অ’ছাকা, জাপান|
মনজিত আৰু কুলদ্বীপৰ শেষ এছাইনমেণ্ট|
দুয়ো
স্কাইস্ক্ৰেপাৰ বোৰ চাই গৈ আছে| ৰবটৰ দেশ| ট্ৰেফিক কণ্ট্ৰলৰ পৰা শ্বপিং, ৰেষ্টোৰা সকলৈকে ৰবটেৰে পৰিচালিত|
সুউচ্চ
অট্টালিকা এটাৰ সমুখত কুলদ্বীপ-মনজিত অহা Mercedes-Benz
CLSখন ৰ’লহি| স্বয়ংক্ৰিয়ভাৱে
গাড়ীচালকৰুপী ৰবটতোৱে মাত দিলে Shūryō shite kudasai (অনুগ্ৰহ কৰি গাড়ীৰ পৰা নামক)|
প্ৰৱেশদ্বাৰত এইবাৰ সুন্দৰী যুৱতী দেখি দুয়োৰে মনটো ভাল লাগিল| ৰবটৰ দেশখনত এজনী হ’লেও সুন্দৰী দেখিবলৈ
পাইছে| Yōkoso (স্বাগতম) যান্ত্ৰিক মাত এটাৰে সুন্দৰী যুৱতীৰুপী ৰবটে সিহঁতক ভিতৰলৈ লৈ গ’ল|
* * *
* * * *
ভেটাপাৰা, গুৱাহাটি| ডেবু ডনৰ লেব’ৰেটৰী খালি কৰি থকা
হৈছে| সকলোবোৰ বস্ত অজ্ঞাত স্থানলৈ
স্থানান্তৰিত কৰা হৈছে|
দেবুই সকলোকে নিৰ্দেশ দিছে ৩১ মাৰ্চৰ আগত খালি কৰিব লাগে| ছেগ বুজি দিব্য প্ৰাজ্ঞলে সুধিলে- "চাৰ, লেবটো খালি কৰি কি কৰিব?"
এইটো লেব ব’ম্ব দি উৰুৱাই দিম| না ৰহেগা বাচ, না বজেগি বাচুৰি| ইঞ্চুৰেঞ্চৰ টকাৰে আকৌ নতুন প্ৰজেক্ট আৰম্ভ কৰিম|- দেবু ডনে গহীনভাৱে উত্তৰ দিলে|
দেবু ডনৰ উত্তৰ পাই দিব্য প্ৰাঞ্জলে ভাবিলে "ডন পক্কা মাৰোৱাৰী আছে|"
* * * * * *
আস্তানা এয়াৰ পৰ্টৰ পৰা বিমান খন উৰিছে । মনজিত আৰু কুলদ্বীপ ৰ পৰৱৰ্তী
লক্ষ্যস্হান বেইজিং। মনজিতৰ সোঁহাতৰ বিষটোৱে আমনি কৰিছে । কষ্ট কৰি চকুকেইটা মুদি
আছে । আছলতে সকলোখিনি ইমান অতৰ্কিতেই হৈছিল কোনেও একো সুযোগেই পোৱা নাছিল । পল্লৱী
সঠিক সময়ত নহা হ'লে !!!!
এইবোৰ কাম বৰ ৰিস্কি । প্ৰায় ছয় বছৰ ধৰি মনজিত সিন্ধান্ত মংগলৰ লগৰ সোঁহাত
হিচাপে আছে । কেইবাবাৰো নিশ্চিত মৃত্যু মুখৰ পৰা বাছি আহিছে । বৰ্তমান মৃত্যুৰ ভয়
আতৰিছে । কিন্ত !!!ইয়াৰ পিছতো ! আৰু ভাবিব নোৱাৰিলে ।
কুলদ্বীপে অন্য এটা চিন্তাত আছিল । নেক্সট ক্লু !পৰৱৰ্তী মিছনৰ একো নিৰ্দেশনা
নাই । গতিকে !!সিদ্দান্তৰ মেছেজ মতে ফ্লাইটততেই আছে ক্লু টো আৰু ক্লুটো বিচাৰি
পালেই পৰৱৰ্তী মিছনৰ এটা খোজ আগবাঢ়ি যাব ।
তেনেহলে ???
* * * * * *
গুৰগাৱৰ ৰাজপথত সিদ্দান্ত মংগলৰ বি. এম. ডব্লিউ। আজি শনিবাৰ। মংগল মানুহজন
মহান। তেখেতে প্ৰায়ে এইখন বাৰলৈ আহে। তেখেত প্লেটিনাম মেম্বাৰ। শনিবাৰে
সাধাৰণতে ভিৰ থাকে উইকেণ্ডৰ বাবে।
তম্মা তম্মা লোগে…
বাৰখনত উচ্চস্বৰত বাজি আছিল । পোনে পোনে গৈ বহিল এটা নিৰ্দিষ্ট চুকত যিটো অংশত
তেখেতে প্ৰায়েই নবহে ।লাইটৰ ক্ষীণ পোহৰ । তেখেতে এইখন বাৰত অহাৰ কাৰণ এটা ।
প্ৰত্যেক শনিবাৰে এইখন বাৰলৈ অন্য এজন ব্যক্তি। এলবাৰ্ট ।
প্ৰায় ৯ বজাত এলবাৰ্ট উপস্থিত হয় । এলবাৰ্ট হাৱালাৰ সৈতে জড়িত। সিদ্দান্তৰ
বহু টকাৰ লেনদেন এলবাৰ্টেই কৰে । মানুহজন একেবাৰে বেপেৰোৱা । জীৱনত দুটাই চখ -সুৰা
আৰু মাইকেল জেকছনৰ গান।
বিবাহিত - কিন্ত পত্নীৰ সৈতে মনোমালিন্যৰ বাবে দুয়ো পৃথকে থাকে ।
এলবাৰ্ট থিক ৮:৪৫ ত ক্লাব নাইন বাৰত উপস্হিত হল। পিন্ধনত এটা কাউবয় হেট আৰু
হাল্ফ জেকেট । নীলা জীনছটোৰ ৰং কিছু বিদিৰ্ণ হৈছে।
চুলিবোৰো দীঘল। কেইবাসপ্তাহো শ্বেভ নকৰা দাড়ি।
আগলৈ...
No comments:
Post a Comment