কাজাখাস্তান| শ্বেৰিয়ট টাৱাৰ| সময় দুপৰিয়া ১:৩৪ মিনিট| চহৰখন উষ্ণ কাৰণে ইয়ালৈ নতুনকৈ অহা মানুহ দুজনে অস্বস্তিত ভুগিছে| কিন্ত উপায় নাই|
বছৰ কথা
মানিবই লাগিব| এইটো ডিল কৰি দিয়াৰ বাবদ
তেওঁলোকে ২০ মিলিয়ন ডলাৰ পাব|
কুলদ্বীপৰ হাতত থকা ডিজিটেল ঘড়ীটোৰ ডিছপ্লেখনত জিলিকি উঠিল Debu Don Calling...
বছৰ ফোন| ইহঁতে ডিল কৰোতে বহুত দেৰি
কৰিছে| কি বুলি কওঁ?
ডিল ইজ ইন প্ৰগ্ৰেছ বুলি কোৱা| - মনজিতে অস্বস্তিৰে
কুলদ্বীপৰ প্ৰশ্নৰ উত্তৰ দিলে|
কুলদ্বীপ আৰু মনজিৎ দুয়ো বিখ্যাত হেয়াৰ ষ্টাইলিষ্ট সিদ্ধান্ত মংগল আৰু দেবু
ডনৰ বিশ্বাসৰ পাত্ৰ| তেওঁলোকৰেই ডিল এটাৰ কামত দুয়োকে কাজাখাস্তানলৈ পঠিয়াইছে|
মিনি স্কাৰ্ট পৰিহিতা ষোড়শী দুগৰাকীয়ে দুয়োকে আন এটা ৰুমলৈ লৈ যায়| অত্যাধুনিক প্ৰযুক্তিৰে সুসজ্জিত ঘৰটোৰ কাৰুকাৰ্য্য
চাবলগীয়া| দুয়ো দলিচাখনৰ ওপৰেৰে ৰুমটোত
প্ৰৱেশ কৰে| লেজাৰ মাৰ্কিং চিষ্টেমৰ
জৰিয়তে দুয়োৰে অলক্ষিতে তেওঁলোকৰ জোতাৰ তলিত দুটা নম্বৰ অংকিত হয়|
কুলদীপৰ ঘড়ীত সময় 02:10:51
“নো নো নো উই ৱিল পে ছেভেণ্টি
মিলিয়ন ডলাৰছ”- ডিভৰ্স্কি নামৰ গহীন মানুহজন
কিছু উত্তেজিত হৈ উঠিল|
মনজিত: কিন্ত ডিল ২২০ মিলিয়নৰ আছিল|
এতিয়া
৭০ মিলিয়ন দিলে কেনেকৈ হ’ব? দিছ ইজ বুলশ্বিট|
“দিছ ইজ মাই প্লেছ এণ্ড ইউ উইল
ডু হোৱাট আই চে" ডিভৰ্স্কিয়ে 9MMটো মনজিতৰ কপালত
হেঁচি ধৰে|
চ্ছিল মেন! তোমাৰ ইয়াত আহিলো বুলিয়ে তোমাৰ কথা নামানো|- সকলোবোৰ নীৰৱে চাই থকা কুলদ্বীপে এইবাৰ মাত দিলে|
জাষ্ট শ্বাট আপ! বয়জ... ডিভৰ্স্কিৰ সংকেট পোৱাৰ লগে লগে ছজন চিকিউৰিটয়ে
কুলদীপ-মনজিতলৈ বন্দুক টোঁৱালে|
হাঃ হাঃ হাঃ হাঃ -কুলদ্বীপৰ অট্টহাস্যত তেওঁলোক কিছু শংকিত হ’ল|
তুমি কি বুলি ভাবিছা? আমি ইয়াত তোমাৰ কথা
মতেই কম টকাত ডিল কৰি যাম? ডিভৰ্স্কি, তোমাৰ পিষ্টলত গুলি নাই| যদি বিশ্বাস নহয় মোক গুলিয়াই চোৱা|
কুলদীপৰ কথাত সচকিত হৈ ডিভৰ্স্কিয়ে পিষ্টলৰ ট্ৰিগাৰত হেঁচা দিলে|
আগলৈ....
(সিদ্ধান্ত-দেবুৰ উইগ প্ৰজেক্ট
ফেইচবুকৰ জনপ্ৰিয় গোট গাজাৰী ডট কমত Kuldeep
Kashyapৰ সহযোগত লিখা থ্ৰিলাৰ ধৰ্মী লেখা |
গাজাৰী
ডট কম গোটৰ লিংক- http://www.google.com/url?q=http%3A%2F%2Fwww.facebook.com%2Fgroups%2Fgajaridotcom%2F&sa=D&sntz=1&usg=AFQjCNERLwam-VAD5QrlSjHV2U5f1Y1X2w)
No comments:
Post a Comment