(প্ৰথম দৃশ্য)
(ৰজা শিলাদিত্য এটা শিলৰ
মূৰ্তিৰ আগত থিয় দি আছে| ওচৰতে তেওঁৰ মন্ত্ৰী)
শিলাদিত্য: মন্ত্ৰী, এই
মূৰ্তিটো বাৰু ইয়াত কিমান দিনৰ পৰা আছে?
মন্ত্ৰী: বহুত দিনৰ পৰা আছে
মহাৰাজ| আমি জনাত আপোনাৰ ককাদেউতাক মহাৰাজ জলাদিত্যই মূৰ্টিতো সজাইছিল|
শিলাদিত্য: ককাদেউতা মৰি
গ’ল, অথচ তেওঁ সজোৱা শিলৰ মূৰ্টিতো এতিয়াও আছে| কি আচৰিত! চোৱাচোন মূৰ্তিটোৰ গাত
কেনে ধুনীয়াকৈ শিলেৰেই চোলা কাপোৰ কৰি থৈছে! এই কাপোৰ নাফাটেও, নিচিগেও|
মন্ত্ৰী: হয় মহাৰাজ! শিলৰ
বস্ত ক’ত ফাটিব|
শিলাদিত্য: মোৰ মনত এটা কথা
খেলাইছে মন্ত্ৰী| ককাদেউতাই যদি শিলৰ মূৰ্তিক শিলৰ চোলা নিপিন্ধাই নিজে পিন্ধিলেহেঁতেন, তেৱোঁ কিজানি শিলৰ দৰেই অমৰ
হ’লহেঁতেন|
মন্ত্ৰী: মহাৰাজ, আপুনি
কথাটো ভাবিছে সঁচা| কিন্ত মানুহ জানো অমৰ হ’ব পাৰে?
শিলাদিত্য: মই সেইবোৰ
নাজানো| মই এটা শিলৰ চোলা পিন্ধিম| মোক এটা শিলৰ চোলা লাগিবই|
মন্ত্ৰী: (হাঁহি মাৰি)
মহাৰাজ, শিলৰ চোলা শিলৰ মূৰ্তিয়েহে পিন্ধে| আপুনিটো শিলৰ মূৰ্তি নহয়| আপুনি পাট,
মেজাঙ্কৰি আদিৰহে চোলা পিন্ধিব লাগে|
ৰজা: (খঙেৰে) মই সেইবোৰ
নাজানো| তুমি সাতদিনৰ ভিতৰত মোক এটা শিলৰ চোলা আনি দিবই লাগিব| নহ’লে তোমাৰ
মন্ত্ৰী বাবতো আৰু নাথাকেই, তোমাৰ প্ৰাণদণ্ডও হ’ব| বুজিলা? সাতদিন মাত্ৰ সময় দিলো
তোমাক| হয় শিলৰ চোলা আনি দিবা, নহ’লে ফাঁচীৰ ৰছীত ওলমিবা, বুজিলা|
(ৰজা ওলাই যায়গৈ)
মন্ত্ৰী: (হুমুনিয়া কাঢ়ি)
হায় মোৰ কপাল! এনে অবুজন ৰজাক লৈ কি কৰা যাব বাৰু!
(মন্ত্ৰীও যায়গৈ)
(দ্বিতীয় দৃশ্য)
(মন্ত্ৰীৰ জীয়েক মনোমতীয়ে
হাতত ৰঙীন সূতা লৈ কিবা সী আছে| বিষন্ন মনেৰে মন্ত্ৰী সোমাই আহে)
মনোমতী: কি হ’ল পিতাদেউ?
তুমিচোন বৰ দুখমনেৰে ঘৰ সোমাইছাহি? দেশত কিবা যুদ্ধ-বিগ্ৰহ হৈছে নেকি?
মন্ত্ৰী: নহয় অ’ আই|
যুদ্ধ-বিগ্ৰহ একো হোৱা নাই| মোৰহে মৰণৰ সময় কাষ চাপিছে| আৰু সাতদিনৰ পিছত
পিতাদেৱেৰক আৰু নাপাবি|
মনোমতী: কি দুখ
লগা কথাবোৰ কৈছা পিতাদেউ! গা অসুখ কৰিছে যদি কবিৰাজ মহাশয়ক মাতি পঠাও| তুমি অলপ
শোৱা|
মন্ত্ৰী: নহয় অ’ আই! কোনো
কবিৰাজে একো কৰিব নোৱাৰে| শিলৰ চোলা দিব নোৱাৰিলে ৰজাই মোক মৃত্যুদণ্ড দিব|
মনোমতী: শিলৰ চোলা? কি শিলৰ
চোলা? মই একো বুজা নাই|
মন্ত্ৰী: আজি মহাৰাজ
শিলাদিত্যৰ মনত খেলালে বোলে তেওঁ যদি শিলৰ চোলা এটা পিন্ধে, তেওঁ হেনো শিলৰ দৰে
অমৰ-অজৰ হ’ব| গতিকে তেওঁক শিলৰ চোলা লাগে| সাতদিনৰ ভিতৰত দিব নোৱাৰিলে হেনো মোক
ফাঁচীকাঠত ওলোমাব!
মনোমতী: মহাৰাজক শিলৰ চোলা
লাগে, নহয়?
মন্ত্ৰী: হয়, এনেটো অসম্ভৱ
কাম কোনে কৰিব পাৰে বাৰু?
(কিছুপৰ ভাবি মনোমতীয়ে
হঠাতে কয়)
মনোমতী: পাৰিম পিতাদেউ| মই
কিবা এটা ব্যৱস্থা কৰিব পাৰিম| আপুনি চিন্তা নকৰিব| আপুনি এই ছদিন ঘৰতে পুথি পাঁজি
পঢ়ি থাকক| ঈশ্বৰৰ ইচ্ছাত মই সমস্যাটো সমাধান কৰিম|
(তৃতীয় দৃশ্য)
(ৰজা শিলাদিত্য ৰাজসভাত
বহি আছে)
শিলাদিত্য: আজি ছদিন পাৰ
হ’ল, মন্ত্ৰীয়ে দেখোন এতিয়ালৈকে চোলাটো নানিলেই| খবৰ এটা ল’লেও মন্ত্ৰীৰ
জীয়েকজনীয়ে কৈ পঠায় বোলে দেউতাক শিলৰ সূতা কটাত ব্যস্ত| একোবাৰ কয় বোলে কাপোৰ
বোৱাত ব্যস্ত| অথচ আজি সাতদিন হ’লেই|
(দুৱৰী এজন আহে)
দুৱৰী: মহাৰাজ! মন্ত্ৰ্ৰীৰ
জীয়েক মনোমতী দুৱাৰত ৰৈ আছেহি|
শিলাদিত্য: হাতত কিবা আনিছে
নেকি?
দুৱৰী: নাই অনা দেখোন
মহাৰাজ, শুদা হাতেই আহিছে|
শিলাদিত্য: যা, পঠিয়াই দে
গৈ|
(দুৱৰী যোৱাৰ লগে লগেই
মনোমতীয়ে উধাতু খাই সোমাই আহে)
মনোমতী: মহাৰাজৰ জয় হওক| মই
এটা বিশেষ সকামতহে মহাৰাজ্ৰৰ ওচৰ চাপিছো|
শিলাদিত্য: চোলা হ’ল নে নাই
দেউতাৰৰ?
মনোমতী: এই হওঁ হওঁ হৈছে
আৰু| কিন্ত এটা বৰ ডাঙৰ লেঠা হ’ল|
শিলাদিত্য: কি লেঠা হ’ল
আকৌ?
মনোমতী: এটা বস্ত পালেই
পিতাদেউৰ কামটো সম্পুৰ্ণ হ’ব|
শিলাদিত্য: কি বস্ত লাগে
ৰাজভঁৰালৰ পৰা লৈ যোৱা| মোক আজি শিলৰ চোলা লাগিবই|
মনোমতী: মহাৰাজৰ আদেশ পালেই
মই ৰাজভঁড়াললৈ যাম বস্তটো আনিবলৈ| আপোনাৰ ভঁড়ালতনো কিহৰ অভাৱ, নহয় জানো মহাৰাজ?
শিলাদিত্য: ঠিকি কৈছা তুমি|
কোৱা কি লাগে নো তোমাক?
মনোমতী: দেউতাই কৈছে বোলে
শিলৰ চোলা পানীৰ বেজীৰেহে সীব পাৰি| এতিয়া পানীৰ বেজী এটা পালেই চোলা শেষ হয়|
মহাৰাজে যদি...
শিলাদিত্য: পানীৰ বেজি?
(মনতে) পানীৰ বেজী সজাটো সম্ভৱ? মন্ত্ৰীয়েনো এনে অসম্ভৱ বস্ত এটা কিয় বিছাৰিছে? অ
বুজিছো! শিলৰ চোলা সীয়াটোও তেনে অসম্ভৱেই চাগৈ!
মনোমতী: মহাৰাজ! পানীৰ
বেজীৰ বাবে দেউতা ৰৈ আছে, আপোনাৰ আদেশ পালেই...
শিলাদিত্য: (হাঁহি মাৰি)
বাৰু, মই সকলো বুজিলো| তুমি বৰ বুদ্ধিমতী ছোৱালী| যোৱা দেউতাৰাক ৰাজসভালৈ পঠিয়াই
দিয়াগৈ| ক’বা মোৰ পানীৰ বেজীও নাই আৰু শিলৰ চোলাও মোক নালাগে|
মনোমতী: ভাল মহাৰাজ! এতিয়া
সেৱাহে|
(সেৱা কৰি মনোমতী ওলাই যায়)