দিনতো ইমান ৰ’দ দিলে, এতিয়া সন্ধিয়া
আকৌ বৰষুণ|
বতৰৰ লগত মানুহবোৰো সলনি হ’ল| ভিক্ষাও নোপোৱা হ’ল| দিনতোত মাত্ৰ ১০ টকাহে পালো|
এতিয়া তাৰে আধা কিলো চাউল আনি সিজাও, পুৱালে আকৌ ওলাই ঘাম| নোট্খনৰ কথা মনত
পৰোতেহে লক্ষ কৰিলো সেইখন তিতি আছে| এতিয়া দোকানলে গৈ একো লাভ নহ’ৱ| আজি শুদা পেটে
ৰাতিটো কটাৱ লাগিব| মঙলবাৰে পেটুৱা দোকানীজনে কোৱা কথা কেইটা মোৰ কাণত বাজিবলৈ ধৰিলে
“অই এই তিতানোট খন কোনে ল’ৱ? শুকান এখন দে আৰু চাউল নে? ন্হ’লে এক কাম কৰ ৰাতিটো ইয়াতে
কতাই ঘা হা: হা:”
No comments:
Post a Comment