হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত কলেজলৈ গৈ আছো| হঠাত্ এদিন বন্ধু এজনৰ ফোন
আহিল "ঐ কি কৰি আছ’
এতিয়া? কাম-বনত লাগি গ’লি
নেকি?"
চাকৰি বুলিবলৈ একো নাছিল যদিও ঘৰুৱা শিক্ষকতা কৰি নিজৰ পকেট খৰচতো উলিয়াই আছিলো|
(মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰা পিছত চুবুৰীয়া আণ্টি কেইজনীয়ে এইটো চাকৰি দিবই-দিব|)
বন্ধুজনে নিজৰ কথা ক’লে-
কলেজত এডমিশ্যন লৈছে লগতে চাকৰি এটাও কৰি আছে| মই যিহেতু একপ্ৰকাৰ বেকাৰ সেয়েহে সি
তাৰ লগতে চাকৰি এটা কৰাৰ কথা ক’লে|
পিছদিনা বন্ধুজনে এটা কম্পিউটাৰ ইনষ্টিটিউতলৈ লৈ গ’ল| ৬,৫০০ টকাৰে নাম ভৰ্তি
কৰি ছমহীয়া কম্পিউটাৰৰ ক’ৰ্ছ
এটা কৰিব লাগে| মই যিমানে নতুন শিক্ষাৰ্থী প্ৰতিষ্ঠানলৈ আনি এডমিশ্যন দিয়াব পাৰো সিমানে
মোৰ লাভ| আনহাতে সেইটো প্ৰতিষ্ঠানৰ কিবা ফুড প্ৰডাক্টো আছে| প্ৰতিষ্ঠানটোৰ অন্তৰ্গত
শিক্ষাৰ্থীসকলে কিনিলে ৰেহাই পাব, লগতে আনক বিক্ৰী কৰি কমিচন পোৱাৰ সু-ব্যৱস্থাও আছে|
LIC এজেণ্টৰ লেখিয়া ‘কামোৰ’
দিব পৰা কেপাচিটি নাই| সেই চাকৰি তাতেই শেষ হ’ল|
কলেজত চিনাকী হোৱা আন এজন বন্ধুই পুনৰ চাকৰিৰ কথা ক’লে| নতুন বন্ধুই কেনেধৰণৰ
চাকৰি নকয়| মাত্ৰ ৰবিবাৰে লতাশিলস্থিত বিষ্ণু-নিৰ্মলা ন্যাসত হ’বলগীয়া ছেমিনাৰ এখনত
অংশগ্ৰহণ কৰিব দিলে| হাজাৰ হ’লেও
চাকৰি এটাৰ অতীব প্ৰয়োজন| ছেমিনাৰত অংশগ্ৰহণ কৰিলো| আগতে দেখি অহা দৃশ্যৰ পুনৰাবৃত্তি
ঘটিল| তেওঁলোকৰ মাজৰে সফল চাকৰিয়াল(?) এজনে তেওঁৰ সফল কাহিনী শুনালে "মোৰ আগতে
একোৱেই নাছিল| দেউতাৰ টকাৰে চলিবলগীয়া হৈছিল| ইয়াত জইন কৰাৰ পিছত দুটাকৈ ব্লেকবেৰী
ফোনৰ লগতে এখন বাইক কিনিব পৰা হ’লো|..."
ঠিক যেন দূৰদৰ্শনত দিয়া ধন-লক্ষ্মী যন্ত্ৰ্ৰৰ বিজ্ঞাপন|
পিছদিনা বন্ধুই কলেজত সুধিলে- "কালি ছেমিনাৰ কেনে পালি? ফৰ্ম আনিছোৱেই|
জইন কৰিবি নহয়?" এনেধৰণৰ চেইন চিষ্টেম ব্যৱসায়ৰ কথা আগতেও জানো| কৰা নাছিলো আৰু নকৰোঁ বুলি
চিধাই উত্তৰ দিলোঁ|
“হাৰে এইটো কেনেকৈ চেইন
চিষ্টেম? এইটো বাইনেৰী প্ৰচেচ হে”-
বুলি বন্ধুই ওভতি ধৰিলে|
কম্পিউটাৰ ইনষ্টিটিউত, এমৱে’, ইঞ্চুৰেঞ্চ কোম্পানি আদিৰ এজেন্টৰ পৰা যিমানখিনি অভিজ্ঞতা
আহৰণ কৰিলোঁ, কেতিয়াবা ভাবো MBA কৰিলে সু-খ্যাতিৰে পাছ কৰিলোহেতেঁন ছাগে| এই বিষয়ত
এটা ক্ৰেছ ক’ৰ্ছ ইতিমধ্যে আয়ত্ব কৰিছোঁৱেই|
No comments:
Post a Comment