MBAৰ ক্ৰেছ ক’ৰ্ছ

হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত কলেজলৈ গৈ আছো| হঠাত্ এদিন বন্ধু এজনৰ ফোন আহিল "ঐ কি কৰি আছ এতিয়া? কাম-বনত লাগি গলি নেকি?"

চাকৰি বুলিবলৈ একো নাছিল যদিও ঘৰুৱা শিক্ষকতা কৰি নিজৰ পকেট খৰচতো উলিয়াই আছিলো| (মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰা পিছত চুবুৰীয়া আণ্টি কেইজনীয়ে এইটো চাকৰি দিবই-দিব|) বন্ধুজনে নিজৰ কথা কলে- কলেজত এডমিশ্যন লৈছে লগতে চাকৰি এটাও কৰি আছে| মই যিহেতু একপ্ৰকাৰ বেকাৰ সেয়েহে সি তাৰ লগতে চাকৰি এটা কৰাৰ কথা কলে| 

পিছদিনা বন্ধুজনে এটা কম্পিউটাৰ ইনষ্টিটিউতলৈ লৈ গল| ৬,৫০০ টকাৰে নাম ভৰ্তি কৰি ছমহীয়া কম্পিউটাৰৰ কৰ্ছ এটা কৰিব লাগে| মই যিমানে নতুন শিক্ষাৰ্থী প্ৰতিষ্ঠানলৈ আনি এডমিশ্যন দিয়াব পাৰো সিমানে মোৰ লাভ| আনহাতে সেইটো প্ৰতিষ্ঠানৰ কিবা ফুড প্ৰডাক্টো আছে| প্ৰতিষ্ঠানটোৰ অন্তৰ্গত শিক্ষাৰ্থীসকলে কিনিলে ৰেহাই পাব, লগতে আনক বিক্ৰী কৰি কমিচন পোৱাৰ সু-ব্যৱস্থাও আছে| LIC এজেণ্টৰ লেখিয়া ‘কামোৰ দিব পৰা কেপাচিটি নাই| সেই চাকৰি তাতেই শেষ হল|
 কলেজত চিনাকী হোৱা আন এজন বন্ধুই পুনৰ চাকৰিৰ কথা কলে| নতুন বন্ধুই কেনেধৰণৰ চাকৰি নকয়| মাত্ৰ ৰবিবাৰে লতাশিলস্থিত বিষ্ণু-নিৰ্মলা ন্যাসত হবলগীয়া ছেমিনাৰ এখনত অংশগ্ৰহণ কৰিব দিলে| হাজাৰ হলেও চাকৰি এটাৰ অতীব প্ৰয়োজন| ছেমিনাৰত অংশগ্ৰহণ কৰিলো| আগতে দেখি অহা দৃশ্যৰ পুনৰাবৃত্তি ঘটিল| তেওঁলোকৰ মাজৰে সফল চাকৰিয়াল(?) এজনে তেওঁৰ সফল কাহিনী শুনালে "মোৰ আগতে একোৱেই নাছিল| দেউতাৰ টকাৰে চলিবলগীয়া হৈছিল| ইয়াত জইন কৰাৰ পিছত দুটাকৈ ব্লেকবেৰী ফোনৰ লগতে এখন বাইক কিনিব পৰা হলো|..." ঠিক যেন দূৰদৰ্শনত দিয়া ধন-লক্ষ্মী যন্ত্ৰ্ৰৰ বিজ্ঞাপন|
পিছদিনা বন্ধুই কলেজত সুধিলে- "কালি ছেমিনাৰ কেনে পালি? ফৰ্ম আনিছোৱেই| জইন কৰিবি নহয়?" এনেধৰণৰ চেইন চিষ্টেম ব্যৱসায়ৰ কথা আগতেও জানো| কৰা নাছিলো আৰু নকৰোঁ বুলি চিধাই উত্তৰ দিলো|
হাৰে এইটো কেনেকৈ চেইন চিষ্টেম? এইটো বাইনেৰী প্ৰচেচ হে- বুলি বন্ধুই ওভতি ধৰিলে|
 কম্পিউটাৰ ইনষ্টিটিউত, এমৱে, ইঞ্চুৰেঞ্চ কোম্পানি আদিৰ এজেন্টৰ পৰা যিমানখিনি অভিজ্ঞতা আহৰণ কৰিলোঁ, কেতিয়াবা ভাবো MBA কৰিলে সু-খ্যাতিৰে পাছ কৰিলোহেতেঁন ছাগে| এই বিষয়ত এটা ক্ৰেছ কৰ্ছ ইতিমধ্যে আয়ত্ব কৰিছোঁৱেই|