ল’ৰালি কালৰ
বেছিভাগ সময়
উজান-বজাৰস্থিত
ককাৰ ঘৰতে
কটাইছিলো| ৰাতিপুৱা সোনকালে উঠি বেলিভিউ
হোটেলৰ ফালৰ
পৰা কাছাৰীলৈ
এবাৰ ফুৰিবলৈ
যোৱাতো এটা
ধৰা-বন্ধা
নিয়ম আছিল|
যিটো আমি
(খুড়াৰ ল’ৰা, ককা,
মই আৰু
মোৰ ভাইটিয়ে)
কেতিয়াও পাহৰা
নাছিলোঁ| ব্ৰহ্মপুত্ৰৰ
পাৰৰ ভি.
আই. পি.
ৰোডটোৰে ৰাতিপুৱা
ফুৰিবলৈ যোৱাৰ
এক সুকীয়া
আনন্দ আছিল|
ফুৰি অহাৰ পিছত
আমি প্ৰায়ে
বজাৰৰ পৰা
’মেকুৰি কাণ’
কিনি আনি
খাইছিলোঁ| ১০-২০ টকাৰ মেকুৰি
কাণ আনিলে
আমি ৫-৬ জনে
আৰামেৰে খাব
পাৰিছিলোঁ| ৰ’ৱ, মেকুৰি কাণ
মানে সঁচাকৈ
মেকুৰি কাণ
খোৱাৰ কথা
কোৱা নাই|
মেকুৰি কাণ
প্ৰকৃততে এক
প্ৰকাৰৰ লুচি
–চব্জি| মেকুৰিৰ
কাণৰ দৰে
সৰু-সৰু
লুচিবোৰ আৰু
তাৰ লগৰ
আলু ভাজিখন
সচাকৈ লোভনীয়|
লুচিবোৰৰ আকৃতি
সাইলাখ মেকুৰি
কাণৰ দৰে
হোৱাৰ বাবে
দেউতা আৰু
ককাই খাদ্য
বিধৰ নাম
’মেকুৰি কাণ’
ৰাখিছিল|
মাৰোৱাৰী সম্প্ৰদায়ৰ লোকৰ
মিঠাইৰ দোকানখনৰ
মিঠাই বা
আন সুস্বাদু
আহাৰসমূহ আজিও
পাহৰিব নোৱাৰা|

No comments:
Post a Comment