উজান বজাৰ| কৰুণাময় এপাৰ্টমেণ্ট| C Block, থাৰ্ড ফ্লৰ|
পখিলাৰ ভুকনিত অতীষ্ঠ হৈ সৌগতে নিউজ পেপাৰ এখনেৰে তাইক মাৰিবলৈ খেদি যায়| পখিলাইচোন বিল্ডিঙৰ তল ফালে চাই ভুকিব ধৰিছে| তেওঁ ভালকৈ নিৰিক্ষণ কৰি দেখিলে তলৰ আম গছ ডালৰ পৰা সাপ
এডাল বিল্ডিঙলৈ বগাবলৈ চেষ্টা কৰি আছে|
তেওঁ
লগে লগে ম’বাইলটো উলিয়াই নৱজিত বৰ্মণক
ফোন কৰিলে| তেওঁ সাপ স্পেচিলিষ্ট| বৰ্তমানলৈ ৯৯ডাল সাপ ধৰি থৈছে| আজি এইডাল ধৰিলে চেঞ্চুৰী হ’ব|
সাপ ওলোৱা কথাটোত এপাৰ্টমেণ্টত অকণমান হৈ চৈ হ’ল| মানুহবোৰে নৱজিতলৈ উত্কণ্ঠাৰে
ৰৈ থকাৰ এঘণ্টামান পিছত তেওঁ আহি সাপদাল ধৰি লৈই গ’ল| মানুহবোৰ ব্যস্ত হৈ থকাৰ
সুযোগতে এচিষ্টেণ্ট ধ্ৰুৱই চাদৰ ওপৰলৈ গ’ল| পানী টেংকিটোৰ কাষত এক বিশেষ ট্ৰাঞ্চমিটাৰ লগাই থৈ আহিল|
* * * * * *
মনজিতৰ বাহুত গুলীটোৱে সামান্যভাবে চুই গৈছিল যদিও আঘাতৰ পৰা তেজ বন্ধ হোৱা
নাছিল। কুলদ্বীপ কিছু চিন্তিত হ'ল। পিলাৰ টোৰ আঁৰততেই
দুয়োজনে লুকাই আছিল।
অন্য এখন গাড়ী আছে ৫০০ মিটাৰ দুৰত। কিন্তু সেইখনলৈ দৌৰি যোৱা মানে শত্ৰুপক্ষৰ
গুলিবৰ্ষণৰ সন্মুখীন হোৱা| সেইটো অসম্ভৱ| তেনেতে যিটো দৃশ্য দেখিলে কুলদ্বীপ চমকি উঠিল।
যিখন গাড়ীলৈ কুলদ্বীপে লক্ষ্য কৰি আছিল সেইখনলৈ এটা ৰকেট নিক্ষেপ কৰিবলৈ সাজু
হৈছে মাফিয়া গেংৰ এজন।
ঠিক তেনেতে ---
থিচিউ - এটা শব্দ শুনা গ'ল। ৰকেট লান্সাৰ সাজু
কৰাজন ঠাইতেই বাগৰি গ'ল| অন্য দুজনেও পলাবলৈ কোনো সুযোগেই নাপালে।
এইবাৰ আকৌ কোন আহিল??? মনজিতে ভোৰভোৰালে।
দুয়োজনে দেখিলে এজনী এঞ্জেলিনা জ'লী ৰ দৰে ছোৱালী হাতত
গান লৈ থিয় হৈ আছে ।
-কুলদ্বীপ, মনজিত হাৰী আপ !
দুয়োটাই দৌৰি আহিল| গাড়ীত বহিল।
-তুমি… মানে আপুনি ???
-মই গাজাৰীৰ চিক্ৰেট এজেন্ট 0012 আপোনালোক বিপদত পৰা বুলি সিদ্ধান্ত মংগল ছাৰে
জনালে। সেইকাৰণেই মই তৎক্ষণাত উপস্হিত হৈছো|
-হয়। মংগল ছাৰ মহান। তেখেতৰ বাবেই আমি ৰক্ষা পৰিলো।
-আপোনালোক এতিয়া এয়াৰপৰ্টলৈ নিৰাপদ।
মনজিতে বেণ্ডেজেৰে তেজ নিগৰি থকা অংশতো মেৰাই ল'লে। লগতে সলনি কৰিলে পোছাক যোৰো।
* * * * * * *
আজি শনিবাৰ। সিন্ধান্ত মংগলে অফিছৰ পৰা ওলাল। পাৰ্কিংত গাড়ীৰ ভিতৰত বহি
কাৰোবাক ফোন কৰিলে।
ৱাকিং ষ্ট্ৰীট। গুৰুগ্ৰামৰ (পূৰ্বৰ গুৰগাও) চেক্টৰ-২৯ ত অৱস্থিত এখন বাৰ।
প্ৰতি শনিবাৰে এই বাৰখনলৈ আগমন ঘটে সিদ্ধান্ত মংগলৰ।
আজিও এতিয়া লক্ষ্যস্হান এইখন বাৰলৈ। জগজিৎ সিংৰ গজলৰ সুৰত মগন হৈ গাড়ী চলাইছে
ড্ৰাইভাৰজনে। কিন্তু যেন ষষ্ঠ ইন্দ্ৰিয়ই যেন এক বিপদৰ সংকেত দিলে।
আগলৈ...
No comments:
Post a Comment