এটি আবেলিৰ মৃত্যু

আবেলিতোক মই কেকুৰিটোত লগ পাইছিলো
তাৰ ঘৰ্মাক্ত শৰীৰৰ পৰা নিৰ্গত হৈছিল…
এলক’হলৰ গোন্ধ|
বিৰামহীনভাবে উচ্ছাৰণ কৰিছিল
সন্ধ্যাৰ নাম| 
আৰু কিবা কিবি বিৰবিৰাইছিল
কিছুকথা কবলৈ বাকী থাকিল তাৰ
এলক’হলে তাক গিলিলে আৰু
প্ৰেমৰ নামত এজন স্বহীদ হ’ল|