৰাজ শিলাদিত্যৰ মনত খেলালে বোলে তেওঁ যদি শিলৰ চোলা এটা পিন্ধে, তেওঁ হেনো শিলৰ দৰে অমৰ-অজৰ হ’ব| গতিকে তেওঁক শিলৰ চোলা লাগে| সাতদিনৰ ভিতৰত দিব নোৱাৰিলে হেনো মোক ফাঁচীকাঠত ওলোমাব!
মনোমতী: মহাৰাজক শিলৰ চোলা লাগে, নহয়?
মন্ত্ৰী: হয়, এনেটো অসম্ভৱ কাম কোনে কৰিব পাৰে বাৰু?
(কিছুপৰ ভাবি মনোমতীয়ে হঠাতে কয়)
মনোমতী: পাৰিম পিতাদেউ| মই কিবা এটা ব্যৱস্থা কৰিব পাৰিম| আপুনি চিন্তা নকৰিব| আপুনি এই ছদিন ঘৰতে পুথি পাঁজি পঢ়ি থাকক| ঈশ্বৰৰ ইচ্ছাত মই সমস্যাটো সমাধান কৰিম|

                   (তৃতীয় দৃশ্য)
  (ৰজা শিলাদিত্য ৰাজসভাত বহি আছে)
শিলাদিত্য: আজি ছদিন পাৰ হ’ল, মন্ত্ৰীয়ে দেখোন এতিয়ালৈকে চোলাটো নানিলেই| খবৰ এটা ল’লেও মন্ত্ৰীৰ জীয়েকজনীয়ে কৈ পঠায় বোলে দেউতাক শিলৰ সূতা কটাত ব্যস্ত| একোবাৰ কয় বোলে কাপোৰ বোৱাত ব্যস্ত| অথচ আজি সাতদিন হ’লেই|
                              (দুৱৰী এজন আহে)
দুৱৰী: মহাৰাজ! মন্ত্ৰ্ৰীৰ জীয়েক মনোমতী দুৱাৰত ৰৈ আছেহি|
শিলাদিত্য: হাতত কিবা আনিছে নেকি?
দুৱৰী: নাই অনা দেখোন মহাৰাজ, শুদা হাতেই আহিছে|
শিলাদিত্য: যা, পঠিয়াই দে গৈ|
(দুৱৰী যোৱাৰ লগে লগেই মনোমতীয়ে উধাতু খাই সোমাই আহে)
মনোমতী: মহাৰাজৰ জয় হওক| মই এটা বিশেষ সকামতহে মহাৰাজ্ৰৰ ওচৰ চাপিছো|
শিলাদিত্য: চোলা হ’ল নে নাই দেউতাৰৰ?
মনোমতী: এই হওঁ হওঁ হৈছে আৰু| কিন্ত এটা বৰ ডাঙৰ লেঠা হ’ল|
শিলাদিত্য: কি লেঠা হ’ল আকৌ?
মনোমতী: এটা বস্ত পালেই পিতাদেউৰ কামটো সম্পুৰ্ণ হ’ব|
শিলাদিত্য: কি বস্ত লাগে ৰাজভঁৰালৰ পৰা লৈ যোৱা| মোক আজি শিলৰ চোলা লাগিবই|
মনোমতী: মহাৰাজৰ আদেশ পালেই মই ৰাজভঁড়াললৈ যাম বস্তটো আনিবলৈ| আপোনাৰ ভঁড়ালতনো কিহৰ অভাৱ, নহয় জানো মহাৰাজ?
শিলাদিত্য: ঠিকি কৈছা তুমি| কোৱা কি লাগে নো তোমাক?
মনোমতী: দেউতাই কৈছে বোলে শিলৰ চোলা পানীৰ বেজীৰেহে সীব পাৰি| এতিয়া পানীৰ বেজী এটা পালেই চোলা শেষ হয়| মহাৰাজে যদি...
শিলাদিত্য: পানীৰ বেজি? (মনতে) পানীৰ বেজী সজাটো সম্ভৱ? মন্ত্ৰীয়েনো এনে অসম্ভৱ বস্ত এটা কিয় বিছাৰিছে? অ বুজিছো! শিলৰ চোলা সীয়াটোও তেনে অসম্ভৱেই চাগৈ!
মনোমতী: মহাৰাজ! পানীৰ বেজীৰ বাবে দেউতা ৰৈ আছে, আপোনাৰ আদেশ পালেই...
শিলাদিত্য: (হাঁহি মাৰি) বাৰু, মই সকলো বুজিলো| তুমি বৰ বুদ্ধিমতী ছোৱালী| যোৱা দেউতাৰাক ৰাজসভালৈ পঠিয়াই দিয়াগৈ| ক’বা মোৰ পানীৰ বেজীও নাই আৰু শিলৰ চোলাও মোক নালাগে|
মনোমতী: ভাল মহাৰাজ! এতিয়া সেৱাহে|

(সেৱা কৰি মনোমতী ওলাই যায়)