মেকুৰি কাণ খোৱাৰ মজা

ৰালি কালৰ বেছিভাগ সময় উজান-বজাৰস্থিত ককাৰ ঘৰতে কটাইছিলো| ৰাতিপুৱা সোনকালে উঠি বেলিভিউ হোটেলৰ ফালৰ পৰা কাছাৰীলৈ এবাৰ ফুৰিবলৈ যোৱাতো এটা ধৰা-বন্ধা নিয়ম আছিল| যিটো আমি (খুড়াৰ ৰা, ককা, মই আৰু মোৰ ভাইটিয়ে) কেতিয়াও পাহৰা নাছিলোঁ| ব্ৰহ্মপুত্ৰৰ পাৰৰ ভি. আই. পি. ৰোডটোৰে ৰাতিপুৱা ফুৰিবলৈ যোৱাৰ এক সুকীয়া আনন্দ আছিল|                         

ফুৰি অহাৰ পিছত আমি প্ৰায়ে বজাৰৰ পৰামেকুৰি কাণকিনি আনি খাইছিলোঁ| ১০-২০ টকাৰ মেকুৰি কাণ আনিলে আমি - জনে আৰামেৰে খাব পাৰিছিলো| , মেকুৰি কাণ মানে সঁচাকৈ মেকুৰি কাণ খোৱাৰ কথা কোৱা নাই| মেকুৰি কাণ প্ৰকৃততে এক প্ৰকাৰৰ লুচিচব্জি| মেকুৰিৰ কাণৰ দৰে সৰু-সৰু লুচিবোৰ আৰু তাৰ লগৰ আলু ভাজিখন সচাকৈ লোভনীয়| লুচিবোৰৰ আকৃতি সাইলাখ মেকুৰি কাণৰ দৰে হোৱাৰ বাবে দেউতা আৰু ককাই খাদ্য বিধৰ নামমেকুৰি কাণৰাখিছিল|                                                            

মাৰোৱাৰী সম্প্ৰদায়ৰ লোকৰ মিঠাইৰ দোকানখনৰ মিঠাই বা আন সুস্বাদু আহাৰসমূহ আজিও পাহৰিব নোৱাৰা|